গুৱাহাটী
সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। অহা ৭ মে'ত অনুষ্ঠিত হ'ব ভোটগ্রহণ। ৭ মে'ত হ'বলগা ভোট গ্রহণৰ বাবে সাজু হৈছে ৰাজ্যৰ ১৩ খন জিলাৰ জিলা প্রশাসন।
দ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগা জিলাকেইখন হ'ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।
ভোটগ্রহণ অনুষ্ঠিত হ'বলগা জিলাকেইখনৰ দুর্গম স্থানসমূহলৈ আজিৰে পৰা যাত্ৰা আৰম্ভ কৰিছে প্রিজাইডিং আৰু প'লিং বিষয়াসকল।
দ্বিতীয় পর্যায়ৰ পঞ্চায়ত নির্বাচন হ'বলগা জিলাকেইখনৰ সৰ্বমুঠ ভোটাৰ হ'ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল ৪৬ লাখ ৩০ হেজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ'ল ৪৪ লাখ, ৯৯ হেজাৰ ৯৫২ গৰাকী।
মুঠ ভোটগ্রহণ কেন্দ্র হ'ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ নির্বাচনত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত ২.৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যৰ পদত ২৬,৭২৫ গৰাকী প্রার্থীয়ে প্রার্থিত্ব আগবঢ়াইছে।
বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুঠ প্রার্থী হ'ল ১,২৮৯ গৰাকী। ইয়াৰ ভিতৰত জিলা পৰিষদৰ সদস্য পদত ২১ গৰাকী, আঞ্চলিক পঞ্চায়তত ১৫১ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১,১১৭ গৰাকী।
দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ'বলগা নির্বাচনত জিলা পৰিষদৰ সমষ্টি হ'ল ১৮১ টা, আঞ্চলিক পঞ্চায়তৰ সমষ্টি ৮৭ টা আৰু গাঁও পঞ্চায়তৰ সমষ্টি হ'ল ১০,৫৩০ টা। অহা ৭ মে'ত পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ হ'ব ভোটগ্রহণ।