নতুন দিল্লী
বিহাৰৰ মৰিয়াম ফাতিমাই ৰাজ্যৰ প্ৰথমগৰাকী মহিলা FIDE মাষ্টাৰ (WFM) হিচাপে এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১৯ বছৰ বয়সতে এতিয়া তেওঁৰ FIDE ৰেটিং হৈছে ২০৮৩। FIDE মাষ্টাৰ (FM) হ’বলৈ এজন খেলুৱৈয়ে FIDE Elo ৰেটিং ২৩০০ বা তাতকৈ অধিক লাভ কৰিব লাগিব আৰু কমেও ৩০ টা অফিচিয়েল FIDE ৰেটিংযুক্ত গেম খেলিব লাগিব। বিহাৰৰ মুজাফ্ফৰপুৰৰ প্ৰতিভাৱান দবা খেলুৱৈ মৰিয়ামে দবা খেলত কেইবাটাও প্ৰশংসা লাভ কৰিছে।
এই সাফল্যৰ বাবে বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান ৰবীন্দ্ৰ শংকৰনে তেওঁক অভিনন্দন জনায়। বিহাৰৰ পৰা অহা মৰিয়াম ফাতিমা হৈছে প্ৰথমগৰাকী মহিলা ফিডে মাষ্টাৰ।
মুজাফ্ফৰপুৰৰ ছেইণ্ট জেভিয়াৰ কিণ্ডাৰগাৰ্টেনত তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়তে মৰিয়ামে দবা যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ নিজৰ সমনীয়াসকলক স্কুলত দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখি নিজেও খেলিব বিচাৰিছিল। দেউতাকে তেওঁক ২০০ টকা দিছিল প্ৰতিযোগিতাখনৰ প্ৰৱেশ মাচুল দিবলৈ।
দবাৰ প্ৰতি বিশেষ আকৰ্ষণ থকা পিতৃ ইমতায়াজ আহমেদে কন্যাৰ বাবে দবা বৰ্ড কিনি আনিছিল। মৰিয়ামৰ প্ৰাৰম্ভিক প্ৰশিক্ষক আছিল তেওঁৰ স্কুলৰ প্ৰশিক্ষক। স্কুলৰ প্ৰশিক্ষকৰ তত্ত্বাৱধানত তেওঁ এটা ইভেণ্টত অংশগ্ৰহণ কৰি তৃতীয় স্থান দখল কৰিছিল। প্ৰথম বিজয়ৰ পিছত স্কুলৰ প্ৰশিক্ষক মিষ্টাৰ আভাছে দেউতাকক কন্যাৰ প্ৰতিভাৰ বিষয়ে উল্লেখ কৰে আৰু মৰিয়ম ফাতিমা এগৰাকী মেধাৱী দবা খেলুৱৈ বুলি কৈছিল।
দুবছৰ ধৰি প্ৰতি দেওবাৰে পুৱা মৰিয়ামৰ দেউতাকে কোচিঙৰ বাবে মৰিয়মক পাটনালৈ লৈ গৈছিল। তাত প্ৰশিক্ষক মিনহাজুল হুডাই মৰিয়মক কঠোৰ প্ৰশিক্ষণ দিছিল। এইদৰে মৰিয়ামে দবাৰ উন্নতিৰ দিশত দ্ৰুত অগ্ৰগতি লাভ কৰিছিল। ৭ বছৰ অনুৰ্ধ, ৯ বছৰ অনুৰ্ধ, ১৭ বছৰ অনুৰ্ধ, আৰু ১৯ বছৰ অনুৰ্ধৰ বহু ৰাজ্যিক চেম্পিয়নশ্বিপত খিতাপ লাভ কৰাৰ লগতে বহু ৰেটিংপ্ৰাপ্ত খেলুৱৈক পৰাস্ত কৰে।
পিতৃৰ সৈতে মৰিয়াম
মৰিয়ামৰ খেলৰ প্ৰশিক্ষণ অব্যাহত ৰখাৰ বাবে তেওঁৰ দেউতাকে বহুত ত্যাগ কৰিছিল। ক'ভিড লকডাউনৰ সময়ত তেওঁ কন্যাক ঘৰত অনুশীলন কৰিবলৈ প্ৰায় ৫০খন দবাৰ কিতাপ আনি দিছিল। উল্লেখ্য যে, বিহাৰৰ দক্ষ দবা খেলুৱৈ কুমাৰ গৌৰৱে যথেষ্ট বছৰ ধৰি মৰিয়ামক প্ৰশিক্ষণ দিছিল। মৰিয়াম আৰু তেওঁৰ দেউতাকে কুমাৰ গৌৰৱক এখন টুৰ্ণামেণ্টত লগ পাইছিল, আৰু তেওঁৰ বিষয়ে জানিব পাৰি দেউতাকে মৰিয়ামক প্ৰশিক্ষণ দিবলৈ জোৰ দিছিল। কুমাৰ গৌৰৱ আগতে তেওঁলোকৰ ঘৰৰ পৰা ৩–৪ কিলোমিটাৰ দূৰত্বত বাস কৰিছিল, গতিকে মহামাৰী আৰম্ভ হোৱাৰ আগতে প্ৰায় ৩–৪ বছৰ মৰিয়ামক ঘৰতে প্ৰশিক্ষণ দিছিল।