Sun May 18 2025 4:53:05 AM
  • Follow us on
  • Subcribe

নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পৰা সামৰিক সংঘৰ্ষ এৰাই চলক: ৰাষ্ট্ৰসংঘ

Story by  atv | Posted by   Imtiaz Ahmed • 12 d ago
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ
নিউয়ৰ্ক

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সোমবাৰে ভাৰত আৰু পাকিস্তানক সহজেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পৰা সামৰিক সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ আহ্বান জনায় আৰু সৰ্বাধিক সংযম আৰু সীমাৰ পৰা পিছুৱাই যোৱাৰ আহ্বান জনায়।

জম্মু-কাশ্মীৰৰ পাহালগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি এণ্টনিঅ’ গুটেৰেছে কয় যে দুয়োখন দেশৰ সম্পৰ্ক উতলাংকত উপনীত হোৱা দেখি তেওঁ যন্ত্ৰণাত ভুগিছে।

নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত দিয়া ভাষণত গুটেৰেছে কয় যে, "ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বছৰ বছৰ ধৰি চলি আহিছে। দুয়োখন দেশৰ চৰকাৰ আৰু জনসাধাৰণ আৰু ৰাষ্ট্ৰসংঘৰ কামত তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ প্ৰতি মই গভীৰভাৱে শ্ৰদ্ধা আৰু কৃতজ্ঞ। আৰু সেয়েহে সম্পৰ্কবোৰ এক উতলা বিন্দুত উপনীত হোৱা দেখি মই যন্ত্ৰণাত ভুগিছো।"

পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি তেওঁ কয় যে, "২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যি অনুভৱ হৈছে সেয়া মই বুজি পাওঁ। সেই আক্ৰমণক পুনৰবাৰ তীব্ৰ গৰিহণা দিছো আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।"
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে কয় যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ বাবে দায়ীসকলক বিশ্বাসযোগ্য আৰু বৈধ উপায়েৰে ন্যায়ৰ সন্মুখীন কৰাব লাগিব। লগতে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পৰা সামৰিক সংঘৰ্ষৰ পৰা হাত সাৰিবলৈও তেওঁ দুয়োখন ৰাষ্ট্ৰক আহ্বান জনায়।

"বিশেষকৈ এই জটিল সময়ত সহজে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পৰা সামৰিক সংঘৰ্ষৰ পৰা হাত সাৰিবলৈও অতি প্ৰয়োজনীয়। এতিয়া সৰ্বাধিক সংযম আৰু সীমাৰ পৰা পিছুৱাই যোৱাৰ সময়। দুয়োখন দেশৰ সৈতে মোৰ চলিত যোগাযোগত সেইটোৱেই মোৰ বাৰ্তা হৈ আহিছে। ভুল নকৰিব, সামৰিক সমাধান কোনো সমাধান নহয়, আৰু মই শান্তিৰ সেৱাত দুয়োখন চৰকাৰক মোৰ কাৰ্যালয় আগবঢ়াইছো।" - তেওঁ কয়।

তেওঁ কয় যে উত্তেজনা হ্ৰাস কৰা কূটনীতি আৰু শান্তিৰ প্ৰতি নৱীকৃত প্ৰতিশ্ৰুতিক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপক ৰাষ্ট্ৰসংঘই সমৰ্থন কৰিবলৈ সাজু।