৩ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অকলে যুঁজি দেশক গৌৰৱান্বিত কৰা শ্বহীদ মুদাছিৰ আহমেদ শ্বেখৰ বীৰত্বৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 19 h ago
শ্বহীদ মুদাছিৰ আহমেদ শ্বেখ
শ্বহীদ মুদাছিৰ আহমেদ শ্বেখ
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী
 
শ্ৰীনগৰৰ পৰা উৰিলৈকে প্ৰতিখন আৰক্ষী থানাত ওলমি আছে বিশেষ অভিযান গ্ৰুপৰ কনিষ্টবল মুদাছিৰ আহমেদ শ্বেখৰ ছবি। বাৰমুল্লাৰ এটা চৌহদত স্থাপন কৰা হৈছে তেওঁৰ প্ৰতিমূৰ্তি। সাহসী আৰক্ষী জোৱানজনৰ সন্মানাৰ্থে এই ঠাইখনক ‘বিন্দাছ চক’ বুলি কোৱা হয়।
 
মুদাছিৰ আহমেদ শ্বেখে কৈছিল, 'আপুনি প্ৰতিদিনে সিংহৰ দৰে জীয়াই থকা উচিত'। আৰু সেইবাবেই তেওঁক সকলোৱে 'বিন্দাছ' বুলি মাতিছিল। বিন্দাছ নামেৰে জনপ্ৰিয় ৩২ বছৰীয়া মুদাছিৰ আহমেদ শ্বেখক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে শৌৰ্য্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু আৰু কাশ্মীৰৰ বাৰমুল্লাত গাড়ীৰে গৈ থকা সন্ত্ৰাসবাদীৰ এটা দলৰ সৈতে যুঁজ দি থকা অৱস্থাত মুদাছিৰ আহমেদ শ্বেখ শ্বহীদ হৈছিল। মৃত্যুৰ পূৰ্বে তেওঁ দুৰ্দান্ত সাহস আৰু বীৰত্বৰ পৰিচয় দি তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰিছিল।
 
 
 
 
তেওঁৰ ভাতৃ বাসিত মকছুদ শ্বেখে কয়, "মুদাছিৰ আহমেদ শ্বেখ নিৰ্ভীক হোৱাৰ বাবে সকলোৱে তেওঁক 'বিন্দাছ' বুলি মাতিছিল। তেওঁ কৈছিল, আপুনি প্ৰতিদিনে সিংহৰ দৰে জীয়াই থকা উচিত। উৰিত তেওঁৰ সন্মানাৰ্থে এখন ডাঙৰ হৰ্ডিং স্থাপন কৰা হৈছে। যেতিয়াই মই সেই পথেৰে পাৰ হৈ যাওঁ, তেতিয়াই অনুভৱ কৰো তেওঁ মোক চাই আছে।"
 
বাসিতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁৰ সাহসী ভাতৃৰ যুঁজৰ বৰ্ণনা কৰি কয়, "ভাইয়ে তেওঁলোকক ৰ'বলৈ ইংগিত দিছিল। যেতিয়া তেওঁলোকে ৰোৱা নাছিল, তেতিয়া তেওঁ এজন সন্ত্ৰাসবাদীক গাড়ীৰ পৰা উলিয়াই আনি এখন হাতেৰে হেঁচি ধৰি আছিল আৰু আনখন হাতত এ কে ৪৭ বন্দুক লৈ আন সন্ত্ৰাসবাদী কেইজনক গুলীচালনা কৰি আছিল। এনকাউণ্টাৰত তেওঁৰ ডিঙি আৰু কান্ধত গুলী লাগিছিল যদিও তেওঁ সন্ত্ৰাসবাদীক এৰি যোৱা নাছিল। কিন্তু চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।" 
 
উল্লেখ্য যে, জম্মু-কাশ্মীৰ আৰক্ষীত থকা ৮ বছৰীয়া কাৰ্যকালত মুদাছিৰ আহমেদ শ্বেখ বহু এনকাউণ্টাৰৰ অংশ আছিল আৰু এজন ব্যতিক্ৰমী কমাণ্ডো হিচাপে অনেক কৃতিত্ব অৰ্জন কৰিছিল। তেওঁৰ সৈতে অভিযানত জড়িত থকা সেনা বিষয়াসকলে মুদাছিৰৰ সাহসৰ প্ৰশংসা কৰি কেতিয়াও ভাগৰি পৰা নাছিল। 
 
গাঁৱত যুৱক-যুৱতীসকলৰ মাজত মুদাছিৰৰ বিশাল অনুগামী আছিল। ডুবাইত এইচ আৰ মেনেজাৰ হিচাপে কাম কৰা বাসিতে কয়, “বিন্দাছক নেশ্যনেল ছিকিউৰিটি গাৰ্ডত যোগদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু তেওঁ নাকচ কৰিছিল কাৰণ তেওঁ কেৱল নিজৰ অস্ত্ৰ, ইউনিফৰ্ম আৰু মৈদান বিচাৰিছিল। 
 
শ্বহীদ মুদাছিৰ আহমেদ শ্বেখ কৰ্তব্যৰত অৱস্থাত
 
আকৰ্ষণীয় ব্যক্তিত্ব আৰু চলচ্চিত্ৰ তাৰকাৰ দৰে চেহেৰাৰে মুদাছিৰ আহমেদ শ্বেখ 'বিন্দাছ'-এ য’তেই গৈছিল তাতেই সাহসেৰে থিয় দিছিল। এই কথাই এজন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দৃষ্টিগোচৰ হৈছিল। বাসিতে কয়, "তেওঁৰ কাৰ্গো পেণ্ট বেলেগ আছিল। তেওঁ বিদেশী সেনাই পিন্ধা বুট পিন্ধিছিল। ইয়াৰ ফলত তেওঁক বাকীবোৰতকৈ বেলেগ দেখা গৈছিল আৰু সেইবাবেই এছ এছ পিয়ে তেওঁক লক্ষ্য কৰিছিল। এছ এছ পিক কোৱা হৈছল যে তেওঁৰ নাম বিন্দাছ। তাৰ পিছত জ্যেষ্ঠ আৰক্ষী বিষয়াজনে বিন্দাছক ফোন কৰিছিল। এছ এছ পিয়ে তেওঁৰ আত্মবিশ্বাসত মুগ্ধ হৈছিল আৰু তেওঁৰ মাজত এটা স্ফুলিংগ দেখিছিল।"
 
বিন্দাছে কমাণ্ডো প্ৰশিক্ষণ লৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি থকা বিশেষ অভিযান গোটত যোগদান কৰে। তেওঁক ফ্ৰণ্ট লাইন ৱাৰিয়ৰ বুলি কোৱা হৈছিল, কাৰণ যেতিয়াই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ খবৰ আহিছিল, তেতিয়াই তেওঁ আগস্থানত আছিল।মুদাছিৰৰ পিতৃ তথা জম্মু-কাশ্মীৰ আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক মকছুদ আহমেদ শ্বেখে কয় যে তেওঁৰ পুত্ৰ অত্যন্ত সাহসী আছিল। তেওঁ কয়, "মুদাছিৰে কেতিয়াও মৃত্যুক ভয় কৰা নাছিল আৰু তেওঁৰ বিশ্বাস আছিল যে আমি সকলোৱে এদিন মৰিব লাগিব। এতিয়া তেওঁ এজন শ্বহীদ আৰু মই তেওঁক লৈ গৌৰৱান্বিত।"
 
মকছুদ আহমেদ শ্বেখে কয় যে নতুন কথা শিকিবলৈ আৰু অসাধাৰণ হোৱাৰ আবেগে তেওঁক আৰক্ষীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ কয়, “যিহেতু মোৰ পত্নী বাৰামুল্লাৰ ৰফিয়াবাদ অঞ্চলৰ, গতিকে মুদাছিৰে ষষ্ঠ শ্ৰেণীৰ পিছত তালৈ বদলি হ'ল। তাত থকা স্থানীয় স্কুল এখনৰ পৰা দশম শ্ৰেণী সম্পূৰ্ণ কৰি তেওঁ পৰীক্ষাত শীৰ্ষস্থান দখল কৰে। আমাক নোকোৱাকৈয়ে তেওঁ পঞ্জাৱৰ এজন ট্ৰাক চালকৰ সৈতে ঘৰৰ পৰা পলাই গৈছিল। তেওঁ গাড়ী চলোৱা শিকিবলৈ আগ্ৰহী আছিল যদিও তেতিয়া তেওঁ সৰু হোৱাৰ বাবে আমি ইয়াৰ বিৰোধী আছিলো। কিন্তু ছমাহৰ পাছত ঘূৰি আহিল। আমি তেওঁক চৰকাৰী চাকৰি বিচাৰিবলৈ বাধ্য কৰাইছিলো আৰু অৱশেষত ২০০৯ চনত তেওঁ জম্মু-কাশ্মীৰ এইডছ কণ্ট্ৰল ছ’চাইটিত ড্ৰাইভাৰ হিচাপে চাকৰি লাভ কৰিছিল। তাত চাকৰি কৰিলেও তেওঁৰ অধিকাংশ বন্ধু আছিল আৰক্ষী। সেয়ে, বহুতে তেওঁক ড্ৰাইভাৰৰ পৰিৱৰ্তে আৰক্ষী বুলিহে ভাবিছিল।"
 
তেওঁ সততে কৈছিল যে মৰিবলগা হ'লে মৰিম, কিন্তু শত্ৰুক পৰাস্ত কৰিহে মৰিম। আৰক্ষীৰ এই সাহসী যোদ্ধাজনৰ বীৰত্বৰ কথা উল্লেখ কৰি বাসতে এটা এনকাউণ্টাৰৰ বৰ্ণনা কৰিছে। এবাৰ তেওঁৰ ভাতৃয়ে উপলব্ধি কৰিছিল যে এজন সহকৰ্মীয়ে বুলেট প্ৰুফ জেকেট নিপিন্ধাকৈ শত্ৰুৰ সৈতে মুখামুখি হ’বলৈ ওলাইছিল আৰু নিজৰ জীৱনক লৈ চিন্তিত হৈ পৰিছিল। "অভিযানৰ বাবে লৰালৰি কৰি থাকোঁতে সহকৰ্মীজনে বুলেট প্ৰুফ জেকেটটো পিন্ধিবলৈ পাহৰি গৈছিল। মোৰ ভাইটিয়ে তেওঁক সুধিছিল যে তেওঁৰ পৰিয়ালত কোন কোন আছে? সহকৰ্মীজনে তেওঁক কৈছিল যে ঘৰত তেওঁৰ পত্নী আৰু সন্তান আছে। তেতিয়া মোৰ ভাতৃ মুদাছিৰে নিজৰ জেকেটটো খুলি সহকৰ্মীজনক দিছিল আৰু কৈছিল যে মোৰ জীৱনতকৈ তোমাৰ জীৱনটো বেছি গুৰুত্বপূৰ্ণ।"
 
শ্বহীদ মুদাছিৰ আহমেদ শ্বেখৰ প্ৰতিমূৰ্তি
 
উল্লেখ্য যে, মুদাছিৰ বহু সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হৈ আহিছে। এটা অভিযানত যেতিয়া সন্ত্ৰাসবাদীয়ে এটা অট্টালিকা আক্ৰমণ কৰে, তেতিয়া তেওঁ গুলীত আঘাতপ্ৰাপ্ত এজন উপ-পৰিদৰ্শকক নিৰাপদ স্থানলৈ লৈ গৈছিল। "তেওঁৰ এটা কান্ধত আহত বিষয়াজনক আছিল আৰু আনখন হাতেৰে এ কে ৪৭-ৰে শত্ৰুক গুলীয়াই আছিল। তেওঁ আৰক্ষী বিষয়াজনক কান্ধত তুলি লৈ মজিয়াৰ পৰা জপিয়াই নামি আহিছিল।"
 
বাসিতে কয়, "তেওঁৰ অদ্ভুত ধৰণৰ সাহস আছিল। মই কোনো চলচ্চিত্ৰ তাৰকা বা আন কাৰোবাৰ অনুৰাগী নহয়, মই মোৰ ভাতৃ মুদাছিৰৰ অনুৰাগী আছিলো। ফিট হৈ থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মুদাছিৰে ঘৰতে জিমৰ সঁজুলি কিনি পৰিয়ালৰ সকলোকে ব্যায়াম কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ সদায় কৈছিল যে জীৱনত ফিটনেছ আটাইতকৈ গুৰুত্বপূৰ্ণ। ফিট নহ'লে জীৱনত একো কৰিব নোৱাৰি। তেওঁৰ শৰীৰটো দেখি গাঁওৰ বহুতে জিমলৈ যাবলৈ আৰম্ভ কৰিছিল। তেওঁক ফিল্ম ষ্টাৰ যেন লাগিছিল।"
 
