ভাৰতৰ সৈতে সম্পর্ক শক্তিশালী কৰাৰ বাবে ভাৰতলৈ আহিব চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী

Story by  atv | Posted by  Munni Begum • 3 h ago
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী
 
বেইজিং
 
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ ভাৰত ভ্ৰমণ আৰু ভাৰত-চীন সীমান্ত সম্পৰ্কীয় প্ৰশ্নৰ বাবে  অনুষ্ঠিত হ’বলগীয়া বিশেষ প্ৰতিনিধিসকলৰ ২৪তম পৰ্যায়ৰ বৈঠকক ভাৰতৰ সৈতে সম্পর্ক মজবুত কৰাৰ এটা সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ চীন আগ্ৰহী বুলি সোমবাৰে বেইজিংয়ে প্ৰকাশ কৰিছে।
 
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কয়, "ভাৰত-চীন দুয়োখন দেশৰ নেতৃবৰ্গৰ মাজত হোৱা গুৰুত্বপূর্ণ ঐক্যমত্য বাস্তৱায়ন কৰিবলৈ, উচ্চস্তৰৰ যোগাযোগৰ ধাৰা আগুৱাই নিয়াৰ বাবে, ৰাজনৈতিক আস্থা বৃদ্ধিৰ বাবে, কাৰ্যক্ষেত্ৰীয় সহকাৰিতা শক্তিশালী কৰাৰ বাবে, পাৰ্থক্যসমূহ সঠিকভাৱে ব্যৱস্থাপনা কৰাৰ বাবে আৰু দুয়োখন দেশৰ সম্পর্কক বহনক্ষম, সুস্থ আৰু সুস্থিৰভাৱে আগুৱাই নিয়াৰ বাবে চীন ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ সাজু।"
 
ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ (MEA) জাননী অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালৰ নিমন্ত্ৰণত ৱাং য়ীয়ে ২০২৫ চনৰ ১৮-১৯ আগষ্টত ভাৰত ভ্ৰমণ কৰিব। এই ভ্ৰমণত তেওঁ NSA ডোভালৰ সৈতে সীমান্ত প্ৰশ্নত বিশেষ প্ৰতিনিধিসকলৰ ২৪তম বৈঠকত অংশ ল’ব। লগতে, বিদেশ মন্ত্রী ড° এছ জয়শংকৰেও চীনৰ  বৈদেশিক মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
 
এই ভ্ৰমণৰ ঠিক পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত আয়োজিত সাংহাই সহযোগিতা সংগঠন (SCO) শৃঙখলা সভাত অংশ ল’ব। যোৱা কেইমাহতকৈ ভাৰত আৰু চীনে উচ্চস্তৰৰ বৈঠকৰ যোগেদি দুয়োখনদেশৰ সম্পৰ্ক উন্নত কৰাৰ চেষ্টা আৰম্ভ কৰিছে।
 
চীনে নিশ্চিত কৰিছে যে, এইবাৰ ২০ টাতকৈ অধিক দেশৰ নেতা, সকলো SCO সদস্য দেশ আৰু ১০ খন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰধান এই শৃঙখলা সভাত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কে এতিয়াও ভাৰতীয়  বৈদেশিক মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে কোনো জননী  জাৰি কৰা নাই।