হজৰত মহম্মদ আৰু হজৰত মুছাৰ কাৰ্টুন অংকনৰ বাবে তুৰস্কত প্ৰতিবাদ; ব্যংগ আলোচনী লেমেনৰ ৪ কৰ্মচাৰী গ্ৰেপ্তাৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ দ্য ভইচ / নতুন দিল্লী / ইস্তানবুল
 
তুৰস্কৰ ব্যংগ আলোচনী লেমেনে প্ৰকাশ কৰা এটা কাৰ্টুনে সমগ্ৰ দেশখনতে ব্যাপক ক্ষোভ আৰু প্ৰতিবাদৰ সৃষ্টি কৰিছে। আলোচনীখনত প্ৰকাশ কৰা কাৰ্টুনটোত দেখা গৈছে যে, বৰষুনৰ দৰে নিক্ষেপিত ক্ষেপণাস্ত্ৰৰ মাজত হজৰত মহম্মদ আৰু হজৰত মুছায়ে ইজনে সিজনৰ সৈতে হাত মিলাই আছে। যি কাৰ্টুনে ধৰ্মীয় আৱেগক আঘাত হনাৰ অভিযোগ উত্থাপন কৰি দেশখনত ব্যাপক প্ৰতিবাদৰ সুচনা হৈছে।    
 
এই বিতৰ্কিত ছবিখন প্ৰকাশ পোৱাৰ পিছত তুৰস্কৰ চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি লেমেনৰ ৪ জন জ্যেষ্ঠ কৰ্মচাৰী - কাৰ্টুনিষ্ট, গ্রাফিক ডিজাইনাৰ, মুখ্য সম্পাদক আৰু প্ৰতিষ্ঠানিক পৰিচালকক আটক কৰি ৰাখিছে।  
 
স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াই টুইটাৰত (পূৰ্বৰ টুইটাৰ) আৰক্ষীয়ে গ্ৰেপ্তাৰৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, "যি আমাৰ নবীসকলক অপমান কৰিব তেওঁলোকে সম্পূৰ্ণ আইনী শাস্তিৰ সন্মুখীন হ’ব লাগিব।" 
তেওঁলোকে ইয়াক 'ইছলাম'ফ'বিক ঘৃণনীয় অপৰাধ' বুলি অভিহিত কৰি কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল। বিতৰ্কিত কাৰ্টুনটোত দুটা স্পিচ-ববল চৰিত্ৰ দেখা গৈছে। য'ত এজনে কয়, 'ছালাম আলেইকুম, মই মহম্মদ', আনজনে উত্তৰ দিছে, 'আলেইকুম চালাম, মই মুছা'। দুয়োগৰাকীৰ কাৰ্টুনককে বোমা বিস্ফোৰণ ঘটা এখন চহৰৰ ওপৰত উৰি থকা দেখা গৈছে। সমালোচকসকলে কয় যে, এই প্ৰতিমূৰ্তিটোৱে দুয়োগৰাকীৰ পবিত্ৰতাক উপহাস কৰি যুদ্ধৰ ব্যংগ প্ৰতীকলৈ ৰূপান্তৰিত কৰিছে।   
 
ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানেও এই চিত্ৰকল্পক গৰিহণা দি ইয়াক “ঘৃণনীয় প্ৰৰোচনা” বুলি অভিহিত কৰি কয় যে ই ধৰ্মীয় সংবেদনশীলতাক আঘাত কৰে। কিন্তু লেমানৰ মুখ্য সম্পাদক টুনকাই আকগুনে এ এফ পিৰ সৈতে হোৱা এক বাৰ্তালাপত এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে কাৰ্টুনটোত নবীসকলক চিত্ৰিত কৰা হোৱা নাই, বৰঞ্চ শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত নিহত হোৱা কাল্পনিক চৰিত্ৰ "মহাম্মদ" নামৰ এজন সাধাৰণ নাগৰিককহে দেখুওৱা হৈছে।
 
ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰডোগানেও এই চিত্ৰকল্পক গৰিহণা দি ইয়াক এক “ঘৃণনীয় প্ৰৰোচনা” আৰু ধৰ্মীয় সংবেদনশীলতাক আঘাত  হনা বুলি অভিহিত কৰিছে। 
 
কিন্তু লেমেনৰ মুখ্য সম্পাদক টুনকাই আকগুনে এ এফ পিৰ সৈতে হোৱা এক বাৰ্তালাপৰ সময়তে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে, কাৰ্টুনখনত নবীক নহয়, বৰঞ্চ শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত নিহত হোৱা কাল্পনিক চৰিত্ৰ “মুহম্মদ” নামৰ এজন সাধাৰণ নাগৰিকক চিত্ৰিত কৰা হৈছে।  
 
তেওঁ কয়, পৃথিৱীৰ দুই কোটিতকৈও অধিক লোকৰ নাম মহম্মদ। এই কাৰ্টুনত কোনো নবীক চিত্ৰিত কৰা হোৱা নাই, বৰঞ্চ যুদ্ধত নিহত সাধাৰণ নাগৰিকৰ ট্ৰেজেডীৰ ওপৰত ব্যংগ ছবিহে। তেওঁ লগতে কয় যে, আমি কেতিয়াও ইচ্ছাকৃতভাৱে ধৰ্মীয় আৱেগক আঘাত নকৰো।
 
এই স্পষ্টীকৰণৰ পিছতো ছ'চিয়েল মিডিয়াত #lemandergisikapatilsin আৰু #lemankapatilsin আদি হেচটেগ ট্ৰেণ্ড কৰি আলোচনীখন বন্ধ কৰাৰ বাবে দাবী জনাইছে। আৰক্ষী নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ইস্তানবুলৰ লেমেনৰ কাৰ্যালয়ৰ বাহিৰত শ শ প্ৰতিবাদকাৰী সমবেত হৈ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে জলকামানৰ আশ্ৰয় ল’বলগীয়া হৈছিল।  
 
ইয়াৰ পূৰ্বেও তুৰস্কত ধৰ্মীয় ব্যক্তিৰ কেৰিকেচাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। দেশত মত প্ৰকাশৰ স্বাধীনতা আৰু ধৰ্মীয় বিশ্বাসৰ মাজত থকা দুৰ্বলতা বাৰে বাৰে চৰ্চালৈ আহিছে। এতিয়া লেমেনৰ বিৰুদ্ধে আৰম্ভ হোৱা আইনী প্ৰক্ৰিয়াটোক টুৰ্কিয়েত কলাত্মক স্বাধীনতা আৰু ঈশ্বৰ নিন্দা আইনৰ সীমা কিমানখিনি নিৰ্ধাৰণ কৰা হৈছে তাৰ পৰৱৰ্তী পৰীক্ষা বুলি বিবেচিত হৈছে। 
 
অনাগত মাহত এই বিষয়টো হয়তো দেশৰ ন্যায়িক আৰু সাংস্কৃতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থাকিব, য’ত এফালে মত প্ৰকাশৰ স্বাধীনতাৰ দাবী, আনফালে ধৰ্মীয় মূল্যবোধ ৰক্ষাৰ বাবে তীব্ৰ আহ্বান।