নতুন দিল্লী
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ সৈতে ফোনত কথা পাতি ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ স্থায়ী অৱস্থানক পুনৰায় উল্লেখ কৰিছে। পুতিনে তেওঁক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাম্প্ৰতিক শীৰ্ষ সন্মিলনৰ আলোচনাৰ বিষয়ে অৱগত কৰিছে।
শুকুৰবাৰে আলাস্কাত প্ৰায় তিনি ঘণ্টা ধৰি ট্ৰাম্প আৰু পুতিনৰ বৈঠক অনুষ্ঠিত হৈছিল, যদিও বহু প্ৰত্যাশিত এই বৈঠকখন যুদ্ধবিৰতি চুক্তি নোহোৱাকৈ শেষ হৈছিল।
পুটিনৰ সৈতে হোৱা ফোনৰ বাৰ্তালাপৰ পাছত মোদীয়ে সামাজিক মাধ্যমত লিখিছে, "মোৰ বন্ধু ৰাষ্ট্ৰপতি পুতিনক ধন্যবাদ জনালোঁ, তেওঁৰ ফোনৰ বাবে আৰু আলাস্কাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰাৰ বাবে। ভাৰত সদায়ে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত হোৱা সকলো প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে। আগলৈও আমাৰ একান্ত প্ৰচেষ্টাক অব্যাহত থাকিব বুলি মই আশা কৰোঁ।"
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) জনায় যে, পুতিনে ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ মূল্যায়ন আগবঢ়াইছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) জনায়, "পুতিনক ধন্যবাদ জনাই, প্ৰধানমন্ত্ৰীয়ে পুনৰায় ক’লে যে, সংঘাতৰ সমাধান কেৱল কূটনীতি আৰু আলোচনাৰ জৰিয়তে সম্ভৱ। ভাৰত এই ক্ষেত্ৰত সকলো প্ৰচেষ্টাক সমৰ্থন কৰে।"
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বহু বিষয়ো আলোচনা কৰিছিল, যাৰ লক্ষ্য আছিল ভাৰত–ৰাছিয়া বিশেষ আৰু বিশেষাধিকাৰযুক্ত কৌশলগত অংশীদাৰিত্বক আৰু শক্তিশালী কৰা। আলাস্কাত হোৱা শুকুৰবাৰৰ বৈঠকখন আছিল ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত আক্রমণ আৰম্ভ কৰাৰ পিছত প্ৰথম যুক্তৰাষ্ট্ৰ–ৰাছিয়া শীৰ্ষ সন্মিলন
শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্মিলনক আদৰণি জনাই ইউক্ৰেইনত শান্তি অনাৰ বাবে লোৱা পদক্ষেপৰ বাবে পুটিন আৰু ট্ৰাম্পক প্ৰশংসা কৰিছিল। মন্ত্ৰালয়ে কৈছিল যে, আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হোৱা শীৰ্ষ সন্মিলনৰ বৈঠকক ভাৰতে আদৰণি জনাইছে।
সংঘাত আৰম্ভ হোৱাৰ পৰাই ভাৰত সদায় কৈ আহিছে যে, ইউক্ৰেইন সমস্যাৰ সমাধান আলোচনা আৰু কূটনীতিৰ জৰিয়তে হওঁক। যোৱা বছৰ জুলাই মাহত মোদীয়ে মস্ক’ ভ্ৰমণৰ সময়ত পুতিনক কৈছিল, “ইউক্ৰেইন সংঘাতৰ সমাধান যুদ্ধক্ষেত্ৰত সম্ভৱ নহয় আৰু বোমা–গুলি চলি থকা অৱস্থাত শান্তি উদ্যোগ সফল নহয়।”
তাৰপাছত, আগষ্টত কীভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লি'দিমিৰ জেলেনস্কিকো মোদীয়ে কৈছিল, দুয়োখন দেশই সময় নষ্ট নকৰাকৈ একেলগে বহি যুদ্ধৰ অন্ত পেলাব লাগিব। সংঘাতৰ আৰম্ভণিৰ পৰা প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈ আহিছে —ভাৰত সদায়ে শান্তিৰ পক্ষত আছে।