মে' দিৱস; নাৰী শ্ৰমিক আৰু এধানি সপোন

Story by  atv | Posted by  [email protected] • 5 h ago
কৰ্মৰত অৱস্থাত কেইগৰাকীমান মহিলা দৰ্জি
কৰ্মৰত অৱস্থাত কেইগৰাকীমান মহিলা দৰ্জি
 স্বপ্না দাস
 
"সংগ্ৰাম আন এটি নাম জীৱনৰে, ইতিহাসে চিঞঁৰে জয় জনতাৰে।" মানৱ সভ্যতাৰ ইতিহাসৰ পাতত অনেকৰ সংগ্ৰাম, ত্যাগ আৰু জয়যাত্ৰাৰ অলেখ কাহিনী স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ আছে। শ্ৰমৰ সৈতে মানৱ জীৱনৰ ওতপ্ৰোত সম্পৰ্ক। এই সম্পৰ্ক পুৰাতন আৰু অৰ্বাচীন। তেনে সম্পৰ্কক স্মৰণ কৰিয়েই মে' দিৱস উদ্‌যাপন কৰা হৈ আহিছে। কাৰণ দশক দশক ধৰি চলা শ্ৰমজীৱী লোকৰ এক সংগ্ৰাম আৰু ত্যাগৰ অন্তত লাভ কৰা বিজয়ৰ কথাকে সোঁৱৰাই দিয়ে বছৰৰ পঞ্চম মাহৰ পহিলা দিনটোৱে। 

সফলতাৰ আকাশ চুমিবলৈ সমৰ্থ হোৱা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত অন্তৰ্নিহিত হৈ থাকে একো একোখন সংগ্ৰাম, যি হৈ পৰে কাৰোবাৰ বাবে অনুপ্ৰেৰণাৰ উৎস কিম্বা অলেখৰ জীৱনৰ পথদ্ৰষ্টা। মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা জীৱন নিৰ্বাহ কৰিবলৈ মানুহে বিভিন্ন ক্ষেত্ৰত ভিন্ন প্ৰকাৰৰ পৰিশ্ৰম কৰি জীৱিকাৰ বাট মুকলি কৰি লৈছে। ৰজাদিনৰ পৰা জমিদাৰলৈ, কৃষি ক্ষেত্ৰৰ পৰা ঔদ্যোগিক ক্ষেত্ৰখনলৈ প্ৰসাৰিত শ্ৰমৰ সৈতে সাধাৰণ মানুহৰ জীৱন জড়িত হৈ আছে।
 
আমাৰ জীৱন প্ৰণালীৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খাই থকা শ্ৰমজীৱী লোকসকলৰ শ্ৰমৰ দৈনিক সময়সীমা ৮ ঘণ্টা হিচাপে নিৰ্ধাৰণ কৰা, শ্ৰমৰ উপযুক্ত মৰ্যদা লাভ, উচিত পাৰিশ্ৰমিক প্ৰদান, ন্যায্যপ্ৰাপ্তিকে ধৰি অনেক দিশ সাঙুৰি শ্ৰমিকসকলৰ সুদীর্ঘ কালৰ প্ৰতিবাদ, আত্মবলিদানৰ ফলশ্ৰুতিতেই ১৮৮৯ চনৰ মে' মাহৰ প্ৰথমটো দিনত শ্ৰমিক দিৱস বা মে' দিৱস হিচাপে পালন কৰা হৈছিল। ১৯৯৪ চনত আন্তঃৰাষ্ট্ৰীয়ভাৱে শ্ৰমিক দিৱসক ৰাজহুৱা বন্ধদিন হিচাপে ঘোষণা কৰা হয় আৰু ১৯৯৫ চনৰ পহিলা মে'ৰ পৰা প্ৰতি বছৰে এই দিনটোত শ্ৰমিক দিৱস পালন কৰা হয়। 
 
পেটৰ তাড়নাত এনেদৰেই...
 
চাৰিটাকৈ সন্তানৰ মাতৃ ৰেজিয়া। পতিৰ পৰলোক ঘটা এগৰাকী নাৰী। বুভুক্ষ সন্তানকেইটিৰ আৰ্তনাদত বুকুৱে হাহাকাৰ কৰি উঠা ৰেজিয়াই স্বামীৰ মৃত্যুৰ পিছত ইটাৰ ভাটা এটাত মজদুৰি কৰিব লয়। আপোন পেটটো আৰু সন্তানৰ তাগিদাত দিনৰ দিনটো ইটাৰ ভাটাত পৰিশ্ৰম কৰি নিশাৰ সাঁজৰ বাবে কিবা অকণ যোগাৰ কৰি আহি যেতিয়া সন্তানকেইটিৰ মুখলৈ চায়, তেতিয়াই ৰেজিয়াই  দিনটোৰ সমস্ত ভাগৰ পাহৰি যায়।
 
নিশাৰ সাজ খোৱাৰ অন্তত সন্তানকেইটাক টোপনিত লাল-কাল দিয়া দেখি নিজেও শান্তিৰে নিদ্ৰাৰ কোলাত ঢলি পৰে। বাস্তৱ প্ৰেক্ষাপটত কাল্পনিক কৰ্মস্থান আৰু কাল্পনিক চৰিত্ৰৰ এই ছবিখন কেৱল ৰেজিয়াৰ নহয়, এনে অনেকগৰাকী নাৰী আমাৰ চতুৰ্দিশে আছে। বিভিন্ন প্ৰেক্ষাপটত এনেকুৱা হেজাৰ-বিজাৰ নাৰীৰ জীয়া ছবি বিচাৰিলেই দেখা পাম। তেনে এখন বাস্তৱ ছবিকে জুমি চাওঁ আহক। এগৰাকী নির্ভীক, শক্তিশালী মহিলা বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সূৱণখাটাৰ বিনীতা বড়ো বচনেট।
 
ব্যতিক্ৰমী পদক্ষেপেৰে হেজাৰ প্ৰতিবন্ধকতাৰ মুখামুখি হোৱা দুটি সন্তানৰ মাতৃ বিনীতা বড়ো বচনেট। তেওঁ ঘৰখন পৰিচালনাৰ ক্ষেত্ৰত আৰ্থিক দিশত অলপ  সকাহ হওক বুলিয়েই সাধাৰণতে চাৰিচকীয়া বাহন চলাবলৈ ভয় কৰা বা অনেক ঘৰত অনুমতি প্ৰদান নকৰা বৰ্তমানৰ সমাজখনতেই বিনীতা বড়ো বচনেটে ডাম্পাৰ চলায়। বৰপেটা, ওদালগুৰি, নলবাৰী, বজালী আৰু বাক্সাৰ লগতে নামনি অসমৰ বিভিন্ন স্থানলৈ তেওঁ সদায় ডাম্পাৰত শিল, বালি কঢ়িয়াই ফুৰে।
 
কৰ্মই ধৰ্ম বুলি বিশ্বাস কৰা বিনীতা বড়ো বচনেটে প্ৰথমাৱস্থাত ডাম্পাৰ ভাড়াত লৈ চলাইছিল যদিও পাছলৈ তেওঁ নিজাকৈ ডাম্পাৰ কিনি এনেদৰে ৰাজপথত চলাই এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। এগৰাকী  কৰ্মমুখী শ্ৰমজীৱী নাৰী হিচাপে বিনীতা বড়ো বচনেট হ'ব পাৰে অনেকৰ বাবে প্ৰেৰণাৰ উৎস। এনে অলেখ নাৰী শ্ৰমিকৰ উদাহৰণ আমাৰ সোঁৱে বাঁৱে বিচাৰিলেই পোৱা যাব। এইখিনিতে উল্লেখ কৰি থওঁ যে শ্ৰমিক বুলি ক'লেই পুৰুষৰ সমানেই নাৰী শ্ৰমিকৰ প্ৰতিচ্ছৱি এখনেও মনৰ দাপোনত দোলা দি থাকে বাবেই এই লেখাত নাৰী শ্ৰমিকক আলোচ্য আধাৰ প্ৰসংগ হিচাপে লৈছোঁ।
 
বিনীতা বড়ো বচনেট--- ডাম্পাৰ‌ চলাই থকা সময়ত... ফটো স্বপ্নীল কাশ্যপৰ সৌজন্যত
 
শ্ৰমিক দিৱসৰ সৈতে বিভিন্ন সময়ত ভিন্ন প্ৰেক্ষাপটত ভাৰতৰ মহিলা শ্ৰমিক শক্তিৰ উল্লেখযোগ্য অৱদানক স্বীকাৰ কৰিবই লাগিব। অসংখ্য প্ৰত্যাহ্বান আৰু পক্ষপাতিত্বৰ সন্মুখীন হোৱাৰ পিছতো মহিলা শ্ৰমিকসকলে ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ডৰ অংশৰূপে থিয় দি আহিছে। বিভিন্ন খণ্ডত তেওঁলোকে উন্নয়নৰ সূচনা কৰাৰ উপৰি কিছুমানত উন্নতিও সাধন কৰিছে। ভাৰতৰ আনুমানিক ১৪.৯ কোটি মহিলা শ্ৰমিকৰ ভিতৰত সৰ্বাধিক সংখ্যক অনানুষ্ঠানিক খণ্ডত নিয়োজিত হৈ আছে। এই মহিলাসকলে খেতিপথাৰ, কাৰখানা, গৃহ নিৰ্মাণ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত অক্লান্ত পৰিশ্ৰম কৰি আছে যদিও তেওঁলোকে ভিন্নক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। 
 
