চীনে শোধন কৰা ৰাছিয়াৰ তেল বিশ্বৰ বজাৰত বিক্ৰী কৰে: মাৰ্কো ৰুবিঅ’

Story by  atv | Posted by  Munni Begum • 13 h ago
আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’
আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’
 
নিউয়ৰ্ক / ৱাশ্বিংটন
 
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশখনৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰায় ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই কয় যে, চীনে ক্ৰয় কৰা ৰাছিয়াৰ তেল বেইজিঙে শোধন কৰি আছে আৰু তাৰ পিছত শোধিত তেল বিশ্বৰ বজাৰত বিক্ৰী কৰা হয়।
 
বাৰু যদি আপুনি চীনলৈ যোৱা তেলৰ দিশে লক্ষ্য কৰে দেখিব যে তাৰ বহুখিনি শোধন কৰা হৈছে। আৰি এই শোধন কৰাৰ পিছত পুনৰ ইউৰোপলৈ বিক্ৰী কৰা হৈছে৷ ইউৰোপেও প্ৰাকৃতিক গেছ ক্ৰয় কৰিছে। এনেদৰে তেওঁ  ইউৰোপে এতিয়াও ৰাছিয়াৰ তেল ক্ৰয় কৰি আছে নেকি সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিছিল।
 
ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰি থকাৰ বাবে ইউৰোপৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ কথা চিন্তা কৰা হৈছে নেকি সেই সম্পৰ্কে এক অনুসৰণমূলক প্ৰশ্নৰ উত্তৰত ৰুবিঅ’ই কয় যে, বাৰু ইউৰোপৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মই প্ৰত্যক্ষভাৱে নাজানো, স্পষ্টভাৱে কিন্তু নিশ্চিতভাৱে গৌণ নিষেধাজ্ঞাৰ প্ৰভাৱ আছে।
 
যদি আপুনি কোনো দেশৰ ওপৰত গৌণ নিষেধাজ্ঞা আৰোপ কৰে ধৰক আপুনি চীনক ৰাছিয়াৰ তেল বিক্ৰী কৰাৰ পিছত, চীনে মাত্ৰ সেই তেল শোধন কৰে। তাৰ পিছত সেই তেল বিশ্বৰ বজাৰত বিক্ৰী কৰা হয় আৰু যিকোনো ব্যক্তিয়ে সেই তেল কিনিলে ইয়াৰ বাবে অধিক ধন দিব বা যদি ইয়াৰ অস্তিত্ব নাথাকে তেন্তে ইয়াৰ বাবে বিকল্প উৎস বিচাৰিব লাগিব।