নতুন দিল্লী
সমগ্ৰ ভাৰতবৰ্ষত মুছলমানসকলে আজি ঈদ-উজ-জোহা উদযাপনৰ সময়তে আগশাৰীৰ ধৰ্মীয় পণ্ডিত আৰু বুদ্ধিজীৱীসকলে এক যৌথ আহ্বান জনাই সমাজখনক সতৰ্কতাৰে, সৰলতাৰে, সতীৰ্থ নাগৰিকৰ আৱেগক সন্মান জনাই কুৰবানী (বলিদান) অনুষ্ঠান পালন কৰিবলৈ আহ্বান জনাইছে।
সামূহিক বাৰ্তাত ইছলাম ধৰ্মগুৰুসকলে এই কথাত গুৰুত্ব আৰোপ কৰে যে বলিদান এক গভীৰভাৱে উল্লেখযোগ্য ধৰ্মীয় কৰ্তব্য হ’লেও ইয়াক এনেদৰে পালন কৰিব লাগিব যাতে অনুষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰে আৰু আনৰ অসুবিধা বা দুখৰ সৃষ্টি নহয়।
তেওঁলোকে ৰাজহুৱাভাৱে জীৱ-জন্তুৰ প্ৰদৰ্শন, উচ্চস্বৰে উদযাপন, বা ছ’চিয়েল মিডিয়াত গ্রাফিক কন্টেন্ট শ্বেয়াৰ নকৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁলোকে কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিব লাগিব, আৰু চৰকাৰী নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলা উচিত। ভাৰতৰ গ্ৰেণ্ড মুফতি তথা জামিয়া মাৰ্কাজৰ মুৰব্বী শ্বেখ আবুবকৰ আহমেদে কুৰবানীক ভক্তিৰ এক অবিচ্ছেদ্য কাৰ্য্য বুলি অভিহিত কৰে, যিয়ে নম্ৰতা আৰু ঈশ্বৰৰ বশৱৰ্তী হোৱাক বুজায়।
ঈদৰ বাৰ্তাত ইছলামিক ধৰ্মগুৰুসকলে ভাৰতীয় মুছলমানসকলক আহ্বান জনায় যে তেওঁলোকৰ কোনো কাৰ্য্যই যেন সতীৰ্থ নাগৰিকৰ অনুভৱত আঘাত নিদিয়ে।
তেওঁ কয়, ‘ঈদ-উজ-জোহাই মানৱতাৰ প্ৰতি ত্যাগ আৰু সেৱাৰ শিক্ষা দিয়ে। দেশৰ সমৃদ্ধি আৰু উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাক এই অনুষ্ঠানে সোঁৱৰাই দিব বুলি মই আশাবাদী।” উৎসৱৰ বতৰত দৰিদ্ৰ, ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ যত্ন লোৱাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু উদযাপনক হিংসা আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰি ৰখাৰ আহ্বান জনায়।
নিষিদ্ধ জীৱ-জন্তু বলি দিয়াৰ বিৰুদ্ধে সকীয়াই দি শ্বেখ আবুবকৰ আহমেদে পশুৰ আৱৰ্জনা সঠিকভাৱে নিষ্কাশন কৰাত গুৰুত্ব আৰোপ কৰে। ‘ছ’চিয়েল মিডিয়াত কুৰবানীৰ ছবি পোষ্ট নকৰিব। আহক আমি শান্তি আৰু সদিচ্ছাক প্ৰসাৰিত কৰোঁ, বিবাদ নহয়।”-তেওঁ এইদৰে আহ্বান জনায়।
জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানী
ইফালে, প্ৰখ্যাত পণ্ডিত মৌলানা জাহিৰ আব্বাছ ৰিজভিয়ে কয় যে কুৰবানী কেৱল ঈশ্বৰৰ বাবে কৰা এক আধ্যাত্মিক কাম, আৰু ধন-সম্পত্তি বা মৰ্যাদাৰ প্ৰদৰ্শন হ’ব নালাগে। ‘এই দিনটো পশু বলিদানৰ দিন, ই আমাৰ অন্তৰ্নিহিত নিস্বাৰ্থতাৰ মনোভাৱৰ প্ৰতীক। যিসকলে আল্লাহক ভাল পায়, তেওঁলোকে মনোযোগ বা প্ৰশংসা নিবিচাৰে, মনে মনে আৰু সন্মানেৰে কুৰবানী কৰিব লাগে।”
জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানীয়ে মুছলমান সমাজক সোঁৱৰাই দিয়ে যে যিসকলৰ সামৰ্থ্য আছে তেওঁলোকৰ বাবে কুৰবানী ধৰ্মীয় বাধ্যবাধকতা। অৱশ্যে বৰ্তমানৰ পৰিৱেশত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় বুলি তেওঁ জোৰ দিয়ে। বিশেষকৈ ছ’চিয়েল মিডিয়াত বলি দিয়া জীৱ-জন্তুৰ ছবি শ্বেয়াৰ নকৰিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে।