হোবাৰ্টত ৱাশ্বিংটনৰ দুৰ্দান্ত বেটিং; জয়েৰে শৃংখলাত সমতা স্থাপন ভাৰতৰ

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলা বিশ্বকাপৰ ফাইনেলত আজি অৱতীৰ্ণ হৈছে ভাৰত। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলক বিশ্বকাপ খিতাপ তুলি লোৱা চাবলৈ উদগ্ৰীৱ হৈ আছে সকলো। প্ৰত্যাশিত এই ক্ষণৰ পূৰ্বে অনুৰাগীক আন এক সুখকৰ ক্ষণৰ সোৱাদ দিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলে।
 
অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত আজি এক সহজ জয়ৰ সোৱাদ পাইছে ভাৰতে। মেলবৰ্ণত পৰাজয়ৰ পিছত আজি হোবাৰ্টত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই ভাৰতীয় দলে ৫ উইকেটত জয়লাভ কৰি  শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে। দলৰ এই জয়ত উজ্বলি উঠে শৃংখলাত প্ৰথমবাৰৰ বাবে সুযোগ পোৱা অৰ্শদীপ সিং আৰু ৱাশ্বিংটন সুন্দৰ।
 
মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় সূৰ্যকুমাৰ যাদৱে। সূৰ্যৰ এই সিদ্ধান্তক প্ৰথম অভাৰতে সঠিক প্ৰমাণিত কৰে অৰ্শদীপে। অভাৰৰ চতুৰ্থ বলতে অৰ্শদীপে বিদায় দিয়ে ট্ৰেভিচ হেডক। কিছুসময় পিছত ইংলিছো চিকাৰ হয় পেচাৰগৰাকীৰ। ইয়াৰ পিছত মাৰ্শ্ব আৰু টিম ডেভিডে ইনিংছ আগুৱাই নিয়ে যদিও বৰুণ চক্ৰৱৰ্তীয়ে মাৰ্শ্বক বিদায় দি এই যুটি ভংগ কৰে।
 
ইয়াৰ পিছতো অৱশ্যে আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখে ডেভিডে। বিস্ফোৰক বেটিঙেৰে ডেভিডে মাত্ৰ ৩৮টা বলত ৮ টা চাৰি আৰু ৫টা ছয়েৰে সৰ্বাধিক ৭৪ ৰান সংগ্ৰহ কৰে। তেওঁক যোগ্য সহযোগিতা আগবঢ়াই ষ্ট’ইনিছে কৰে ৩৯ টা বলত ৬৪ ৰান। শ্বৰ্টৰ বেটৰ পৰাও আহে ১৫ টা বলত ২৬ ৰান। এইদৰে অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ৬ উইকেটত ১৮৬ ৰান।
 
ভাৰতৰ হৈ অৰ্শদীপে ৫ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে। বৰুণে দুটা আৰু ডুবেই এটাকৈ উইকেট লাভ কৰে। ইফালে জয়ৰ বাবে ১৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ১৮.৩ অভাৰত ৫ উইকেট হেৰুৱাই লক্ষ্য অতিক্ৰম কৰে। অপেনাৰদ্বয় অভিষেক আৰু গিলে ক্ৰমে ২৫ আৰু ১৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে সূৰ্যই ২৪, তিলকে ২৯, অক্ষৰে ১৭ ৰানৰ অৱদান আগবঢ়ায়।
 
ইয়াৰ পিছত আৰু ৱাশ্বিংটন সুন্দৰ, জিতেশ শৰ্মাই দলৰ কোনো হানি ঘটিবলৈ নিদিলে। সুন্দৰে মাত্ৰ ২৩ টা বলত ৩টা চাৰি আৰু ৪ টা ছয়েৰে ৪৯ ৰান আৰু জিতেশে ১৩ টা বলত ২৩ ৰান কৰি অপৰাজিত হৈ ৰয়। দৰ্শনীয় স্পেলৰ বাবে অৰ্শদীপ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। এই জয়েৰে শৃংখলাত সমতা স্থাপন কৰিছে ভাৰতে। এতিয়া অহা ৬ আৰু ৮ নৱেম্বৰত শৃংখলাৰ পৰৱৰ্তী দুখন মেচ অনুষ্ঠিত হ’ব।