'অপাৰেচন সেন্দুৰ'ৰ বিষয়ে বিশ্ববাসীক জনোৱা কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং কোন

Story by  atv | Posted by  [email protected] • 1 d ago
কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং
কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং
 
নতুন দিল্লী

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দুগৰাকী জ্যেষ্ঠ মহিলা বিষয়া ক্ৰমে উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে যৌথভাৱে আজি সংবাদ মাধ্যমক সম্বোধন কৰি 'অপাৰেচন সেন্দুৰ'ৰ বিষয়ে বিশ্ববাসীৰ সন্মুখত অৱগত কৰে। ইয়াৰ লগে লগে দুয়োগৰাকী মহিলা বিষয়া সমগ্ৰ দেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
 
ভাৰতীয় সেনাৰ কৰ্পছ অৱ ছিগনেল (Indian Army’s Corps of Signals)ৰ দক্ষ বিষয়া কৰ্ণেল ছোফিয়া কুৰেশ্বী হৈছে কোনো সামৰিক অভিযানত ভাৰতীয় সেনাৰ এটা দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা। ২০১৬ চনত ভাৰতে আয়োজন কৰা আটাইতকৈ ডাঙৰ বিদেশী সামৰিক অনুশীলন ‘এক্সাৰচাইজ ফৰ্চ ১৮’ত তেওঁ ভাৰতীয় দলৰ নেতৃত্ব দিছিল। লক্ষণীয়ভাৱে অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত তেওঁ আছিল একমাত্ৰ মহিলা সেনাপতি।
 
কৰ্ণেল ছোফিয়া কুৰেশ্বী ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান (পিকেঅ’)ৰ সৈতেও ছবছৰ কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত তেওঁ কংগোত ৰাষ্ট্ৰসংঘৰ মিছন (২০০৬)ত অংশ লৈছিল। এবাৰ তেওঁ নিজৰ শান্তিৰক্ষা কৰ্তব্যক যুদ্ধবিৰতিৰ ওপৰত নিৰীক্ষণ আৰু সংঘাতপূৰ্ণ অঞ্চলত মানৱীয় প্ৰচেষ্টাক সমৰ্থন কৰা বুলি বৰ্ণনা কৰিছিল।
তেওঁ ইয়াক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰি সশস্ত্ৰ বাহিনীৰ আন মহিলাসকলক দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰি সকলোকে গৌৰৱান্বিত কৰিবলৈ উৎসাহিত কৰিছিল। দক্ষ মহিলা বিষয়াগৰাকীৰ বিষয়ে তেতিয়াৰ ছাউথাৰ্ন কমাণ্ডৰ মূৰব্বী লেফটেনেণ্ট জেনেৰেল বিপিন ৰাৱাটে এবাৰ কৈছিল যে ছোফিয়াক তেওঁৰ লিংগতকৈ সামৰ্থ্য আৰু নেতৃত্বৰ গুণৰ ওপৰত ভিত্তি কৰিহে বাছনি কৰা হৈছে।
 
সশস্ত্ৰ বাহিনীত জন্ম গ্ৰহণ কৰা ছোফিয়া কুৰেশ্বীৰ ককাকে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু তেওঁ নিজেই মেকানাইজড ইনফেণ্ট্ৰিৰ এজন বিষয়াৰ সৈতে বিবাহপাঁশত আৱদ্ধ হৈছে।
ইফালে, উইং কমাণ্ডাৰ ভূমিকা সিং ভাৰতীয় বায়ুসেনাৰ এগৰাকী সুদক্ষ হেলিকপ্টাৰ পাইলট। নেচনেল কেডেট কৰ্পছ (এন চি চি)ত যোগদান কৰি পৰৱৰ্তী সময়ত তেওঁ অভিযান্ত্ৰিক অধ্যয়ন সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১৮ ডিচেম্বৰত উইং কমাণ্ডাৰ ভূমিকা সিঙে উৰণ শাখাত স্থায়ী কমিচন লাভ কৰে।
 
ভূমিকা সিঙে জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ দৰে অধিক উচ্চতাৰ অঞ্চলকে ধৰি ভাৰতৰ কিছুমান প্ৰত্যাহ্বানমূলক ভূখণ্ডত ‘চেটক’ আৰু ‘চিতা’ৰ দৰে হেলিকপ্টাৰ চলাই আহিছে। উইং কমাণ্ডাৰ সিং ভাৰতীয় বায়ুসেনাৰ বহু উদ্ধাৰ অভিযানৰো অংশ হৈ আহিছে। 


শেহতীয়া খবৰ