মুছলমানসকলৰ বাবে ঈদ-উল-আজহাত পশু কোৰবাণী দিয়াটো বাধ্যতামূলক নহয়

Story by  atv | Posted by  [email protected] • 14 h ago
কোৰবাণীৰ বাবে সাজু কৰা হৈছে এটা ছাগলী (প্ৰতিনিধিত্বমূলক ফটো)
কোৰবাণীৰ বাবে সাজু কৰা হৈছে এটা ছাগলী (প্ৰতিনিধিত্বমূলক ফটো)
 
আমিৰ ছুহাইল ৱানী

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম  গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ঈদ উল-আজহা অৰ্থাৎ কোৰবাণীৰ উৎসৱ। এই উৎসৱত হজৰত ইব্ৰাহিমে (আব্ৰাহাম) আল্লাহৰ আজ্ঞা পালন কৰি নিজৰ পুত্ৰক বলিদান দিয়াৰ তেওঁৰ সাহস আৰু ত্যাগৰ স্মৃতিত উদযাপন কৰা হয়। কিন্তু সময়ৰ লগে লগে এই গভীৰ আধ্যাত্মিক উৎসৱটো পশু  কোৰবাণীৰ ব্যাপক প্ৰথালৈ বিকশিত হৈ পৰিছে।

বহু ঠাইত যেন এই উৎসৱটোৰ প্ৰকৃত অৰ্থ আৰু মূল্যবোধ হেৰাই গৈছে। মহান আৰু গভীৰ ত্যাগৰ প্ৰতীক ঈদ-উল-আজহাৰ নৈতিক আৰু আধ্যাত্মিক মাত্ৰাত আধুনিকতাৰ ছাঁ পৰিব ধৰিছে। ইছলামিক শিক্ষা অনুসৰি পশু কোৰবাণী নূন্যতম কৰি এতিয়াও অৰ্থপূৰ্ণভাৱে ঈদ-উল-আজহা উদযাপন কৰাটো সম্ভৱ। 

কোৰবাণীয়ে আল্লাহৰ সম্পূৰ্ণ বশৱৰ্তী হোৱা আৰু তেওঁৰ আজ্ঞা পালনক প্ৰতিনিধিত্ব কৰে। এগৰাকী ব্যক্তিয়ে আল্লাহৰ ইচ্ছাৰ বাবে নিজৰ ইচ্ছা, সম্পত্তি আৰু আনকি নিজৰ জীৱনটো ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰাটোৱে হ'ল কোৰবাণী। হজৰত ইব্ৰাহিমে (আ:) আল্লাহৰ বাবে নিজৰ পুত্ৰ ইছমাইলক কোৰবাণী দিবলৈ সামান্য পৰিমাণেও আপচোচ নকৰি যেনেকৈ সাজু হৈছিল, সেই কাৰ্য্যই তেওঁৰ এই ত্যাগ মনোভাৱৰ উদাহৰণ দাঙি ধৰে। এটা পশু কোৰবাণী দিয়া কাৰ্য্যই গভীৰ আধ্যাত্মিক প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে।   

কোৰবাণীৰ প্ৰকৃত অৰ্থ হ’ল নিস্বাৰ্থ, নম্ৰ  আৰু যত্নশীল হোৱা। আনৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়া আৰু আৰ্তজনক নিজে সহায় কৰা আৰু আনকো সহায় কৰিবলৈ সোঁৱৰাই দিয়া। 
 

মছজিদৰ সন্মুখত ঈদৰ নামাজ
 
দুৰ্ভাগ্যজনকভাৱে বৰ্তমান বহু ঠাইত বহু মুছলমানে কোৰবাণীৰ সৎ আৰু মহৎ উদ্দেশ্যৰ পৰা বিচলিত হোৱা দেখা গৈছে। এই উৎসৱৰ আধ্যাত্মিক অৰ্থৰ পৰা আঁতৰি পশুৰ আকাৰ আৰু সংখ্যাৰ ওপৰত প্ৰতিযোগিতা কৰা পৰিলক্ষিত হৈছে। যিটো  উৎসৱ আধ্যাত্মিক আৰু ত্যাগৰ উৎসৱ হ'ব লাগে, সেয়া বহু ক্ষেত্ৰত সামাজিক প্ৰদৰ্শন বা প্ৰতিযোগিতাত পৰিণত হৈছে। যিয়ে এই উৎসৱৰ মূল উদ্দেশ্যক ভেঙুচালি কৰিছে।  

ইছলামিক শিক্ষাত জীৱ-জন্তুৰ প্ৰতি সদায় দয়া কৰাৰ নিৰ্দেশনা দিয়া হৈছে। হজৰত মহম্মদে সকলো মানৱ জাতিক কোৰবাণীৰ সময়তো জীৱ-জন্তুৰ লগত দয়ালু ব্যৱহাৰ কৰিবলৈ শিকাইছিল, মানৱীয় ব্যৱহাৰ বজাই ৰাখিবলৈ আহ্বান জনাইছিল। 

হজৰত মহম্মদে (ছ:) কোৰবাণীৰ সময়তো জীৱ-জন্তুৰ প্ৰতি দয়ালু ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰিছিল। বধ কৰাৰ সময়তো মানৱীয়ভাৱে আৰু নূন্যতম দুখ-কষ্টৰে কৰিব লাগে বুলি শিক্ষা দিছিল। বধ কৰাৰ সময়ত নিজৰ চুৰি অত্যন্ত চোকা কৰি সোনকালে বধ কৰিবলৈ নিৰ্দেশ দিছিল যাতে পশুটোৱে বেছি কষ্ট নাপায়। 

হজৰত মহম্মদে এইটোও শিকাইছিল যে, জীৱ-জন্তুৰ ওপৰত অপ্ৰয়োজনীয় নিষ্ঠুৰতা দেখুৱাব নালাগে।  যেনে সন্মুখত চুৰি চোকা কৰি থাকিব নালাগে। ইছলামে নিষ্ঠুৰভাৱে বধ কৰা পশুৰ মাংসক হাৰাম (অবৈধ) বা নিষিদ্ধ বুলি গণ্য কৰে।
 

কোৰবাণীৰ বাবে অনা দুটা ছাগলীৰ সৈতে দুজন মুছলমান যুৱক
 
কোৰবাণীৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল মাংস বিতৰণ। চুন্নাহৰ মতে, মাংস তিনিটা ভাগত ভাগ কৰিব লাগে— এটা কোৰবাণী দিয়া ব্যক্তিজন বা নিজৰ পৰিয়ালটোৰ বাবে, এটা আলহী আৰু বন্ধু-বান্ধৱীৰ বাবে আৰু আন এটা দুখীয়া লোকসকলৰ বাবে। এই প্ৰক্ৰিয়াৰদ্বাৰা ভাগ-বতৰা কৰিলে কেৱল কোৰবাণী দিয়া ব্যক্তিজনৰেই নহয়, বহল সমাজখনকহে উপকৃত কৰে। তথাপিও আজিৰ দিনত কোৰবাণীৰ পদ্ধতিয়ে প্ৰায়ে এই সামাজিক মাত্ৰাক অৱহেলা কৰে। 

সকলো মুছলমান লোকৰ বাবে পশু কোৰবাণী কৰাটো প্ৰয়োজনীয় নেকি? সেই লৈও ইছলামিক পণ্ডিতসকলৰ মাজত বিতৰ্ক অব্যাহত আছে। কিছুমান ইছলামিক পণ্ডিতে যুক্তি আগবঢ়ায় যে, কোৰবাণী কেৱল হজযাত্ৰাত  অংশগ্ৰহণ কৰা সকলৰ বাবেহে বাধ্যতামূলক, আনহাতে আন কিছুমানে ইয়াক আৰ্থিকভাৱে সক্ষম মুছলমানসকলৰ বাবে চুন্নাহ-এ-মু’আক্কাদাহ (কৰিলে পূণ্য, নকৰিলে পাপ) হিচাপে গণ্য কৰে।  

