নৌছাদ আখতাৰ
কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল চহৰৰ নাম শুনিলেই সাধাৰণতে বুৰহান ৱানীৰ দৰে দুধৰ্ষ সন্ত্ৰাসবাদীৰ কথা আমাৰ মনলৈ আহে। কিন্তু ট্ৰালৰ পৰা পোন্ধৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত পুলৱামা জিলাৰ দাদাসৰা গাঁওখনে এজন বিশেষ ব্যক্তিক লৈ গৌৰৱ কৰে। তেওঁ হৈছে মেজৰ জেনেৰেল মহম্মদ আমিন নাইক। প্ৰায় একেটা অঞ্চলৰে এই যুৱকজনে সন্ত্ৰাসবাদৰ পৰিৱৰ্তে ৰাষ্ট্ৰ নিৰ্মাণৰ পথ বাছি লৈছিল।
মহম্মদ আমিন নাইক ভাৰতীয় সেনাবাহিনীত জেনেৰেল হোৱা প্ৰথমজন কাশ্মীৰী মুছলমান হোৱাই নহয়, নিজৰ কৰ্ম আৰু চিন্তাৰ জৰিয়তে তেওঁ হাজাৰ হাজাৰ যুৱক-যুৱতীক মৌলবাদ আৰু সন্ত্ৰাসবাদৰ পৰিৱৰ্তে উন্নয়ন আৰু দেশপ্ৰেমৰ পথ দেখুৱাইছিল। মেজৰ জেনেৰেল নাইকৰ যাত্ৰা কেৱল সামৰিক সেৱাতে সীমাবদ্ধ নাছিল। ইয়াৰ উপৰিও তেওঁ এজন পেছাদাৰী অভিযন্তা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু এজন নিপুণ পৰ্বতাৰোহী আছিল। ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইঞ্জিনিয়াৰ্ছলৈ তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল, য’ত তেওঁ কেৱল যুদ্ধ দক্ষতাই নহয়, আন্তঃগাঁথনি আৰু সংগঠন নিৰ্মাণৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল।
তেওঁৰ নেতৃত্বত নন্দ দেৱী পৰিৱেশ অভিযান সফলতাৰে আয়োজন কৰা হয় আৰু তেওঁ পুনেত সেনা ক্ৰীড়া প্ৰতিষ্ঠানৰ ভেটিও স্থাপন কৰে, যিটো প্ৰতিষ্ঠানে আজি দেশৰ বহু কেইগৰাকী চেম্পিয়ন খেলুৱৈৰ জন্ম দিছে। আমিন নাইক ক্ৰীড়াৰ ক্ষেত্ৰত অৰ্জুন বঁটা লাভ কৰা ভাৰতীয় সেনাৰ অন্যতম বিষয়া। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ'য়িঙত ৮টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ ২টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰে দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁৰ এই কৃতিত্বই দেখুৱাইছে যে, এজন সৈনিকে কেৱল বন্দুকেৰে নহয়, ক্ৰীড়াৰেও নিজৰ দেশৰ সেৱা কৰিব পাৰে।
মেজৰ জেনেৰেল মহম্মদ আমিন নাইক
জম্মু আৰু কাশ্মীৰৰ ট্ৰালৰ দৰে অঞ্চলত সাধাৰণতে যুৱক-যুৱতীসকলক অস্ত্ৰ তুলি ল’বলৈ প্ৰলোভিত কৰা হয়। তেনে এটা অঞ্চলত মেজৰ জেনেৰেল নাইকে যুৱক-যুৱতীসকলক সেনাবাহিনীত যোগদান, শিক্ষা গ্ৰহণ আৰু আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত আজি ভাৰতীয় সেনা, চি আৰ পি এফ আৰু আৰক্ষী বাহিনীত শতাধিক কাশ্মীৰী যুৱকে সেৱা আগবঢ়াইছে।
তেওঁ দেখুৱাই দিলে যে, সঠিক দিশ দিলে কাশ্মীৰৰ সন্তানসকলো দেশৰ বাবে বীৰত্ব আৰু সন্মানৰ নিদৰ্শন হ’ব পাৰে। মেজৰ জেনেৰেল নাইকে কেৱল সেনা বাহিনী আৰু ক্ৰীড়াতে নহয়, শিক্ষাৰ ক্ষেত্ৰতো উল্লেখযোগ্য কাম কৰিছিল। কাশ্মীৰৰ এখন আগশাৰীৰ ছোৱালী বিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেওঁ পৰ্যাপ্ত সা-সুবিধা প্ৰদানেৰে শ শ ছোৱালীক শিক্ষা প্ৰদান কৰিছে। তেওঁৰ মতে "যদি কাশ্মীৰ সলনি হ'ব লাগে, তেন্তে কন্যাসকলক শিক্ষিত কৰিব লাগিব।"
মেজৰ জেনেৰেল নাইকৰ প্ৰেৰণাদায়ক কাহিনীটো শেহতীয়াকৈ ভাৰতীয় সৈনিকৰ কাহিনীৰ আধাৰত নিৰ্মিত "Undefeated - Soldiers of Courage" শীৰ্ষক ৱেব ছিৰিজতো প্ৰদৰ্শিত হৈছিল। ৱেব ছিৰিজখনত কোৱা হৈছে যে কেনেকৈ এজন যুৱকে এখন গাঁৱৰ পৰা ওলাই আহি দেশৰ আগশাৰীৰ সামৰিক বিষয়া হ’ল আৰু নিজৰ সৰলতা, মমতা, কৰ্তব্যবোধ বাহাল ৰাখিছে।
জেনেৰেল নাইকৰ কাহিনীয়ে দেখুৱাইছে মানুহৰ জন্ম ভুল ঠাইত হ’ব পাৰে, কিন্তু তাৰ পৰাই গন্তব্যস্থান নিৰ্ণয় নহয়। তেওঁ এক সন্ত্ৰাসজৰ্জৰ আৰু আতংকৰে ভৰা অঞ্চলৰ পৰা উঠি আহিছিল। কিন্তু নিজৰ সাহস আৰু সেৱাৰ দ্বাৰা কাশ্মীৰ আৰু ভাৰতক তেওঁ এক নতুন পথ দেখুৱাইছিল।
তেওঁ এনে এক ভাৰতৰ শ্ৰেষ্ঠ উদাহৰণ, য’ত জাতি-ধৰ্ম আৰু অঞ্চলৰ উৰ্ধত কেৱল কৰ্তব্য আৰু সেৱাক স্বীকৃতি দিয়া হয়। বন্দুকৰ পৰিৱৰ্তে গ্ৰন্থ, সেনাৰ পোছাক আৰু কঠোৰ পৰিশ্ৰমেৰে দেশৰ সৈতে থিয় দিব বিচৰা প্ৰতিজন কাশ্মীৰী যুৱকৰ হৃদয়ত আজিও জীয়াই আছে জেনেৰেল নাইকৰ উত্তাৰাধিকাৰ।
কৰ্তব্যৰত অৱস্থাত মেজৰ জেনেৰেল মহম্মদ আমিন নাইক
উল্লেখ্য যে, ১৯৫৩ চনৰ ২৫ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ দাদাসৰা গাঁৱত মহম্মদ আমিন নাইকৰ জন্ম হৈছিল। তেওঁ প্ৰাথমিক শিক্ষা বিচপ কটন স্কুল (বিস্কো) আৰু পৰৱৰ্তী সময়ত শ্ৰীনগৰৰ অমৰ সিং কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰে। মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ ১৯৭৩ চনৰ ৩ জানুৱাৰীত ভাৰতীয় সামৰিক একাডেমী (IMA)ত যোগদান কৰে।
১৯৭৪ চনৰ ডিচেম্বৰ মাহত মেজৰ জেনেৰেল নাইকক ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইঞ্জিনিয়াৰত নিযুক্তি দিয়া হয়। বিশাখাপট্টনমৰ ইষ্টাৰ্ণ নেভাল কমাণ্ডত ডিজাইন ইঞ্জিনিয়াৰ (চিভিল) আৰু গেৰিছন ইঞ্জিনিয়াৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সেনা মুখ্য কাৰ্যালয়ত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল যেনে জেনেৰেল ষ্টাফ অফিচাৰ, উপ-সঞ্চালক প্ৰধান, পিপিঅ’,অতিৰিক্ত সঞ্চালক প্ৰধান, এইচকিউ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফত ট্ৰাইড’কৰ সহকাৰী মুৰব্বী আদি।
২০১১ চনৰ ৩০ ছেপ্টেম্বৰত সেনা মুখ্য কাৰ্যালয়ত এডিজি হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০০৮ চনত তেওঁ ভাৰতীয় সেনাবাহিনীত জেনেৰেলৰ পদবী লাভ কৰা প্ৰথমজন কাশ্মীৰী মুছলমান হিচাপে পৰিগণিত হয়। নিঃসন্দেহে তেওঁৰ বাবে এয়া এক ঐতিহাসিক কৃতিত্ব।
মেজৰ জেনেৰেল নাইক এগৰাকী প্ৰতিষ্ঠিত ৰ'ৱিং খেলুৱৈও। নাওঁ চলোৱাৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে তেওঁক সন্মানীয় "অৰ্জুন বঁটা" প্ৰদান কৰা হয়। ১৯৮২ চনৰ এছিয়ান গেমছত মিক্সড পেয়াৰ ইভেণ্টত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় ৰ'ৱিং চেম্পিয়নশ্বিপত ৮টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো তেওঁ দেশৰ হৈ জয় কৰিছিল ২টা সোণ, ১টা ৰূপ, আৰু ১টা ব্ৰঞ্জৰ পদক।
সামৰিক আৰু ক্ৰীড়া দুয়োটা দিশতে তেওঁৰ অসাধাৰণ অৱদান আছে। কাশ্মীৰৰ যুৱক-যুৱতীসকলক সেনাবাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰা তেওঁ এগৰাকী আদৰ্শ ব্যক্তি। শিক্ষা, ক্ৰীড়া আৰু দেশ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে মেজৰ জেনেৰেল মহম্মদ আমিন নাইকক দেশবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে।