গুৱাহাটী
পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পৰিপ্ৰেক্ষিতত অহা ৫ মে'ৰ বিয়লি ৪.৩০ বজাৰ পৰা ৭মে'ৰ বিয়লি ৪.৩০ বজালৈ কামৰূপ (মহানগৰ) জিলাত ড্রাই ডে' ঘোষণা কৰিছে প্রশাসনে।
তদুপৰি ১১ মে'ৰ ফলাফল ঘোষণা কৰাৰ দিনটোতো ড্রাই ডে' ঘোষণা কৰা হৈছে। এই সময়ছোৱাত বন্ধ থাকিব সকলোধৰণৰ সুৰাৰ বিপণী, অন শ্বপ, অফ শ্বপ, বণ্ডেড বেৰহাউছ, বাৰ আদি।
উল্লেখযোগ্য যে, অহা ৭ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ। আনহাতে ফলাফল ঘোষণা কৰা হ'ব অহা ১১ মে'ত।