আধুনিক কিছু ইছলামিক পণ্ডিতে যুক্তি আগবঢ়ায় যে, সকলো মুছলমানৰ বাবে পশু কোৰবাণী দিয়াটো সাৰ্বজনীনভাৱে প্ৰয়োজনীয় নহয়। 

উদাহৰণস্বৰূপে ইছলামিক পণ্ডিত খালিদ হুছেইনে যুক্তি আগবঢ়ায় যে কোৰাণ বা নবীয়েও মুছলমানসকলৰ বাবে কোৰবাণী বা হজৰ কথা স্পষ্টভাৱে নিৰ্দেশ দিয়া নাছিল। তেওঁৰ দাবী, "আল্লাহ, কোৰাণ আৰু নবীয়ে কেতিয়াও হজ নকৰাসকলৰ ওপৰত পশু কোৰবাণীৰ নিয়ম নিৰ্ধাৰণ কৰা নাই, কিন্তু ই মৌলবীসকলে সৃষ্টি কৰা এক ভ্ৰান্ত ধাৰণা। কোৰাণত স্থানীয় কোৰবাণীৰ কোনো ব্যৱস্থা নাই।" 

এই দৃষ্টিভংগীয়ে আধুনিক বাস্তৱতাৰ প্ৰেক্ষাপটত কোৰবাণীৰ দৰে পৰম্পৰাগত প্ৰথাক পুনৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰিছে। বিতৰ্কটোৱে কেৱল পৰম্পৰাক নিজৰ স্বাৰ্থত বা মৰ্যাদাৰ প্ৰতীক হিচাপে অনুসৰণ নকৰি, আচাৰ-ব্যৱহাৰক ইয়াৰ মূল অৰ্থ আৰু মূল্যবোধৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰিবলৈ জোৰ দিয়ে। 
 

ঈদৰ বজাৰত ছাগলীৰ ভিৰ
 
কোৰবাণীৰ সৈতে জড়িত বৃহৎ পৰিসৰৰ পশু হত্যাই পশু কল্যাণৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে। পৰিবহণ আৰু বধৰ সময়ত বহু জীৱ-জন্তুৱে নিষ্ঠুৰ ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। ইয়াৰদ্বাৰা ইছলামিক মমতাৰ মূল্যবোধৰ বিৰোধিতা কৰা হৈছে। তদুপৰি  পশুহত্যাক কেন্দ্ৰ কৰি পৰিৱেশকো প্ৰায়ে অৱহেলা কৰা হয়।  

কোৰবাণীৰ আঁৰৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত মুছলমানসকলে গুৰুত্ব দিব লাগে। আল্লাহৰ প্ৰতি আনুগত্য বৃদ্ধি কৰা আৰু আৰ্তজনৰ সেৱাত গুৰুত্ব দিব লাগে। মছজিদ আৰু ইছলামিক প্ৰতিষ্ঠানসমূহত শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰিব লাগে, যাতে অৰ্থপূৰ্ণ ভক্তিলৈ মনোযোগ স্থানান্তৰিত হ'ব পাৰে।

এইটোও স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ যে, কোৰবাণী সকলোৰে বাবে বাধ্যতামূলক নহয়। যিসকল আৰ্থিকভাৱে দুৰ্বল বা হজযাত্ৰা কৰিবলৈ সক্ষম নহয়, তেওঁলোকে কোৰবাণীৰ বিকল্প হিচাপে দান-বৰঙণিৰ জৰিয়তে কোৰবাণীৰ মনোভাৱ পূৰণ কৰিব পাৰে।

জীৱ-জন্তুৰ প্ৰতি মানৱীয় ব্যৱহাৰ নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত বধৰ বাবে প্ৰশিক্ষিত কৰ্মী আৰু প্ৰমাণিত সুবিধা ব্যৱহাৰ কৰা, পশুৰ দুখ-কষ্ট কম কৰা আৰু দয়ালু ব্যৱহাৰৰে বধ কৰাৰ কঠোৰ নিৰ্দেশনা মানি চলা।