ভাৰতৰ মহিলা শ্ৰমিকে সাধাৰণতে মুখামুখি হোৱা প্ৰত্যাহ্বান অনেক। একেখন ক্ষেত্ৰত একেধৰণৰ কাম কৰাৰ পিছতো প্ৰায়ে পুৰুষ সমকক্ষতকৈ মহিলা শ্ৰমিকসকলক কম মজুৰি দিয়া হয়। আনহাতে, মহিলাসকলৰ বাবে  কিছুমান বিশেষ খণ্ড আৰু চাকৰিৰ মাজত সীমাবদ্ধ থাকে, যাৰ ফলত তেওঁলোকৰ জীৱিকাৰ প্ৰসাৰ আৰু অৰ্থনৈতিক গতিশীলতা একপ্ৰকাৰ সীমিত হৈ পৰে।
 
সামাজিক সুৰক্ষা আৰু বিভিন্ন সুবিধা--- যেনে : পেঞ্চন, স্বাস্থ্যসেৱা, প্ৰসূতিৰ ছুটীৰ সুবিধা আদিৰ পৰাও মহিলা শ্ৰমিকসকলক দুই-এক ক্ষেত্ৰত কেতিয়াবা বঞ্চিত কৰা হয়। এইবোৰৰ উপৰি মহিলা শ্ৰমিকসকলে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আৰু হিংসাৰ সন্মুখীন হোৱাও দেখা যায়, যাৰ ফলত তেওঁলোকে শাৰীৰিক আৰু মানসিক আঘাত পায়। অসমৰ ক্ষেত্ৰতো চাহ বাগান, ইটা ভাটা, বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ উপৰি কোনো কোনো সময়ত আনকি মানুহৰ ঘৰত সহায়িকা হিচাপে কাম কৰা মহিলাসকলেও নিতৌ এনেধৰণৰ বিভিন্ন সমস্যা তথা অসুবিধাৰ সন্মুখীন হয়। 
 
ইটা ভাটাত কৰ্মৰত নাৰী শ্ৰমিক
 
কেবাদশক ধৰি প্ৰতি বছৰে মে' মাহৰ প্ৰথম দিনটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰমিক দিৱস পালন কৰি অহা হৈছে। কিন্তু একাধিক দশক অতিক্ৰম কৰাৰ পিছতো অনেক প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ মহিলা শ্ৰমিক শক্তিয়ে দেশৰ অৰ্থনীতিত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে, যিবোৰ আজিও বিশেষ স্বীকৃতি লাভ কৰা নাই। ভাৰতৰ কৃষি খণ্ডত মহিলা শ্ৰমিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি দেশৰ খাদ্য সুৰক্ষাত অৰিহণা যোগাইছে। কৃষিপ্ৰধান ৰাজ্য অসমতো ৰোৱনীৰ পৰা দাৱনীলৈ একেখন ছবিৰ প্ৰতিফলন ঘটে।
 
ভাৰতৰ উৎপাদন খণ্ডত--- বিশেষকৈ বস্ত্ৰ উদ্যোগসমূহত মহিলা শ্ৰমিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইক্ষেত্ৰত অসমৰ শিপিনীসকলে আগবঢ়োৱা শ্ৰমৰ সাৰ্থক ছবিখন বিশ্ব প্ৰেক্ষাপটত জিলিকি উঠিছে যদিও এই সাফল্যৰ আঁৰত লুকাই থকা শিপিনীসকলে সঁচা অৰ্থতেই তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি লাভ কৰিছেনে? এয়া যেন পোনপটীয়াকৈ উত্তৰ নোপোৱা এটা প্ৰশ্ন।
 
