আৱাজ দ্য ভইচ / নতুন দিল্লী
আপুনি জানেনে যে ভাৰতীয় বায়ুসেনাই ‘অপাৰেচন সেন্দুৰ’ৰ জৰিয়তে যিবোৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলাইছিল, সেইবোৰ কেৱল কেইটামান ভৱন নহয়, ভাৰত বিৰোধী সন্ত্ৰাসবাদৰ কাৰখানা আছিল। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ মাৰ্কাজ ছুভান আল্লাহ আৰু মুৰিডকেৰ মাৰ্কাজ টাইবা দীৰ্ঘদিন ধৰি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা, প্ৰশিক্ষণ আৰু আমূল অপপ্ৰচাৰৰ কেন্দ্ৰ হৈ আহিছে।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে পাকিস্তানৰ মাটিত গা কৰি উঠা এই সন্ত্ৰাসবাদী কেন্দ্ৰসমূহ যদি ধ্বংস হয়, তেন্তে ভাৰতত সন্ত্ৰাসবাদৰ শিপা দূৰ্বল হ’ব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ আগৰ চৰকাৰসমূহে এই ক্ষেত্ৰত নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছিল।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে এই দিশত এক সুনিৰ্দিষ্ট আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰি পাকিস্তানৰ সন্ত্ৰাসবাদী কেন্দ্ৰসমূহ ভাঙি পেলোৱাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ তিনিওটা সেনা বাহিনীৰ যৌথ অভিযানত ধ্বংসস্তুপত পৰিণত হোৱা পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'লঃ
মাৰ্কাজ ছুভান আল্লাহঃ সন্ত্ৰাসবাদৰ পৰীক্ষাগাৰ
বাহাৱালপুৰৰ উপকণ্ঠত কৰাচীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-৫ত অৱস্থিত এই কেন্দ্ৰটো ১৫ একৰ মাটিত বিস্তৃত হৈ আছে। এইটোৱেই হৈছে জৈছ-ই-মহম্মদ (JeM)ৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়। ইয়াত ভাৰত বিৰোধী সন্ত্ৰাসবাদীক সাজু কৰা হয় আৰু তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ, শাৰীৰিক প্ৰশিক্ষণ আৰু ধৰ্মীয় উন্মাদনাৰ পাঠ শিকোৱা হয়। পুলৱামা আক্ৰমণৰ (১৪ ফেব্ৰুৱাৰী ২০১৯) সৈতে জড়িত সন্ত্ৰাসবাদী কেইটাকো ইয়াত প্ৰশিক্ষণ দিয়া হৈছিল।
দূধৰ্ষ সন্ত্ৰাসবাদী নেতাৰ দূৰ্গঃ
জৈছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰ, তেওঁৰ ভাতৃ মুফতি আব্দুল ৰাউফ আছঘৰ, মৌলানা আম্মাৰ আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে মাৰ্কাজত বাস কৰে। বৰ্তমান মাছুদ আজহাৰ পাকিস্তান সেনাৰ সুৰক্ষাত ইছলামবাদ বা ৰাৱালপিণ্ডিত আত্মগোপন কৰি আছে আৰু সংগঠনটোৰ পৰিচালনাৰ দায়িত্বত আছে ৰৌফ আছঘৰ।
ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানৰ এটা সন্ত্ৰাসবাদী শিবিৰৰ অৱস্থা
প্ৰশিক্ষণ কাৰ্য্যকলাপঃ
এই কেন্দ্ৰত ৬০০ৰো অধিক কেডাৰ বাস কৰে। ২০২২ চনৰ পৰা মৌলানা ৰফিকুল্লাহ কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে। এই কেন্দ্ৰটোত আধুনিক জিম, চুইমিং পুল, ঘোঁৰা চলোৱাৰ সুবিধা, ধনুচালনা কেন্দ্ৰ আনকি ‘আল-হিজামা’ চিকিৎসা কেন্দ্ৰও আছে।
আন্তঃৰাষ্ট্ৰীয় পুঁজিঃ
পাকিস্তানৰ প্ৰাদেশিক আৰু ফেডাৰেল চৰকাৰৰ সহযোগত এই মাৰ্কাজ নিৰ্মাণ কৰা হৈছিল। লগতে ২০১৫ চনত ব্ৰিটেইন, উপসাগৰীয় দেশ আৰু আফ্ৰিকাৰ পৰা ধন সংগ্ৰহৰ জৰিয়তে ইয়াক আৰম্ভ কৰা হৈছিল। ২০২৪ চনৰ ৩০ নৱেম্বৰত মাছুদ আজহাৰে দুবছৰৰ অন্তত মাৰ্কাজত জৈছ-ই-মহম্মদৰ কৰ্মীসকলক সম্বোধন কৰি বাবৰি মছজিদৰ প্ৰতিশোধ লোৱাৰ দৰে উত্তেজক বক্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ‘খাটম-ই-বুখাৰী’ অনুষ্ঠানত অংশ লৈছিল।
কৌশলগত গুৰুত্বঃ
এই মাৰ্কাজ ৰাজস্থানৰ বিকানেৰ জিলাৰ খাজুৱালাৰ পৰা বিমানযোগে মাত্ৰ ১০০.৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত। আফগানিস্তানৰ পৰা উভতি অহা সন্ত্ৰাসবাদী আৰু খাইবাৰ পখতুনখোৱাস্থিত চোৰাংচোৱাসকলৰ জৰিয়তে ইয়ালৈ অস্ত্ৰ সৰবৰাহ কৰা হয়।
আত্মঘাতী যুজাৰুৰ প্ৰশিক্ষণ কেন্দ্ৰঃ
মাছুদ আজহাৰৰ ভতিজা তলহা ৰছিদ, উমৰ, উছমান আৰু মহম্মদ ইছমাইল ওৰফে লম্বুক ইয়াত আত্মঘাতী আক্ৰমণৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু পিছত তেওঁলোকক বালাকোটত অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল।
মাৰ্কাজ তৈবাঃ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিশ্ববিদ্যালয়
২০০০ চনত স্থাপিত এই কেন্দ্ৰটো পঞ্জাৱ প্ৰদেশৰ মুৰিডকেৰ নাংগল চাহদান অঞ্চলত অৱস্থিত আৰু ই প্ৰায় ৮২ একৰ মাটিত বিস্তৃত। ইয়াৰ ভিতৰত মাদ্ৰাছা, বজাৰ, আৱাসগৃহ, খেলপথাৰ, কৃষি আৰু মীন পালন আদি অঞ্চল অন্তৰ্ভুক্ত হৈ আছে। এই কেন্দ্ৰটোৱেই হৈছে লস্কৰ-ই-তৈবা (LeT)ৰ কেডাৰসকলক ধৰ্মীয় আৰু সামৰিক প্ৰশিক্ষণ প্ৰদানৰ মূল স্থান।
লস্কৰ-ই-তৈবাৰ কেডাৰক প্ৰশিক্ষণ দিয়া মাৰ্কাজ তৈবা কেন্দ্ৰ
ইয়াত পুৰুষৰ বাবে চুফা একাডেমী আৰু মহিলাৰ বাবে সুকীয়া শিক্ষকতা কেন্দ্ৰ আছে। প্ৰতি বছৰে ইয়াত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে। ইয়াতেই বাস কৰে লস্কৰৰ মতাদৰ্শবাদী আমিৰ হামজা, আব্দুল ৰেহমান আবিদ, জাফৰ ইকবাল আৰু সন্ত্ৰাসবাদী নেতা হাফিজ ছাইদ, জাকিউৰ ৰেহমান লখৱী।
আজমল কাছাবকে ধৰি ২৬/১১ মুম্বাই আক্ৰমণৰ সকলো অপৰাধীক ইয়াত প্ৰশিক্ষণ দিয়া হৈছিল। ৰাষ্ট্ৰসংঘ আৰু বহু দেশৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও এই কেন্দ্ৰটো পাকিস্তানত এতিয়াও সক্ৰিয় হৈ আছে। ২০২৫ চনৰ ৰমজানৰ সময়ছোৱাত ইয়াত ইটিকাফ, জেহাদী প্ৰচাৰ আৰু পেলেষ্টাইন সংহতি সন্মিলনৰ আয়োজন কৰা হৈছিল।