মুছলমানসকলক বিকল্প দান-বৰঙণিৰ কথা বিবেচনা কৰিবলৈ উৎসাহিত কৰা উচিত। অন্যথা  পশু কোৰবাণীৰ বাবে ব্যৱহাৰ কৰা ধনক দীৰ্ঘম্যাদী দৰিদ্ৰতা নিৰাময়, শিক্ষা, স্বাস্থ্যসেৱা আৰু অন্যান্য বহনক্ষম উন্নয়নৰ পদক্ষেপ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব।

এই ধৰণৰ প্ৰচেষ্টাই প্ৰায়ে মাংস এককালীন বিতৰণতকৈ বহু বেছি আৰু স্থায়ী প্ৰভাৱ পেলাব। পশু কোৰবাণীৰ বিকল্প প্ৰতিষ্ঠানিক সমাধানে মূল ভূমিকা ল’ব পাৰে। ইছলামিক দাতব্য সংস্থা আৰু সম্প্ৰদায়ৰ নেতাসকলে সামূহিক বলিদানৰ আয়োজন কৰিব পাৰে বা “ভাৰ্চুৱেল কোৰবাণী” বিকল্প আগবঢ়াব পাৰে, য’ত দাতাসকলে মানৱীয় কামৰ বাবে এটা প্ৰাণীৰ সমতুল্য খৰচ কৰিব পাৰে। ইয়াৰ ফলত পশুৰ সমতুল্য টকাৰে সমাজত বিভিন্ন ধৰণৰ ইতিবাচক কাম হ'ব পাৰে। ইয়াৰ ফলত বধ কৰা জীৱ-জন্তুৰ সংখ্যাও হ্ৰাস পাব। 

প্ৰতি বছৰে পশু কোৰবাণীৰ বাবে ব্যয় কৰা বিশাল আৰ্থিক সম্পদ বিশ্বজুৰি বিভিন্ন ইতিবাচক কাম-কাজত ব্যৱহাৰ কৰিব পৰা যাব। খাদ্য সুৰক্ষা, শিশুৰ পুষ্টি, শৈক্ষিক বৃত্তি, বা জৰুৰীকালীন সাহায্যক সমৰ্থন কৰা প্ৰকল্পসমূহে দুৰ্বল সম্প্ৰদায়সমূহৰ দীৰ্ঘম্যাদী প্ৰয়োজনীয়তাসমূহ ভালদৰে পূৰণ কৰিব। এনে প্ৰচেষ্টাই বাস্তৱ আৰু জৰুৰী বিষয়সমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে কোৰবাণীৰ নৈতিক আৰু দাতব্য লক্ষ্যক সন্মান জনাব পাৰে। 
 
ঈদৰ প্ৰাকসন্ধিয়া দিল্লীৰ জামা মছজিদৰ পৰিৱেশ 
 
ঈদ-উল-আজহা কেৱল আচাৰ-ব্যৱহাৰ নহয়, চিন্তা-চৰ্চা, উদাৰতা, আৰু সঁচা ত্যাগৰ প্ৰতীক হ’ব লাগে। কোৰবাণীৰ গভীৰ আধ্যাত্মিক আৰু নৈতিক মাত্ৰাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলে পশু কোৰবাণীৰ বিকল্প হিচাপে মানৱতাৰ আজ্ঞা, মমতা আৰু আৰ্তজনৰ সেৱাৰ মূল্যবোধক পুনৰুজ্জীৱিত কৰিব পাৰে। 

অপ্ৰয়োজনীয় পশু কোৰবাণীক নূন্যতম কৰি, মানৱীয় প্ৰথাক প্ৰসাৰিত কৰা আৰু দীৰ্ঘম্যাদী দাতব্য প্ৰচেষ্টাক উৎসাহিত কৰি মুছলমানসকলে কোৰবাণীৰ প্ৰকৃত উদ্দেশ্যক সন্মান কৰিব পাৰে। পৰম্পৰাৰ সৈতে মানৱ ধৰ্ম আৰু বহনক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে।