আৱাজ দ্য ভইচ / মুম্বাই
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ চনৰ ফলাফলে বহু নতুন প্ৰতিভা উলিয়াই আনিছে। ইয়াৰে এটা নাম সমগ্ৰ মহাৰাষ্ট্ৰ আৰু মুছলমান সমাজৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। তেওঁ হৈছে আদিবা আনম আছফাক আহমেদ। এগৰাকী সাধাৰণ ৰিক্সা চালকৰ কন্যা আবিদাই ১৪২ সংখ্যক স্থান দখল কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ অংশ হোৱাৰ সুযোগ পোৱা আবিদা হৈছে মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মুছলমান মহিলা।
আদিবাৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল মহাৰাষ্ট্ৰৰ জনজাতীয় প্ৰধান যৱতমল জিলাত। তেওঁৰ পিতৃ আছফাক আহমেদ পেছাত এগৰাকী অটোৰিক্সা চালক। আমোদজনক কথাটো হ’ল তেওঁৰ ৰিক্সাখন নিজৰ নহয়, বেলেগৰ পৰা ভাড়া কৰি তেওঁ ৰিক্সা চলায়। তেওঁলোকৰ পৰিয়ালটো এটা সৰু ভাড়াঘৰত থাকে। এইদৰে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আদিবাই নিজৰ সপোনক গঢ় দিয়ে।
উল্লেখ্য যে, আদিবাই জফৰনগৰৰ জিলা পৰিষদ উৰ্দু প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। ইয়াত তেওঁ প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ যৱতমলৰ জিলা পৰিষদ প্ৰাক চৰকাৰী বালিকা হাইস্কুলৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰে। যৱতমলৰ জিলা পৰিষদ প্ৰাক চৰকাৰী মহাবিদ্যালয়ৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অধ্যয়ন সম্পূৰ্ণ কৰে। গণিতৰ প্ৰতি তীব্ৰ আগ্ৰহ থকা আদিবাই পুনেৰ ইনামদাৰ ছিনিয়ৰ কলেজৰ পৰা গণিত বিষয়ত বিএছচি ডিগ্ৰী লাভ কৰিছে।
আদিবা আনম আছফাক আহমেদক মিঠাই খুৱাই অভিনন্দন জনাইছে পৰিয়ালবৰ্গই
যৱতমালৰ দৰে সৰু জিলা এখনত সীমিত সম্পদৰ মাজতে আদিবাই নিজৰ সপোনক গঢ় দিছিল। যিহেতু তাত উচ্চ পৰ্যায়ৰ প্ৰশিক্ষকৰ সুবিধা নাছিল, সেয়েহে তেওঁ পুনেলৈ গৈ ইউ পি এছ চি ফাউণ্ডেশ্যন পাঠ্যক্ৰমত যোগদান কৰে। প্ৰথম তিনিটা চেষ্টাত বিফলতাৰ সন্মুখীন আদিবাই হাৰ মনা নাছিল আৰু লক্ষ্যৰ পৰাও বিচ্যুত হোৱা নাছিল।
অৱশেষত চতুৰ্থ প্ৰচেষ্টাত তেওঁ ইউ পি এছ চি পৰীক্ষাত ১৪২ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়। এয়া তেওঁৰ দৃঢ় ইচ্ছাশক্তি আৰু অক্লান্ত পৰিশ্ৰমৰ ফল। কথা-বতৰাত আদিবাই কয় যে, "মোৰ সপোন আছিল চিকিৎসক হোৱাৰ, কিন্তু সম্পদৰ অভাৱত সেই সপোন পূৰণ কৰিব পৰা নাছিলো। ইয়াৰ বাবেই মই অতি হতাশ হৈছিলো।"
এনে কঠিন সময়ত যৱতমলস্থিত সেৱা বেচৰকাৰী সংস্থাৰ সম্পাদক নিজামুদ্দিন শ্বেইখে তেওঁক অনুপ্ৰাণিত কৰিছিল। তেওঁ আদিবাক কৈছিল যে আইএএছ বিষয়া হৈও সমাজ আৰু দেশৰ সেৱা কৰিব পাৰি। এইটোৱেই আছিল টাৰ্নিং পইণ্ট যেতিয়া আবিদাই ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি সিদ্ধান্ত লৈছিল। নিৰন্তৰ চেষ্টা কৰি অৱশেষত তেওঁ আজি পৰিয়াল আৰু জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ অংশ হোৱাৰ সুযোগ পোৱা আবিদা হৈছে মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মুছলমান মহিলা
আদিবাৰ সফলতাৰ খবৰ লাভ কৰি তেওঁক মাক-দেউতাকৰ চকুৰে আনন্দৰ চকুলো ওলাই আহে। মাকে কয়: "আমি সদায় বিচাৰিছিলো যে আমাৰ ছোৱালীজনীয়ে ডাঙৰ কাম এটা কৰক। আজি তাইৰ সপোন বাস্তৱায়িত হৈছে আৰু আমাৰ সপোনো বাস্তৱায়িত হৈছে।" তেওঁৰ পিতৃ আছফাক আহমেদে গৌৰৱেৰে কয়, “সংকল্প শক্তিশালী হ’লে দৰিদ্ৰতা যে কোনো বাধা নহয়, সেই কথা মোৰ ছোৱালীয়ে প্ৰমাণ কৰিছে।”
ইফালে, মুছলমান সমাজে আদীবাৰ এই সাফল্যক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। বহু সামাজিক সংগঠনে তেওঁক অভিনন্দন জনাইছে আৰু কয় যে তেওঁৰ সফলতা আন ছোৱালীৰ বাবে প্ৰেৰণা হ’ব। যৱতমল জিলাতো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। স্থানীয় ৰাইজে সমগ্ৰ জিলাখনৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।
আদিবা আনম আছফাক আহমেদৰ কাহিনীয়ে ভাৰতৰ এনে এখন ছবি দাঙি ধৰিছে, য’ত সীমিত সা-সুবিধা আৰু অসুবিধাৰ মাজতো প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ আধাৰত যিকোনো ব্যক্তিয়ে সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰে। আজি তেওঁ হাজাৰ হাজাৰ যুৱক-যুৱতী বিশেষকৈ মুছলমান ছোৱালীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ সফলতাই প্ৰমাণ যে যদি মানুহৰ উচ্চ মনোভাৱ আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰকৃত ইচ্ছা থাকে, তেন্তে যিকোনো সপোন বাস্তৱায়িত হ’ব পাৰে।