কৌশলগত দিশৰ পৰা বিপজ্জনকঃ
এই মাৰ্কাজে ভাৰতৰ বিৰুদ্ধে ‘গাজৱাত-উল-হিন্দ’ৰ দৰে মতাদৰ্শৰ বাবে সন্ত্ৰাসবাদী সংগঠনসমূহক কৌশল, ধৰ্মীয় ন্যায্যতা আৰু প্ৰশিক্ষণ প্ৰদান কৰে। ‘অপাৰেচন সেন্দুৰ’ৰ অধীনত এই দুটা কেন্দ্ৰত ভাৰতে যি বিমান আক্ৰমণ চলাইছিল সেয়া কেৱল সামৰিক কাৰ্য্যই নাছিল, ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প আৰু সাহসৰো প্ৰতীক হিচাপে চিহ্নিত হৈছে।
এই সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ নকৰে। এই কাৰ্য্য কেৱল সামৰিক দৃষ্টিকোণৰ পৰাই নহয়, কূটনৈতিক আৰু নৈতিক দৃষ্টিকোণৰ পৰাও এক ডাঙৰ বাৰ্তা যে ভাৰত আৰু মৌন হৈ নাথাকে।
পাকিস্তানৰ দক্ষিণ পঞ্জাৱত অৱস্থিত বাহাৱালপুৰত মাছুদ আজহাৰ নেতৃত্বাধীন সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় অৱস্থিত হোৱাৰ বাবে ই ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থান আছিল। ২০০১ চনত ভাৰতীয় সংসদত সংঘটিত আক্ৰমণ আৰু ২০১৯ চনত পুলৱামাত সংঘটিত আত্মঘাতী আক্ৰমণকে ধৰি ভাৰতত সংঘটিত হোৱা কেইবাটাও নাৰকীয় আক্ৰমণৰ সৈতে এই সংগঠনটো জড়িত হৈ আছে।
সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত ধ্বংসাৱশেষ বুটলিছে পাকিস্তানী সেনাই
কোটলি
পাকিস্তান অধীকৃত কাশ্মীৰ (POK)ত অৱস্থিত কোটলি হৈছে আত্মঘাতী বোমাৰু আৰু সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া আন এটা প্ৰধান প্ৰশিক্ষণ কেন্দ্ৰ। খবৰ অনুসৰি এই স্থানত এটা সময়ত ৫০ জনতকৈ অধিক সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিব পৰা যায়।
গুলপুৰ
২০২৩ আৰু ২০২৪ চনত জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণৰ এডভান্স লঞ্চিং পেড হিচাপে গুলপুৰ ব্যৱহাৰ কৰা হৈছিল। ইয়াক সন্ত্ৰাসবাদীয়ে ভাৰতীয় কনভয় আৰু সাধাৰণ নাগৰিকক আক্ৰমণৰ মঞ্চ হিচাপেও ব্যৱহাৰ কৰিছিল।
শ্বোৱাই
উত্তৰ কাশ্মীৰৰ সোণামাৰ্গ, গুলমাৰ্গ আৰু পহলগামৰ দৰে স্পৰ্শকাতৰ অঞ্চলত আক্ৰমণৰ সৈতে জড়িত হৈ আছে শ্বোৱাই সন্ত্ৰাসবাদী কেন্দ্ৰ।
সৰজাল আৰু বৰণালা
এই দুয়োটা অঞ্চল আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অৱস্থিত আৰু সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ বাবে প্ৰধান প্ৰৱেশ বিন্দু হিচাপে গণ্য কৰা হয়।
বিলাল কেম্প
শিয়ালকোটৰ সমীপত অৱস্থিত এই মাহমুদা শিবিৰটো কাশ্মীৰত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে। যোৱা কিছু বছৰত এই গোটটো দুৰ্বল হৈ পৰিছে যদিও স্থানীয় লোকৰ নেটৱৰ্ক থকা মাহমুদাৰ দৰে ঠাইৰ পৰা শিশু যুঁজাৰুসকলে প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে।