পহলগাম কাণ্ডঃ দেশৰ একতা-সম্প্ৰীতি আৰু শান্তিৰ প্ৰতি এক প্ৰত্যাহ্বান

Story by  atv | Posted by  [email protected] • 4 h ago
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাথপথলৈ ওলাই আহিছে মুছলমান সমাজ, লক্ষ্ণৌত
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাথপথলৈ ওলাই আহিছে মুছলমান সমাজ, লক্ষ্ণৌত
 
ড০ উজমা খাতুন

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে। এই আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয়। এই আক্ৰমণ ইমান বৰ্বৰ আছিল যে সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে হিন্দু পৰ্যটকক তেওঁলোকৰ নাম আৰু ধৰ্মীয় পৰিচয় সুধি সুধি গুলীয়াইছিল। এইদৰে সন্ত্ৰাসবাদীসকলে কেৱল নিৰীহ লোকৰ ওপৰত আক্ৰমণ কৰাই নহয়, ভাৰতৰ ঐক্য আৰু ধৰ্মনিৰপেক্ষ পৰম্পৰা ভংগ কৰাৰো এক সু-পৰিকল্পিত প্ৰচেষ্টা চলায়।
 
আক্ৰমণকাৰীয়ে ইচ্ছাকৃতভাৱে ধৰ্মৰ ভিত্তিত ভুক্তভোগীক লক্ষ্য কৰি লোৱাটো আছিল সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ এক অশুভ কৌশল। তেওঁলোকৰ উদ্দেশ্য কেৱল নৰহত্যাই নাছিল, ভাৰতীয় হিন্দুসকলৰ মাজত মুছলমান বিশেষকৈ কাশ্মীৰী মুছলমানৰ প্ৰতি সন্দেহ আৰু ক্ষোভৰ বীজ সিঁচি দিয়া।
 
এইদৰে হিংসা সংঘটিত কৰি সন্ত্ৰাসবাদীয়ে ভাৰতীয় সমাজৰ প্ৰাচীন পৰিচয় শান্তি আৰু বহুত্ববাদক অস্থিৰ কৰাৰ লগতে ঘৃণা আৰু প্ৰতিশোধৰ জুই জ্বলোৱাৰ চেষ্টা কৰিছিল। কিন্তু দেশবাসীৰ সঁহাৰিয়ে অভূতপূৰ্ব পৰিপক্কতা আৰু ঐক্যৰ পৰিচয় দিছে। সন্ত্ৰাসবাদীৰ চক্ৰবেহুত ভৰি দিয়াৰ পৰিৱৰ্তে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সংযম প্ৰদৰ্শন কৰিছে, আৰু কোনো বৃহৎ সাম্প্ৰদায়িক সংঘৰ্ষ বা প্ৰতিশোধৰ খবৰ এতিয়ালৈকে পোহৰলৈ অহা নাই।
 
দেশবাসীৰ এই সামূহিক প্ৰজ্ঞাই এক গভীৰ বুজাবুজিক প্ৰতিফলিত কৰে যে সন্ত্ৰাসবাদৰ ওপৰত প্ৰকৃত বিজয় কেৱল অপৰাধীক শাস্তি দিয়াতেই নহয়, দেশ বিভাজনৰ লক্ষ্যক অস্বীকাৰ কৰাতো নিহিত হৈ আছে। 
 
সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰোধিতাত কাশ্মীৰী মহিলাৰ বন্তি প্ৰজ্বলন 
 
হানিমুনৰ সময়ত এই আক্ৰমণত নিহত ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালৰ বিধৱা পত্নী হিমাংশী নৰৱালৰ কণ্ঠ বিশেষভাৱে শক্তিশালী আৰু মানৱীয় আছিল। হিমাংশীয়ে দেশবাসীক আৱেগিক আহ্বান জনাইছিল যে ‘আমি এই জটিল ক্ষণত নিবিচাৰো যে মানুহে মুছলমান বা কাশ্মীৰীৰ বিৰুদ্ধে থিয় হওক। আমি শান্তি আৰু কেৱল শান্তি বিচাৰো। অৱশ্যে আমি ন্যায় বিচাৰো, আমাৰ সৈতে অন্যায় কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব লাগে”।
 
তেওঁ কৈছিল যে কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত ঘৃণা বিয়পাই দিয়া বা প্ৰতিশোধ বিচাৰিবলৈ আহ্বান জনোৱা উচিত নহয়। দুৰ্ভাগ্যজনকভাৱে দেশৰ বিভিন্ন প্ৰান্তত মুছলমান আৰু কাশ্মীৰীৰ বিৰুদ্ধে হিংসা আৰু বৈষম্যৰ বাতৰি প্ৰকাশ পোৱাৰ সময়তে হিমাংশীৰ এই মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ঘৃণা পৰিৱৰ্তে শান্তি আৰু ন্যায়ৰ বাবে তেওঁৰ আহ্বানক দেশৰ সকলো স্তৰৰ লোকে বহুলভাৱে প্ৰশংসা কৰিছে। 
 
এই আক্ৰমণক গৰিহণা দি সকলো ৰাজনৈতিক নেতাই একতা-সংহতি প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সকলো ডাঙৰ দলৰ নেতাই ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ সংকল্প পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিছে। সৰ্বদলীয় বৈঠকত নেতাসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰু শান্তি আৰু ঐক্য বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 
সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আদিল হুছেইন শ্বাহৰ পিতৃক সান্ত্বনা দিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে 
 
এক বিশেষ প্ৰস্তাৱত কংগ্ৰেছ ৱৰ্কিং সমিতিয়ে কয় যে, "এয়া ৰাজনীতিৰ সময় নহয় বৰঞ্চ ঐক্য, শক্তি আৰু জাতীয় সংকল্পৰ সময়। আমি দলীয় বিভাজনৰ উৰ্ধত গৈ এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে ভাৰত ঐক্যবদ্ধ হৈ আছে আৰু ই কেতিয়াও ভাঙি নাযায়।"
 
বিশেষকৈ কাশ্মীৰৰ মুছলমান সমাজৰ বাবেও ই আত্মনিৰীক্ষণ আৰু আত্মবিশ্বাসৰ মুহূৰ্ত। পাকিস্তানী দুষ্ট চক্ৰই নিজৰ এজেণ্ডা আগুৱাই নিয়াৰ বাবে ধৰ্মৰ অপব্যৱহাৰ কৰি থাকিব। কিন্তু ভাৰতীয় মুছলমানসকলে উচ্চস্বৰে আৰু বাৰে বাৰে ঘোষণা কৰিব লাগিব যে তেওঁলোকৰ প্ৰথম আনুগত্য ভাৰতৰ প্ৰতি। এয়া হেঁচাত নহয়, দৃঢ়তাৰে ক'ব লাগিব। তেওঁলোক পাকিস্তানৰ প্ৰতিনিধি নহয়; তেওঁলোক ভাৰত ভূমিৰ পুত্ৰ-কন্যা। তেওঁলোকৰ নিজৰ দেশক আক্ৰমণ কৰা হৈছে। এই আক্রমণৰ বলি হোৱা লোকসকলৰ ভিতৰত হিন্দু আৰু মুছলমান উভয় লোক আছিল বুলি সকলোৱে স্বীকাৰ কৰিব লাগিব৷
 
হত্যা কৰাসকলৰ ভিতৰত স্থানীয় মুছলমানো আছিল। ইয়াৰ ভিতৰত অন্যতম আছিল আনক বচাবলৈ চেষ্টা কৰি মৃত্যু বৰণ কৰা এজন ঘোঁৰা চালক আছিল। তেওঁ দেখুৱাইছে যে সন্ত্ৰাসবাদে কাকো ৰেহাই নিদিয়ে আৰু ইয়াৰ ভুক্তভোগীসকল সকলো ধৰ্মৰ হ'ব পাৰে। পহলগামৰ ঘটনাই এই কথাও সোঁৱৰাই দিয়ে যে প্ৰকৃত যুঁজখন কেৱল বন্দুক আৰু বোমাৰ বিৰুদ্ধে নহয়, দেশবাসীক বিভাজন কৰিব বিচৰা চিন্তাধাৰাৰ বিৰুদ্ধেহে। সম্প্ৰীতিৰ প্ৰসাৰ আৰু ঘৃণাক প্ৰত্যাখ্যান কৰাটো প্ৰতিজন নাগৰিক, নেতা আৰু প্ৰতিষ্ঠানৰ দায়িত্ব। 
 
ইছলাম সন্ত্ৰাসবাদক সমৰ্থন নকৰেঃ গুৱাহাটীৰ বুঢ়া জামে মছজিদত প্ৰতিবাদৰ দৃশ্য
 
নিহত বিষয়াজনৰ বিধৱা পত্নীগৰাকীৰ ঐক্যবদ্ধ আৰু দয়ালু সঁহাৰি, ৰাজনৈতিক মত-পাৰ্থক্য পাহৰি সকলো দল-নেতাৰ সমৰ্থন আৰু সকলো ধৰ্মৰ লোকে প্ৰদৰ্শন কৰা একতা-সংহতিয়ে সন্ত্ৰাসবাদীৰ উদ্দেশ্য স্পষ্ট ৰূপত খণ্ডন কৰিছে। পহলগাম আক্ৰমণ কেৱল এক মানৱীয় অপৰাধ নাছিল–ই আমাৰ বাবে আছিল এক পৰীক্ষা। আমাৰ শক্তি, আমাৰ ধৈৰ্য্য আৰু আমাৰ মূল্যবোধৰ পৰীক্ষা।
 
সন্ত্ৰাসবাদে আমাক ভাঙিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতৰ জনসাধাৰণে একেলগে থিয় দিয়ে। সন্ত্ৰাসবাদীয়ে ঘৃণা বিয়পাব বিচাৰিছিল; কিন্তু তেওঁলোকে উমান লাভ কৰিলে ভাৰতবাসীৰ একতাৰ শক্তিৰ। এয়াই ভাৰতৰ প্ৰকৃত আত্মা–য'ত হিন্দু পৰ্যটকক বচাবলৈ এজন মুছলমান ব্যক্তিয়ে মৃত্যুবৰণ কৰে, য’ত হিন্দুৱে মুছলমান ভুক্তভোগীৰ বাবে শোক প্ৰকাশ কৰে, আৰু য’ত শান্তি কোনো শ্ল’গান নহয় বৰঞ্চ এক উমৈহতীয়া লক্ষ্য।

(ড° উজমা খাতুনে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আহিছে)