সাধাৰণতে যথেষ্ট যত্নপৰায়ণ হোৱাৰ উপৰি শুশ্ৰূষা আৰু সেৱাৰ মনোভাৱ চিৰদিন প্ৰবাহিত হৈ থাকে মহিলাসকলৰ হৃদয়ত। যি কি নহওক, শিক্ষা, স্বাস্থ্যসেৱা আৰু ঘৰুৱা কামকে ধৰি বিভিন্ন সেৱা খণ্ডত মহিলা শ্ৰমিকসকলে আধিপত্য বিস্তাৰ কৰি আহিছে যদিও সেই শ্ৰমৰ যেন আনুষ্ঠানিক স্বীকৃতি প্ৰদানত সকলোৱে কৃপণালি কৰে। অসম তথা ভাৰতৰ মহিলা শ্ৰমিকসকল চিৰকাল এনেদৰেই অৱহেলিত হৈ ৰ'বনে? শ্ৰমৰ ন্যায্যপ্ৰাপ্তিৰে তেওঁলোকৰ জীৱনৰ উৎকৰ্ষ সাধনৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? কেতিয়া কৰিব? কেনেকৈ কৰিব?
 

মহিলা শ্ৰমিকৰ প্ৰতিনিধিত্বমূলক ফটো

আমি শ্ৰমিক দিৱস উদ্‌যাপন কৰাৰ সময়ত ভাৰতৰ মহিলা শ্ৰমিক শক্তিৰ সংগ্ৰাম আৰু অৱদানৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ বিষয়ে চিন্তা কৰাটোও অতিকৈ প্ৰয়োজনীয়। লিংগ সমতাক প্ৰসাৰিত কৰিবলৈ আৰু মহিলা শ্ৰমিকসকলক মানসিকভাৱে তথা বিভিন্ন দিশত সবল কৰিবলৈ সমান দৰমহা নীতি ৰূপায়ণ, সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদান, নিৰাপদ কৰ্মস্থলীৰ প্ৰসাৰ, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আৰু হিংসা প্ৰতিৰোধৰ বাবে নীতি ৰূপায়ণ, মহিলাৰ উদ্যোগীকৰণক উৎসাহিতকৰণ, অৰ্থনৈতিক সবলীকৰণৰ প্ৰসাৰৰ বাবে মহিলা উদ্যোগীসকলক প্ৰশিক্ষণ আৰু সহায় আগবঢ়োৱা আদি প্ৰসংগত চৰকাৰ আৰু নাগৰিক সমাজে গুৰুত্ব সহকাৰে বিবেচনা কৰি সেইবোৰ কাৰ্যায়িত কৰিলেই হয়তো এয়া সম্ভৱপৰ হ'ব পাৰে।
 
অসমৰ বিভিন্ন ক্ষেত্ৰত পৰিশ্ৰম কৰা মহিলা শ্ৰমিকসকলৰ ক্ষেত্ৰতো অসম চৰকাৰ তথা অসমৰ নাগৰিক সমাজে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এইধৰণৰ কাৰ্য ব্যৱস্থা হাতত ল'লে নিশ্চয়কৈ অসমৰ শ্ৰমজীৱী মহিলা সকলেও স্বাৱলম্বনৰ এখন নতুন পৃথিৱীত জীয়াই থাকিবলৈ দৈনিক শ্ৰমৰ অন্তত মুকলিকৈ এবুকু উশাহ ল'ব পাৰিব। 
 
১ মে' চৰকাৰী বন্ধৰ দিন। বিশ্বৰ ৮০খন দেশে পহিলা মে'ত ৰাজহুৱা বন্ধৰ দিন উদ্‌যাপন কৰে। মে' ডে' শ্ৰমিকসকলৰ বাবে উৎসৰ্গিত এটি দিন। কিন্তু পুৰুষ, মহিলা সকলো শ্ৰমিকৰ বাবে সঁচা অৰ্থতেই উৎসৰ্গিতনে এই মে' দিৱস? দশক দশক ধৰি কম মজুৰি, সীমিত কৰ্মসংস্থাপনৰ সুযোগ, সামাজিক সুৰক্ষাৰ অভাৱ, যৌন নিৰ্যাতন আদি অসংখ্য সংগ্ৰামৰ সন্মুখীন হৈ আহিছেচোন অনেক শ্ৰমিক নাৰী!
 
একেই সংগ্ৰাম অসমৰ মহিলাসকলেও সময়ে সময়ে কৰিবলগীয়া হৈছে।  কিন্তু হেজাৰ প্ৰত্যাহ্বানকো নেওচি বহু মহিলা শ্ৰমিকে পৰিবৰ্তনৰ বাট দেখুৱাই আত্মপ্ৰকাশেৰে আন হেজাৰগৰাকী মহিলা শ্ৰমিকক সাহস আৰু অনুপ্ৰেৰণা যোগাইছে। তেনে কেইগৰাকীমান নাৰীৰ সংগ্ৰাম আৰু নেতৃত্বৰ কাহিনী আনৰ বাবে প্ৰেৰণাৰ উৎস হ'ব পাৰে বুলি অনুভৱ কৰি সামান্য উল্লেখ কৰা হ'ল ।

১৯৩৬ চনত আলেপ্পী তালুকত মহিলা শ্ৰমিকৰ বাবে 'কায়াৰিয়া ৰূপিৰি থোজিভাৰী ইউনিয়ন' গঠন কৰা এগৰাকী ট্ৰেড ইউনিয়নৰ নেত্ৰী কে. দেৱায়ানী। পাট মিলৰ শ্ৰমিক দুখমথ দিদিয়ে ১৯৪০ চনত শ্ৰমিকক সংগঠিত কৰি নিজৰ অধিকাৰৰ বাবে যুঁজ দিছিল। আন এগৰাকী প্ৰবীণ নাৰী অধিকাৰ কৰ্মী ৰঞ্জনা ৰায়, যাৰ নেতৃত্বত ১৯৮০ চনত যৌতুক বিৰোধী আন্দোলনে এক গুৰুত্ব লাভ কৰে।
 
চাহপাতৰ সেউজীয়াই উমান‌‌ পায়নে এই নাৰী শ্ৰমিকৰ ঘামৰ!
 
নব্বৈৰ উৰ্দ্ধৰ প্ৰিমলা লুম্বা যৌতুক বিৰোধী আন্দোলনৰ সময়ত মহিলা গোটসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা মনত পেলোৱা এগৰাকী বয়স্ক নাৰী অধিকাৰ কৰ্মী। নাৰী আন্দোলনৰ সময়ত নাৰীক একত্ৰিত কৰা আৰু অনুপ্ৰাণিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু নাৰী অধিকাৰ কৰ্মী হ'ল অৰুণা আছাফ আলী। উষথাই ডাংগে মুম্বাইত উগ্ৰপন্থী আন্দোলনৰ নেতৃত্ব দি শ্ৰমিকৰ অধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী নিৰ্ভীক তথা দক্ষ ট্ৰেড ইউনিয়নৰ নেতা। এওঁলোকৰ দৰে বিভিন্ন সময়ত বিভিন্ন প্ৰেক্ষাপটত নাৰী শ্ৰমিকৰ হকে বিভিন্ন নাৰীয়ে আৰু মহিলা শ্ৰমিকে আত্মনিয়োজিত হৈ আহিছে। 

একো একোখন সংগ্ৰামৰ মাজেৰে দৈনন্দিন জীৱন অতিবাহিত কৰা নাৰী শ্ৰমিক সকলক অন্য এখন পৃথিৱী দিয়াৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে। দশক দশক ধৰি ভিন্নগৰাকীয়ে ভিন্ন প্ৰচেষ্টাৰে নাৰী শ্ৰমিকৰ বাবে গঢ়িব বিচৰা সেই পৃথিৱীৰখন কিন্তু আজিও সম্পূৰ্ণৰূপে বাস্তৱ হোৱা নাই যদিও ই সুদূৰপৰাহতও নহয়। 

এইক্ষেত্ৰত অসমৰ ছবিখন কেনেকুৱা? অসমতোচোন প্ৰায় একেখন ছবিকে দেখিবলৈ পাওঁ। আছেনে কোনোবা নাৰী, নাৰী সংগঠন নতুবা আন কোনোবা, যিয়ে নাৰী শ্ৰমিকৰ পক্ষত তেওঁলোকৰ ন্যায্যপ্ৰাপ্তিৰ হকে মাত মাতিছে? থিয় দিছেনে তেনে কোনো দুখুনী নাৰীৰ ওচৰত? দিবনে সাহসৰ হাত এখন আগুৱাই? আমি সদায় আশাবাদী। এই আশা বাস্তৱ হলে নিশ্চয় ই বিবেচিত হ'ব পাৰে নাৰীৰ শ্ৰমৰ সঠিক মূল্যায়নৰ পথ প্ৰদৰ্শক। তেনেকৈয়ে অসমৰ মহিলা শ্ৰমিকেও সকলো ক্ষেত্ৰতে উচিত মৰ্যদা পাব পাৰে। আমাৰ এনে বিভিন্ন পদক্ষেপৰ যোগেদি মহিলা শ্ৰমিকসকলৰ বাবেও এখন সুন্দৰ পৃথিৱীৰ বাসিন্দা হোৱা উল্লাসৰ সেই দিন সমাগত হ'ব পাৰে।

(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)