২০২১ চনৰ ডিচেম্বৰ মাহত ডুবাইলৈ যোৱাৰ পূৰ্বে বিন্দাছে বাসিতক বিদায় জনাবলৈ দিল্লী বিমানবন্দৰলৈ আহিছিল। "তেওঁ মোক কৈছিল যে কৰ্তব্যত থাকিলে জীৱনৰ বিষয়ে একো নিশ্চিত নহয় আৰু এয়া আমাৰ শেষ সাক্ষাৎ হ'ব পাৰে। তেওঁৰ চকুত চকুলো ওলাই আহিছিল। মই জানিছিলোঁ যে তেওঁ শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হ'ব আৰু শত্ৰুক সফল হ'বলৈ নিদিব।"
 
উল্লেখ্য যে, যিদিনা সাহসী আৰক্ষী জোৱান মুদাছিৰৰ মৃতদেহ ঘৰলৈ আহিছিল, সেইদিনা আছিল তেওঁৰ ভনীয়েকৰ বিয়া। শোকাবহ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল ভনীয়েকৰ বিয়াৰ অনুষ্ঠান। এতিয়া তেওঁলোকৰ ঘৰখন মুদাছিৰৰ স্মৃতিৰে ভৰি আছে। ঘৰৰ বেৰ আৰু পৰিয়ালৰ লোকৰ মোবাইল ফোনত বীৰ যোদ্ধা মুদাছিৰৰ ফটো জিলিকি আছে। তেওঁৰ নাম লিখা বুলেট মটৰ চাইকেলখন ঘৰত সংৰক্ষিত হৈ আছে। 
 
শ্বহীদ মুদাছিৰ আহমেদ শ্বেখে শৰীৰ চৰ্চা কৰি থকাৰ এক দৃশ্য
 
মুদাছিৰৰ পিতৃয়ে কয়, ‘মোৰ মনত আছে ২০১৬ চনত মোৰ অৱসৰৰ পিছত মুদাছিৰ মোৰ ওচৰলৈ আহিছিল আৰু কৈছিল যে তেওঁ আৰক্ষীত যোগদান কৰিব বিচাৰে। কিয় আৰক্ষীত যোগদান কৰিব বিচাৰে বুলি সোধাত তেওঁ কৈছিল যে তেওঁ কাশ্মীৰৰ জনসাধাৰণক, বিশেষকৈ উৰিৰ পৰা অহা তেওঁৰ লোকসকলক সহায় কৰিব বিচাৰে। তেওঁ জনসাধাৰণৰ মাজত জম্মু-কাশ্মীৰ আৰক্ষীৰ ইতিবাচক ভাবমূর্তি সৃষ্টি কৰিব বিচাৰিছিল৷ আৰক্ষীৰ পোছাকযোৰ পিন্ধি তেওঁ খুব ভাল পাইছিল।"
 
দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ পূৰ্বে জম্মু আৰক্ষীৰ বিশেষ অভিযান গ্ৰুপৰ কনিষ্টবল মুদাছিৰ আহমেদ শ্বেখে যিবোৰ সাহসিক কাম কৰি থৈ গৈছে, তাক লৈ সমগ্ৰ ভাৰতবৰ্ষই সদায় গৌৰৱ কৰি থাকিব। সেয়ে চৰকাৰে তেওঁক মৰণোত্তৰভাৱে শৌৰ্য্য চক্ৰৰে সন্মানিত কৰা হ'ব। অশোক চক্ৰৰ পিছত কীৰ্তি চক্ৰ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ আৰু শৌৰ্য্য চক্ৰ দেশৰ তৃতীয় সৰ্বোচ্চ বীৰত্বৰ বঁটা।
 
মুদাছিৰ আহমেদ শ্বেখ শ্বহীদ হোৱাৰ কেইবামাহো পিছলৈ তেওঁৰ অনুৰাগী, বন্ধু-বান্ধৱী আৰু চিনাকি মানুহবোৰে আৰক্ষী জোৱানজনৰ উত্তৰ কাশ্মীৰস্থিত বাৰামুল্লা জিলাৰ দুৰ্গম উৰি অঞ্চলৰ ঘৰলৈ আহি শোক প্ৰকাশ কৰি আছিল। সাহসী পুত্ৰক হেৰুৱাই সমগ্ৰ কাশ্মীৰ উপত্যকা শোকত ভাগি পৰিছিল। তেওঁৰ দেউতাকে কৈছিল যে বিদেশতো মুদাছিৰক ভালপোৱা অজস্ৰ মানুহ আছে। মুদাছিৰৰ খবৰটো শুনি সকলো দুখী হৈ পৰিছিল।