অপাৰেচন সেন্দুৰঃ এসময়ত সন্ত্ৰাসবাদীয়ে নিজৰ ঘৰ এৰিবলৈ বাধ্য কৰা ‘হেলী’য়ে ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি

Story by  atv | Posted by  Munni Begum • 8 h ago
ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰ
ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰ
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী
 
কোৱা হয় সময় বহু শক্তিশালী, কিয়নো সময়ৰ চক্ৰই সকলো সলনি কৰি দিব পাৰে। বহু বছৰৰ আগতে কাশ্মীৰৰ এজন যুৱকে সন্ত্ৰাসবাদীৰ ভয়ত নিজৰ জন্মস্থান এৰি ভাড়াঘৰত থাকিবলৈ বাধ্য হৈছিল। দুদিন পূৰ্বে একেজন ব্যক্তিয়ে সন্ত্ৰাসবাদীৰ ওপৰত মৃত্যুৰবৰ্ষণ কৰিছিল। তেওঁ হৈছে ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰ।  
 
দুদিন পূৰ্বে যেতিয়া পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত ভাৰতে বিমান আক্ৰমণ চলাই সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল, তেতিয়া এই অভূতপূৰ্ব অভিযানৰ আঁৰত এটা শান্ত অথচ শক্তিশালী কৌশলগত মনৰ ব্যক্তি  এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
 
কাশ্মীৰৰ অনন্তনাগ জিলাৰ বাসিন্দা ৰাথোৰক কেৱল ভাৰতীয় বায়ুসেনাৰ মেধাৱী বিষয়াৰ ভিতৰত এগৰাকী বুলি গণ্য কৰাই নহয় বৰঞ্চ তেওঁ ভাৰতলৈ ৰাফেল জেট বিমানৰ কৌশল, ডেলিভাৰী আৰু অস্ত্ৰীকৰণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।   
 
ফ্ৰান্সৰ পৰা ৰাফেলৰ উৰণ: য'ৰ পৰা আৰম্ভ হয় ‘হেলী’ৰ কাহিনী
 
২০১৯ চনত যেতিয়া ভাৰতীয় বায়ুসেনাই ফ্ৰান্সৰ পৰা প্ৰথমটো বেচ ৰাফেল যুদ্ধ বিমান লাভ কৰিছিল, তেতিয়া বৰ্ডো-মেৰিগ্ৰেকৰ পৰা উৰণৰ সময়ত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল এয়াৰ ক’ম’ডৰ হিলাল আহমদ ৰাথাৰে। যাক বায়ুসেনাত মৰমেৰে ‘হেলী’ বুলি কোৱা হয়।
 
তেওঁ ফ্ৰান্সত ভাৰতৰ এয়াৰ এটেচ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ভাৰতীয় স্পেচিফিকেশন অনুসৰি ১৩খন ৰাফেল জেট নিৰ্মাণৰ কামত ফ্ৰান্সৰ প্ৰজেক্ট মেনেজমেণ্ট টিমৰ সৈতে সমন্বয় সাধন কৰিছিল।
 
ৰাথোৰে কেৱল কাৰিকৰী পৰিদৰ্শন আৰু সঁজুলিৰ সমন্বয়ৰ ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰাই নহয়, ৭০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ পৰিকল্পনাও নিখুঁতভাৱে কাৰ্যকৰী কৰিছিল, যাতে এই যুদ্ধ বিমানসমূহে একেটা ষ্টপ অভাৰেৰে সময়মতে ভাৰতৰ ভূমিত উপনীত হ’ব পাৰে। চীন আৰু পাকিস্তানৰ সৈতে ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ৰাফেলৰ এই সময়মতে ডেলিভাৰী কৰাটো কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ আছিল। 
 

ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰ
 
বায়ুসেনাৰ এজন শক্তিশালী অগ্ৰগামী
 
৩ হাজাৰৰো অধিক দুৰ্ঘটনামুক্ত উৰণৰ অভিলেখ থকা এয়াৰ ভাইচ মাৰ্শ্বাল ৰাথোৰ হৈছে মিৰাজ-২০০০, মিগ-২১ আৰু কিৰণৰ দৰে যুদ্ধ বিমানৰ বিশেষজ্ঞ। তেওঁ গ্ৱালিয়ৰ বিমান ঘাটিৰো নেতৃত্ব প্ৰদান কৰি আহিছে— যি সকলো বৃহৎ বিমান আক্ৰমণ অভিযানৰ কেন্দ্ৰবিন্দু হৈ আহিছে।
 
২০১৩ চনৰ পৰা ২০১৬ চনলৈকে তেওঁ পশ্চিম বায়ুসেনাৰ কমাণ্ডত যুঁজাৰু অভিযানৰ সঞ্চালক আছিল। য’ত তেওঁ যুঁজাৰু পাইলটৰ প্ৰশিক্ষণ, অস্ত্ৰ ব্যৱস্থা আৰু কাৰ্য্যকৰী পৰিকল্পনাৰ প্ৰত্যক্ষ তদাৰক কৰিছিল। তেওঁৰ নেতৃত্বত অৰ্জন কৰা কাৰ্যকৰী প্ৰস্তুতিৰ পৰিসৰে ভাৰতক পাকিস্তান আৰু চীনৰ বিৰুদ্ধে বায়ু শক্তিৰ ক্ষেত্ৰত স্পষ্ট আত্মবিশ্বাস প্ৰদান কৰিছিল।  
 
এজন কাশ্মীৰী পুত্ৰৰ উৰণ: নগ্ৰোটাৰ পৰা পেৰিছলৈ
 
হিলাল ৰাথোৰৰ জীৱন সংগ্ৰাম আৰু দৃঢ়তাৰ নিদৰ্শন। সৈনিক স্কুল নগ্ৰোটাৰ ছাত্ৰ ৰাথোৰে চিবিএছই পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ পিছত হায়দৰাবাদস্থিত বায়ুসেনা একাডেমীৰ পৰা শ্ৰেষ্ঠ পাইলট হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁক ৰাষ্ট্ৰপতিৰ ফলক আৰু ‘স্ৱৰ্ড অৱ অনাৰ’ সন্মানেৰে সন্মানিত কৰা হয়।  
 
১৯৮৮ চনত তেওঁ  ভাৰতীয় বায়ু সেনাত প্ৰৱেশ কৰিছিল আৰু এই সময়ছোৱা আছিল কাশ্মীৰত উগ্ৰপন্থীৰ কাৰ্যকলাপ তুংগত আছিল। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ পুত্ৰ হোৱাৰ বাবে তেওঁৰ পৰিয়ালে বহুবাৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়াও হৈছিল। তেওঁৰ বিয়াৰ দুদিন পূৰ্বে নিৰাপত্তাজনিত কাৰণত তেওঁ জম্মুৰ নাগ্ৰোটাত থকা  দুটা কোঠাৰ এটি ভাড়াৰ ফ্লেটলৈ স্থানান্তৰিত হ’বলগীয়া হৈছিল। 
 
আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞতা আৰু কৌশলগত বুদ্ধিমত্তা

কেৱল দেশতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ দক্ষতা প্ৰমাণ কৰিলে ৰাথোৰে। ২০১১ চনত আমেৰিকাৰ এয়াৰ ৱাৰ কলেজলৈ পঠিওৱা হয়। তাৰ পৰাই তেওঁ সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ (ডি এছ এছ চি)তো প্ৰশিক্ষণ লৈছে আৰু এসময়ত তাত প্ৰশিক্ষকও আছিল। 
 
যুঁজাৰু বিমান
 
ভাৰতৰ মাত্ৰ চাৰিজন ডিফেন্স এয়াৰ এটেচৰ ভিতৰত এজন হোৱাৰ গৌৰৱো তেওঁ অৰ্জন কৰিছে। তেওঁ ফ্ৰান্সত ভাৰতৰ মিছনত কাৰ্যনিৰ্বাহ কৰি ৰাফেলৰ দৰে উচ্চ প্ৰযুক্তিৰ চুক্তি চূড়ান্ত কৰাত কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।  

প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা পাইলটলৈ: সকলোৰে প্ৰিয়
 
২০১৯ চনত যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ফ্ৰান্সলৈ গৈছিল, তেতিয়া তেওঁক ৰাফেলৰ সামৰ্থ্য সম্পৰ্কে সম্পূৰ্ণ কাৰিকৰী তথ্য দিছিল এয়াৰ কমোডৰ ৰাথোৰে। ইয়াৰ প্ৰভাৱ ইমানেই গভীৰ আছিল যে, পিছদিনা যেতিয়া অস্ত্ৰ পূজাৰ আয়োজন কৰা হৈছিল, তেতিয়া প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাথোৰক তেওঁৰ অতি ওচৰতে থিয় কৰি ৰাখিছিল। 
 
বঁটা আৰু সন্মান
 
বায়ু সেনা পদক (ভি এম) - ২০১০ চনত
 
বিশিষ্ট সেৱা পদক (ভি এছ এম) – ২০১৬ চনত
 
২০২১ চনত ভাৰপ্ৰাপ্ত এয়াৰ ভাইচ মাৰ্শ্বাল হিচাপে পদোন্নতি
 
২০২৩ চনত স্থায়ীভাৱে এয়াৰ ভাইচ মাৰ্শ্বাল
 
প্ৰেৰণাৰ প্ৰতীকঃ ৰাথোৰৰ কাহিনী কিয় গুৰুত্বপূৰ্ণ?
 
য’ত কাশ্মীৰৰ পৰা অহা যুৱক-যুৱতীসকলক প্ৰায়ে সন্ত্ৰাসবাদ আৰু হিংসাৰ দৃষ্টিৰে চোৱা হয়। সেই একে সময়তে এয়াৰ ভাইচ মাৰ্শ্বাল হিলাল আহমেদ ৰাথোৰৰ কাহিনীয়ে এক নতুন দিশ আৰু প্ৰেৰণা দিয়ে।
 
তেওঁৰ পিতৃ লাডাখ স্কাউটত সৈনিক আছিল আৰু পিছলৈ জম্মু-কাশ্মীৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়া হৈছিল। পিতৃক নিজৰ আদৰ্শ বুলি গণ্য কৰি ৰাথোৰে কেৱল সেনাবাহিনীৰ পৰম্পৰাক আগুৱাই লৈ যোৱাই নহয়। বৰং তেওঁ ভাৰতীয় বায়ুসেনাত এক অসাধাৰণ আদৰ্শ দাঙি ধৰিলে।
 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হিলাল আহমেদ ৰাথোৰ
 
তেওঁৰ এজন বন্ধুৰ ভাষাত:
 
সৰুৰে পৰাই হিলালে আকাশ, তৰা আৰু উৰাজাহাজ ভাল পাইছিল। হয়তো সেইবাবেই দেউতাকে তেওঁক আৰবী ভাষাত ‘হিলাল’ নাম দিছিল, যাৰ অৰ্থ অৰ্ধচন্দ্ৰ।
 
ভাৰতীয় বায়ুসেনাৰ এই ‘হেলী’ৰ কাহিনী কেৱল এজন বিষয়াৰ কথা নহয়। বৰঞ্চ ভাৰতৰ আত্মবিশ্বাস আৰু পেছাদাৰী উৎকৰ্ষতাৰ কাহিনীয়ে প্ৰতিজন কাশ্মীৰী যুৱক-যুৱতীক আত্মবিশ্বাস প্ৰদান কৰি আহিছে যে তেওঁলোকৰ সপোনেও আকাশ স্পৰ্শ কৰিব পাৰে।


শেহতীয়া খবৰ