আয়েছা আশ্রাফ আহমেদ
ইছলাম ধৰ্মত দুটা প্রধান পর্ব হৈছে ঈদ-উল-ফিটৰ আৰু আনটো হল ঈদ-উজ-জোহা। ৰমজান মাহৰ এমাহ ৰোজা ৰখাৰ অন্তত ঈদ-উল-ফিটৰ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰায় আঢ়ৈ মাহৰ পিছত ঈদ-উজ-জোহা পালন কৰা হয়। এই উৎসৱক ঈদ-উল-আজহা বা বকৰীদ অথবা কোৰবাণী ঈদ বুলিও জনা যায়।
ইছলামিক কেলেণ্ডাৰৰ শেষ মাহ জিলহজ মাহ। জিলহজ মাহৰ ৯ তাৰিখে মক্কাত গোটেই পৃথিৱীৰ মানুহে গোট খাই হজব্রত পালন কৰে। তাৰ পিছ দিনাই অৰ্থাৎ ১০ তাৰিখৰ দিনা পৃথিৱীৰ ইছলাম ধর্মী লোকে নিজ নিজ ঠাইত ঈদ-উজ-জোহা পালন কৰে। অৱশ্যে হাজীসকলৰ বাবে বিশেষ কোনো উৎসৱ নাই। কিন্তু এই ১০ জিলহজৰ দিনটোতে ৰমী কৰে আৰু কোৰবাণী দি, পুৰুষ হাজীসকলে চুলি খুৰাই লৈ এহৰাম অৰ্থাৎ হজ্জৰ বাবে গাত লোৱা চিলাই নথকা বগা চাদৰ দুখন খুলি চিলাই থকা নিজা পোছাক পৰিধান কৰে।
কোৰবাণী কি আৰু ই কেনেকৈ প্রচলিত হয়?
নির্দিষ্ট দিৱসত নির্দিষ্ট জন্তু চোৱাব বা পূণ্যৰ উদ্দেশ্যে জবেহ কৰাকে কোৰবাণী দিয়া বুলি কয়। কোৰবানী দিয়াতো হৈছে ইব্রাহীম (আ:)ৰ চুন্নত অর্থাৎ হজৰত ইব্রাহীম (আ:)ৰ দ্বাৰা আৰম্ভ কৰা প্রথা। এই প্রথা প্রচলিত হোৱাৰ লগত এটা ঐতিহাসিক ঘটনা জড়িত হৈ আছে।
কোৰবানীৰ বাবে ভেড়া বিক্ৰী কৰি থকা এক দৃশ্য
ঘটনাটিৰ কথা কোৱাৰ আগতে তাৰ পটভূমি চাব লাগিব৷ ইপ্সিত অৰ্থাৎ আশা কৰা কিবা এটা পোৱাৰ উদ্দেশ্যে নৰ-বলি দিয়াই হওঁক অথবা পশু বলি দিয়া প্রথা জগতত অতীজৰে পৰা চলি আহিছিল। কোনো কোনোৱে মানস কৰিছিল যদি মোৰ অমুক কামটোত সিদ্ধি লাভ হয়, তেতিয়া মোৰ অমুক সন্তানটোক দেৱতাৰ উদ্দেশ্যে বলি দিম। আনকি ঘৰ-বাৰী বা কুঁৱা আদি খন্দাৰ আগতেও দেৱতাক তুষ্ট কৰাৰ বাবে নৰ-বলি দিছিল।
এই নৰ বলি দিয়া প্ৰথা সেই সময়ত আৰব দেশসমূহত প্রকাশ্যভাৱেই চলিছিল। ইছলামৰ শেষ নৱী হজৰত মহম্মদ (দ:) অহাৰ ৩০০০ মান বছৰৰ পূৰ্বে এগৰাকী সাধু পুৰুষৰ জন্ম হয়। মাথো এক সৃষ্টিকৰ্তাক বিশ্বাসী এই গৰাকী পাছলৈ ইছলামৰ এগৰাকী উচ্চ মর্যাদাৰ পয়গম্বৰ হয় আৰু তেৱেঁই হৈছে ইব্রাহীম (আ:)।
এবাৰ ইব্রাহীম (আ:) এ এক আল্লাহৰ আদেশ পালন কৰিবলৈ গৈ নিজৰ চকুৰ মণি, অতিকৈ মৰমৰ পুত্ৰ ইছমাইলক কোৰবাণী দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। যেনে পিতা তেনে পুত্র। পিতা অলপ বিচলিত হৈছিল বাবে মাথো সাত বছৰীয়া পুত্ৰ ইছমাইলেই বাপেকক চকুত কাপোৰ বান্ধি আল্লাহৰ আদেশ পালন কৰিবলৈ কৈ অকনো দ্বিধাবোধ নকৰি নিজৰ ডিঙি পাতি দিয়ে। আল্লাহৰ আদেশ পালনৰ কি যে আত্মত্যাগ। বাপেক ইব্রাহীমেও আল্লাহৰ আদেশকে মূৰ পাতি লৈ পুতেক ইছমাইলৰ ডিঙিত চুৰি চলাই দিয়ে। স্বর্গ-মর্ত যেন কঁপি উঠিল। কিন্তু আল্লাহৰ কি মহিমা! ক'ত ইছমাইলৰ পৱিত্ৰ তেজেৰে ধৰা ৰাঙলী হ'ল, তাৰ পৰিবৰ্তে ছোন ভেড়া ছাগলী এটাহে কোৰবাণী হৈ পৰি থাকে। এনে পৰিবৰ্তন দেখি পিতা-পুত্রই কান্দিবলৈ ধৰে। তেওঁলোকৰ আশঙ্কা হল আল্লাহে তেওঁলোকৰ কোৰবাণী গ্ৰহণ নকৰিলে বুলি। এনেতে দৈৱবাণী হল, "ইব্রাহীম, তুমি শোক নকৰিবা। আল্লাহে ৰক্ত গ্ৰহণ নকৰে, মাংসও গ্ৰহণ নকৰে। তোমাক মাথো পৰীক্ষা কৰা হ'ল। এই পৰীক্ষাত তুমি কৃতকার্য হ'লা।"
আঠগাওঁস্থিত গুৱাহাটী ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়াৰ এক দৃশ্য
সি যি নহওঁক, এই কোৰবাণীৰ খবৰ চাৰিওফালে বিয়পি পৰে। এই অলৌকিক ঘটনাৰদ্বাৰা মানুহে ভালকৈয়ে বুজি পালে যে মানুহে মানুহ বলি দিয়াটো আল্লাহৰ অভিপ্রেত নহয়। তাতোকৈ ডাঙৰ কথা হল, সেই সময়ত আৰব দেশত নৰ বলি দিয়াৰ যি দুৰ্নীতি চলি আহিছিল, সেয়া এক পাপ কার্য হিচাবে পৰিগণিত হ'ল আৰু সেই দুর্নীতি সমূলঞ্চে বাতিল হৈ যায়।
বৰ্তমান সময়ত কোৰবাণীৰ প্ৰাসংগিকতাঃ
আজিও প্ৰতি বছৰে হজ্জৰ সময়ত সকলো হাজীয়ে জিলহজ মাহৰ ১০ তাৰিখে কোৰবাণী দিয়ে। কোৰবাণীৰ মাংস চৌদি চৰকাৰে সেই ঠাইৰ দুখিয়ালোকৰ লগতে আন দেশৰ গৰীৱলোকৰ মাজত আৰু বিশেষকৈ খাদ্য-সংকটত ভোগা দেশত বিতৰণ কৰে। পৃথিৱীৰ সামর্থ্যৱান মুছলমানসকলেও নিজ নিজ ঠাইত ঈদ-উজ-জোহাৰ সময়ত সমূহীয়া নামাজৰ পিছত আগ্ৰহৰে আৰু আনুষ্ঠানিকভাৱে কোৰবাণী দিয়া প্রথা পালন কৰি আহিছে। ইয়াৰদ্বাৰা নিজৰ তাকৱা অৰ্থাৎ এক আল্লাহৰ আনুগত্য হোৱাৰ প্ৰৱণতা জগাই তুলি আত্মসন্তুষ্টি লাভ কৰে। কৰুণাময় আল্লাহৰ সন্তুষ্টি লাভ আৰু আদেশ পালনেই হৈছে কোৰবাণীৰ প্ৰধান উদ্দেশ্য।
প্ৰায় ৬ দশক পূৰ্বে মক্কাৰ এখন ছবি
নিয়ম অনুসৰি কোৰবাণীৰ মাংস তিনিভাগ কৰা হয়। এভাগ নিজৰ কাৰণে ৰাখি, এভাগ নিজৰ আত্মীয়-স্বজনৰ মাজত আৰু আনভাগ গৰীৱ-মিচকীনক বিলাই দিব লাগে। হজৰত মহম্মদ (দ:)এ কৈছিল, কোৰবাণী দিয়াজনে কোৰবানী দিয়া পশুটোৰ প্ৰতিডাল নোমৰ সমান পুণ্য আৰ্জন কৰে। জীৱনৰ শেষ দহ বছৰকাল হজৰত মহম্মদ (দ:)এ মদীনা শ্বৰীফত থকাৰ সময়ত কেতিয়াও কোৰবাণী নিদিয়াকৈ থকা নাছিল। ইয়াৰ পৰাই বুজিব পাৰি কোৰবাণী দিয়াৰ মহত্ত্ব কিমান।
আমি এখন Pluralistc সমাজত বাস কৰো। সেয়ে, আন ধৰ্মাৱলম্বীলোকৰ আৱেগ-অনুভূতি যাতে ক্ষুন্ন নহয় আৰু সমাজৰ শান্তি বিঘ্নিত নহয় তাৰ বাবে কোৰবাণী দিয়াৰ ক্ষেত্ৰত কিছু সতর্কতা অৱলম্বন কৰা উচিত। নিশ্চয়কৈ সমাজ এখনৰ শান্তি সকলোৰে কাম্য। কোৰবাণীত কেৱল গৰু দিলেহে হয় বুলি কোনো বাধ্য-বাধকতা নাই। ছাগলী, ভেড়া আদি পশুও কোৰবাণী দিব পাৰি। প্ৰকৃততে, যি ঠাইত যি পশু সহজে উপলদ্ধ, সেয়াই কোৰবাণী দিয়া হয়।
(লেখিকা এগৰাকী শ্বিলং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা)