স্বৰ্ণিল ইতিহাসৰ সূচনা ভাৰতীয় মহিলা ক্রিকেট দলৰ

Story by  atv | Posted by  [email protected] • 8 h ago
স্বৰ্ণিল ইতিহাসৰ সূচনা ভাৰতীয় মহিলা ক্রিকেট দলৰ
স্বৰ্ণিল ইতিহাসৰ সূচনা ভাৰতীয় মহিলা ক্রিকেট দলৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
ভাৰতীয় মহিলা ক্ৰিকেট দলে ২০২৫ চনৰ বিশ্বকাপ জয় কৰি সমগ্ৰ দেশলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে। এই ঐতিহাসিক কৃতিত্বই অভিনন্দন আৰু বঁটাৰ ঢৌৰ সৃষ্টি কৰিছে। বিচিচিআইয়ে বিজয়ী দলটোক ৫৫ কোটিৰ নগদ পুৰস্কাৰ ঘোষণা কৰাৰ বিপৰীতে অন্যান্য বিভাগ, সংগঠন, আৰু ব্যক্তিগত শুভাকাংক্ষীসকলেও দলটোক সন্মান জনোৱাত ক্ষীপ্ৰতা দেখুৱাইছে।
 
১৯৮৩ চনত কপিল দেৱ নেতৃত্বাধীন ভাৰতীয় দলে পোনপ্ৰথমবাৰৰ বাবে ৰোপন কৰা এই ঐতিহাসিক বীজ পুনৰ অংকুৰিত হৈছিল ২০১১ চনত। মহেন্দ্ৰ সিং নেতৃত্বাধীন ভাৰতীয় দলে মুম্বাইৰ বুকুত দ্বিতীয়বাৰৰ বাবে তুলি লৈছিল বিশ্বকাপৰ ট্ৰফী। আজি মুম্বাইৰ বুকুতে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথম আৰু ভাৰতীয় ক্ৰিকেট ইতিহাসত তৃতীয়টো এদিনীয়া বিশ্বকাপ জয়ৰ গৌৰৱ অৰ্জন কৰে।
 
ভাৰতীয় মহিলা দলৰ এই কৃতিত্বক সমগ্ৰ দেশতে উদযাপন কৰা হৈছে। কিংবদন্তি পুৰুষ খেলুৱৈ, ৰাজনীতিবিদ, চলচ্চিত্ৰ তাৰকা সকলোৱে দলটোক অভিনন্দন জনোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে। ছ’চিয়েল মিডিয়াত এই অভিনন্দন জ্ঞাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বলীউডৰ বহু তাৰকাই দলটোৰ এই জয়ত আনন্দ প্ৰকাশ কৰি ইয়াক ঐতিহাসিক আখ্যা দিছে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫২ ৰানৰ ব্যৱধানত প্ৰথমটো বিশ্বকাপ জয় কৰাৰ বাবে অভিনন্দন জনায়। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কয় যে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ত ভাৰতীয় দলৰ সুন্দৰ জয়। ফাইনেলত ভাৰতীয় দলটোৰ প্ৰদৰ্শন  দক্ষতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় , ‘সমগ্ৰ প্ৰতিযোগিতাখনতে দলটোৱে ব্যতিক্ৰমী দলীয় কাম-কাজ আৰু অধ্যৱসায় প্ৰদৰ্শন কৰিছিল। আমাৰ খেলুৱৈসকললৈ অভিনন্দন। এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়ন খেলুৱৈসকলক ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।’
 
ৰনদীপ হুডাই টুইট কৰি কয়, "ইতিহাস সৃষ্টি কৰা হৈছে! টিম ইণ্ডিয়া প্ৰথমবাৰৰ বাবে আইচিচি মহিলা বিশ্বকাপৰ চেম্পিয়ন হৈছে! এই সোণালী ভাৰতীয় জীয়ৰীয়ে আমাক গৌৰাম্বিত কৰিলে। আজি প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে।" তেওঁৰ এই বাৰ্তাই সকলো ক্ৰিকেট প্ৰেমীৰে হৃদয় চুই গৈছে।
একেদৰে ৰিতেশ দেশমুখেও দলটোক অভিনন্দন জনাই লিখিছে, "এই ঐতিহাসিক জয়ৰ বাবে বহুত অভিনন্দন। এইটো এটা গৌৰৱৰ মুহূৰ্ত। #Champions #WomensWorldCup2025।" তেওঁৰ এই বাৰ্তাই স্পষ্টকৈ প্ৰকাশ কৰিছে যে বলীউডৰ প্ৰতিজন সদস্যই এই ঐতিহাসিক জয়ৰ বাবে গৌৰৱ অনুভৱ কৰিছে।
শেখৰ কাপুৰে টুইট কৰি কয়, "ভাৰতীয় মহিলাসকলে নিজৰ শক্তি, গ্ৰিট, আৰু জাতীয় গৌৰৱ প্ৰমাণ কৰিবলৈ কিমানবাৰ সংগ্ৰাম কৰিবলগীয়া হয়? তথাপিও তেওঁলোকে নিজৰ মৰ্যাদা, সন্মান, আৰু অধিকাৰৰ বাবে যুঁজিবলগীয়া হয়। #WomenInBlue #WomensWorldCup2025।" তেওঁৰ কথাত ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা স্পষ্টকৈ প্ৰতিফলিত হৈছে।
অনুপম খেৰেও নিজৰ আৱেগ প্ৰকাশ কৰি কয়, "আমাৰ ছোৱালীবোৰ ল'ৰাতকৈ কম নহয়! ভাৰত মাতা কি জয়! #WomensWorldCup2025 #India." তেওঁৰ এই বাৰ্তাই দেশবাসীক যুৱতীসকলক এক উৎসাহ প্ৰদান কৰিব।
তাৰকা খেলুৱৈ ঝুলন গোস্বামীয়েও নিজৰ সুখ প্ৰকাশ কৰি টুইট কৰি কয়, "এয়া মোৰ সপোন আছিল, আৰু আমাৰ যুৱতীসকলে ইয়াক বাস্তৱত পৰিণত কৰিলে। চেফালি বৰ্মাৰ ৮৭ ৰান আৰু দুটা ডাঙৰ উইকেট, দীপ্তি শৰ্মাৰ অৰ্ধ শতক আৰু চমৎকাৰ বলিং... দুয়োজনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। বিশ্বকাপ এতিয়া আমাৰ!"
উল্লেখযোগ্য যে, শুকুৰবাৰে ফাইনেলত টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা অ’লভাৰ্ডে প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। সেই অনুসাৰে ভাৰতীয় দলে প্ৰথমে বেটিং কৰি এক শক্তিশালী আৰম্ভণি ঘটায়। দুই অপেনাৰ স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মাই প্ৰথম উইকেটত ১০৪ ৰানৰ যুটি বান্ধি এক সবল ভেটি গঢ়ি তোলে। অৱশ্যে অৰ্ধশতক বঞ্চিত হৈ স্মৃতিয়ে ৪৫ ৰান কৰি বিদায় লয়।
 
ইয়াৰ পিছত শ্বেফালী আৰু জেমিমাৰ মাজত যোগ হয় ৬২ ৰান। দলক এক আকাংক্ষিত আৰম্ভণি প্ৰদান কৰি শ্বেফালীয়ে ৭৮টা বলত ৮৭ ৰান সংগ্ৰহ কৰি ক্ৰীজ এৰে। ইয়াৰ পিছতে জেমিমাই ২৪ আৰু অধিনায়ক হৰমপ্ৰীত কৌৰেও ২০ ৰান সংগ্ৰহ কৰি সোনকালেই বিদায় লয়। ক্ৰীজত অধিক সময় নিটিকে অমজ্যোৎ কৌৰো (১২)।
 
অৱশ্যে দলৰ দুই অন্যতম প্ৰধান বেটিং শক্তি দিপ্তী শৰ্মা আৰু ৰিচা ঘোষে প্ৰটিয়াছ বলিং আক্ৰমণক প্ৰত্যাহ্বান জনাই খৰতকীয়াকৈ ৰান সংগ্ৰহ কৰি দলৰ ইনিংছ আগুৱাই নিয়ে। ৰিচাই ২৪টা বলত ৩৪ ৰান কৰি বিদায় লোৱাৰ পৰিৱৰ্তে দীপ্তিয়ে ৫৮ ৰান সংগ্ৰহ কৰি অন্তিম বলত ৰান আউট হয়। এইদৰে ভাৰতে থিয় কৰায় ২৯৮ ৰানৰ এক শক্তিশালী স্ক’ৰ।
 
ইফালে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱা দক্ষিণ আফ্ৰিকায়ো এই বৃহৎ লক্ষ্য অনুসৰণ কৰি সফল আৰম্ভণিয়েই ঘটাইছিল। এক দৰ্শনীয় ডাইৰেক্ট থ্ৰ’ৰে ৫ ৰানৰ স্ক’ৰত এই যুটি ভংগ কৰে অমনজ্যোতে। ব্যক্তিগত ২৩ ৰান কৰি ব্ৰিটছে বিদায় লোৱাৰ পিছতে পিছতে ৬২ ৰানৰ স্ক’ৰত দক্ষিণ আফ্ৰিকাই হেৰুৱায় দ্বিতীয়টো উইকেট। কোনো ৰান নকৰাকৈয়ে শ্ৰী চৰণীৰ হাতত বিদায় লয় বচে।

তৃতীয় উইকেটত অৱশ্যে লুচৰ সৈতে যুটি বান্ধি অধিনায়ক অ’লভাৰ্ডে দলৰ স্ক’ৰ আগুৱাই নিয়ে। কিন্তু শ্বেফালী বাৰ্মাই লুচক (২৫) বিদায় দি এই যুটি ভংগ কৰে। ইয়াৰ পিছতে শ্বেফালীৰ চিকাৰ হয় অভিজ্ঞ কেপ। বেছি সময় নিটিকিল জাফটাও (১৬)। অৱশ্যে ডাৰ্কছেনে অধিনায়ক অ’লভাৰ্ডক ইনিংছ আগুৱাই নিয়াত এক সঠিক সংগ দিছিল। কিন্তু দীপ্তিয়ে ডাৰ্কছেনক (৩৫) বিদায় দি মেচ পুনৰ ভাৰতৰ পক্ষলৈ আনে।
 
এফালে সঘন উইকেট পতনৰ পিছতো ক্ৰীজৰ থিয় দি যুঁজ অব্যাহত ৰাখে অধিনায়ক ল’ৰা অ’লভাৰ্ডে। অধিনায়কোচিত বেটিঙেৰে তেওঁ সম্পূৰ্ণ কৰে শতক। অৱশ্যে শতকৰ কিছু সময় পিছতে দীপ্তিয়ে ল’ৰাক (১০১) বিদায় দি ভাৰতৰ জয়ৰ সম্ভাৱনা উজ্জল কৰি তোলে। তাৰ পিছত আৰু ভাৰতীয় দলে বিজয়ৰ বাবে বিশেষ শ্ৰম কৰিবলগা নহ’ল।

প্ৰটিয়াছ ইনিংছত দীপ্তিয়ে স্পীন ঘূৰ্ণী তুলি ৫ উইকেট দখলেৰে ভাৰতীয় দলক দিয়ে বিশ্ব জয়ৰ অসামান্য সুখানুভূতি। এই সুখানুভূতিৰে আজি সমগ্ৰ দেশত উঠিছে আনন্দৰ লহৰ। ফাইনেলত দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনেৰে জয়ৰ অন্যতম নায়িকা হৈ পৰা শ্বেফালী মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। আনহাতে দীপ্তি শৰ্মাই লাভ কৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।
 
এই ঐতিহাসিক জয়ত প্ৰতিজন খেলুৱৈৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা প্ৰতিফলিত হৈছিল। চেফালি বৰ্মা আৰু দীপ্তি শৰ্মাৰ দৰে যুৱ তাৰকাই নিজৰ এথলেটিকছৰ দ্বাৰা বিশ্বৰ চকু কপালত তুলিলে। তেওঁলোকৰ বলিং, বেটিং, ফিল্ডিঙে দলটোক জয়ী কৰাত সহায় কৰিছিল। এয়া কেৱল ক্ৰীড়াৰ জয় নহয়, ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।
 
এই বিজয়ে ক্ৰিকেটত ভাৰতীয় মহিলাৰ প্ৰতি সম সুযোগ আৰু সন্মানৰ দিশতো এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু আত্মবিশ্বাসৰ দ্বাৰা কোনো লক্ষ্য অসম্ভৱ নহয়। সমগ্ৰ দেশৰ নাগৰিক, ক্ৰিকেট অনুৰাগী, চলচ্চিত্ৰ তাৰকাসকলে দলটোৰ এই কৃতিত্বক লৈ গৌৰৱ অনুভৱ কৰিছে।
 
মুঠতে ২০২৫ চনৰ বিশ্বকাপত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয় কেৱল ক্ৰীড়াৰ ক্ষেত্ৰত ঐতিহাসিক নহয়, দেশৰ প্ৰতি মহিলাসকলৰ সম্ভাৱনা, নিষ্ঠা, অৱদানৰ ওপৰতো আলোকপাত কৰে। এই বিজয় আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিব।