বিশ্বকৰ্মা পূজা দিনা দিব্যাংজনৰ সাফল্যক সম্বৰ্ধনা জনাই অসমৰ জ্যপালৰ ‘বিশ্বকৰ্মা সন্মান’

Story by  atv | Posted by   Imtiaz Ahmed • 2 h ago
বঁটাপ্ৰাপকসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু বিশিষ্ট ব্যক্তিসকল
বঁটাপ্ৰাপকসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু বিশিষ্ট ব্যক্তিসকল
গুৱাহাটী

বিশ্বকৰ্মা পূজা উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বুধবাৰে ছয় দিব্যাংজনক বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অনবদ্য অৱদানক স্বীকৃতি দি ‘ৰাজ্যপাল অসম বিশ্বকৰ্মা সন্মান’ প্ৰদান কৰে। ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইঙত অনুষ্ঠিত এই অনুষ্ঠান সমাজৰ সাৰ্বজনীন সৱলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।

ৰাজ্যপালগৰাকীয়ে সকলো বঁটাপ্ৰাপকলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোসীৰ জন্মদিনৰ লগত সংগতি ৰাখি দিনটোৰ সাংস্কৃতিক আৰু প্ৰতীকী তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সৰ্বাংগীন দৃষ্টিভংগীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে কয়, “আমি কাৰোবাৰ অভাৱৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয়; তেওঁলোকৰ অতুলনীয় সক্ষমতা চিনাক্ত কৰাহে প্ৰয়োজন।” তেওঁ জোৰ দি কয় যে এই দৰ্শনে ‘বিকলাংগ’ শব্দটোক ‘দিব্যাংজন’লৈ ৰূপান্তৰিত কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল, যিয়ে অক্ষমতাৰ প্ৰতি সমাজৰ ধাৰণাক পুনৰ গঢ় দিছিল।

মন কৰিবলগীয়া যে ৰাজ্যপাল অসম বিশ্বকৰ্মা সন্মান বঁটা প্ৰদান কৰা হৈছে নিজ নিজ ক্ষেত্ৰত উল্লেখযোগ্য সাহস, উদ্ভাৱন, আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰা ছয়জন দিব্যাংজানক। সেই অনুসৰি গোৱালপাৰাৰ মৌলিক ৰাভা নামৰ এজন দৃষ্টিহীন সংগীত শিক্ষকে তেওঁৰ সংগীত বিদ্যালয় 'সূৰ্য সংগীত'ৰ জৰিয়তে অসমীয়া সংগীত পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কলা-সংস্কৃতিৰ ক্ষেত্ৰখনত সন্মানিত হয়। সাহিত্য আৰু শিক্ষাৰ শাখাত এশ শতাংশ দৃষ্টিশক্তিহীন কাৰ্বি আংলঙৰ নিবেদিতা ঘোষে এগৰাকী প্ৰেৰণাদায়ক শিক্ষাবিদ আৰু প্ৰেৰণাদায়ক বক্তা হিচাপে কাম কৰাৰ বাবে স্বীকৃতি লাভ কৰে।

বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা আৰু পৰিবেশৰ ক্ষেত্ৰত বজালীৰ ধৰণী কলিতাই ট্ৰাইচাইকেলক বহু বিশেষভাৱে সক্ষম ব্যক্তি উপকৃত হুৱাকৈ বৈদ্যুতিকলৈ ৰূপান্তৰিত কৰাৰ উদ্ভাৱনীমূলক কামৰ বাবে সন্মানিত হয়। নগাঁৱৰ পেৰা চাইকেল আৰোহী ৰাকেশ বানিকে অসমৰ বানাক্ৰান্তৰ প্ৰতি সজাগতা আৰু সমৰ্থনৰ বাবে ২৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাকে ধৰি অক্লান্ত প্ৰচেষ্টাৰ বাবে সমাজসেৱা আৰু জনসংযোগ বিভাগৰ শাখাত এই বঁটা লাভ কৰে। কামৰূপ মেট্ৰ’ৰ অভিষেক গগৈয়ে বিশেষ অলিম্পিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত পদক লাভকে ধৰি পেৰা এথলীট হিচাপে অসাধাৰণ কৃতিত্বৰ বাবে ক্ৰীড়াৰ ক্ষেত্ৰত স্বীকৃতি লাভ কৰে। ৱেপাৰ, উদ্যোগ আৰু বাণিজ্য শাখাত যোৰহাটৰ আকনি বৰুৱাক পৰম্পৰাগত হস্তশিল্পৰ উদ্যোগীকৰণৰ বাবে বঁটা প্ৰদান কৰা হয়। তেওঁ স্থানীয় যুৱক-যুৱতীসকলৰ বাবেও কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

ৰাজ্যপালে বঁটাপ্ৰাপকসকলক “সমাজৰ প্ৰকৃত বিশ্বকৰ্মা” বুলি প্ৰশংসা কৰে, যাৰ জীৱনত স্থিতিস্থাপকতা, উদ্ভাৱন আৰু সমাজ সেৱা প্ৰতিফলিত হয়। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি দীনদয়াল প্ৰতিবন্ধী পুনৰ্বাসন আঁচনিৰ দৰে আঁচনিসমূহ -- যিবোৰৰ লক্ষ্য হৈছে বিশেষভাৱে সক্ষম নাগৰিকৰ পুনৰ্বাসন, আৰ্থিক সাহায্য, দক্ষতা বিকাশ -- ওপৰত আলোকপাত কৰে।

ৰাজ্যপালে এনে এখন সমাজৰ আহ্বান জনায় যিয়ে ব্যক্তিক তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ বাবে নহয়, বৰঞ্চ তেওঁলোকৰ অৱদান, চৰিত্ৰ আৰু সামৰ্থ্যৰ বাবে মূল্য দিয়ে। "আহক আমি এনে এখন ভাৰত গঢ়ি তোলোঁ য’ত কোনো পিছ পৰি নাথাকে, কোনো অৱহেলিত নহয়, প্ৰতিখন হাতক মৰ্যাদা দিয়া হয়।" - তেওঁ কয়।

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব পল্লৱ গোপাল ঝা; দক্ষতা বিকাশ পুনৰ্বাসন আৰু অক্ষমতাৰ সৈতে সৱলীকৰণৰ বাবে কম্পোজিট ৰিজিঅ’নেল চেণ্টাৰৰ সঞ্চালক প্ৰসন্ন কুমাৰ লেংকা; বিশেষভাৱে সক্ষম ব্যক্তিৰ আয়ুক্ত সুষমা হাজৰিকা; ৰাজ্যপালৰ অ’ এছ ডি অধ্যাপক বেচন লালৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি এই উপলক্ষে উপস্থিত থাকে।