ভাৰতৰ ‘ৱাটাৰ ষ্ট্ৰাইক’ৰ বাবে পাকিস্তানত হাহাকাৰ; খাৰিফ শস্যত ব্যাপক খৰাঙৰ আশংকা

Story by  atv | Posted by  [email protected] • 5 h ago
পাকিস্তানত ব্যাপক খৰাঙৰ আশংকা
পাকিস্তানত ব্যাপক খৰাঙৰ আশংকা
 
আৱাজ দ্য ভইচ/ নতুন দিল্লী

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে লোৱা অন্যতম কঠোৰ সিদ্ধান্ত হৈছে সিন্ধু জল সন্ধি স্থগিত কৰা। ভাৰতৰ এই সিদ্ধান্তই এতিয়া পাকিস্তানক গভীৰ জল সংকটলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে।
 
পাকিস্তানৰ সিন্ধু নদী ব্যৱস্থাপনা কৰ্তৃপক্ষই সকীয়াই দিছে যে ভাৰতৰ পৰা অহা পানীৰ যোগান তীব্ৰভাৱে হ্ৰাস পোৱাৰ বাবে খাৰিফ বতৰৰ প্ৰথম পৰ্যায়ত পাকিস্তানে ২১% পানীৰ ব্যাপক নাটনিৰ সন্মুখীন হ’ব পাৰে।
 
৫ মে’ত ইছলামাবাদৰ আই আৰ এছ এ (IRSA)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত পৰামৰ্শদাতা সমিতিয়ে খাৰিফ বতৰ (২০২৫ চনৰ মে’–ছেপ্টেম্বৰ)ৰ বাবে পানী যোগানৰ বিষয়ে পৰ্যালোচনা কৰে। সংস্থাটোৰ মুৰব্বী চাহিবজাদা মহম্মদ শ্বাব্বিৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত চেনাব নদীৰ মাৰালা হেডৱৰ্কছত হঠাতে পানীৰ সোঁত কমি অহাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়। কমিটীয়ে কয় যে ভাৰতে পানী যোগান হ্ৰাস কৰাৰ বাবে পাকিস্তানত পানীৰ সংকট গভীৰ হোৱাৰ সম্ভাৱনা আছে।
 
চেনাব নদীৰ জলস্তৰ হ্ৰাস পোৱা দেখা গৈছে
 
আই আৰ এছ এৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, “ভাৰতৰ পৰা পানী যোগান হ্ৰাস পোৱাৰ বাবে মৰালাত চেনাব নদীৰ প্ৰবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছে, যাৰ ফলত পাকিস্তানত খাৰিফ বতৰৰ আৰম্ভণি সময়ছোৱাত ২১% পানীৰ নাটনি হৈছে। যদি এই পৰিস্থিতি অটুট থাকে, তেন্তে পুনৰ পৰিস্থিতিৰ পুনৰীক্ষণ কৰা হ’ব। একেদৰে, খাৰিফ বতৰৰ শেষৰ ফালে (১১ জুনৰ পৰা ছেপ্টেম্বৰলৈ) ৭% পানীৰ ঘাটি হোৱাৰ পূৰ্বাভাস দিয়া হৈছে।
 
জম্মু-কাশ্মীৰৰ বাগলীহাৰ আৰু ছালাল মথাউৰিৰ গেট বন্ধ হোৱাৰ পিছত চেনাব নদীৰ জলপৃষ্ঠ ব্যাপক হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। আখনূৰ অঞ্চলৰ স্থানীয় ৰাইজে জনোৱা মতে, পূৰ্বে ২৫–৩০ ফুট উচ্চতাত বৈ যোৱা চেনাব নদী এতিয়া মাত্ৰ ১.৫–২ ফুটলৈ হ্ৰাস হৈছে। 
 
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত স্থানীয় বাসিন্দা কল্যাণ সিঙে কয় যে, সিন্ধু জল সন্ধি স্থগিত ৰখাৰ প্ৰধানমন্ত্ৰী মোদীৰ সিদ্ধান্তৰ সৈতে আমি আছো। আমি নিবিচাৰো পাকিস্তানে এটোপাল পানীও পাওক। ভাৰতীয় জোৱান আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।"
 
উল্লেখ্য যে, ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত সিন্ধু জল সন্ধিৰ অধীনত ভাৰতক পূবৰ নদী (ৰবি, বিয়াছ, ছটলেজ) ব্যৱহাৰ কৰাৰ অধিকাৰ দিয়া হৈছিল আৰু পাকিস্তানক পশ্চিম নদী (সিন্ধু, ঝেলুম, চেনাব) ব্যৱহাৰ কৰাৰ অধিকাৰ দিয়া হৈছিল। এই সন্ধি অনুসৰি ভাৰতে সিন্ধু ব্যৱস্থাৰ মুঠ জলসম্পদৰ ২০%হে ব্যৱহাৰ কৰিব পাৰে, বাকী ৮০% পাকিস্তানলৈ যায়। কিন্তু শেহতীয়া পৰিস্থিতিত ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰা এখন দেশক আৰু ৰেহাই দিব নোৱাৰিব বুলি কৈ সিন্ধু জল সন্ধি স্থগিত ৰাখিছে।
 
উদং হৈছে নদীৰ বুকু, পাকিস্তানৰ চেনাব নদীৰ দৃশ্য
 
ভাৰতৰ এই পদক্ষেপে পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধ প্ৰদেশত খাৰিফ শস্য বিশেষকৈ ধান, কুঁহিয়াৰ আৰু কপাহৰ বীজ সিঁচাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। জল ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলে বিশ্বাস কৰে যে যদিহে পানীৰ পৰিস্থিতি সোনকালে উন্নত নহয়, তেন্তে ইয়াৰ ফলত ভূগৰ্ভস্থ পানীৰ স্তৰ আৰু বিদ্যুৎ উৎপাদন দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
 
ভাৰতে স্পষ্ট কৰি দিছে যে পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে সিন্ধু জলসীমাকে ধৰি যিকোনো দ্বিপাক্ষিক চুক্তি গ্ৰহণ কৰাটো ‘স্বয়ংক্ৰিয়’ বুলি গণ্য কৰা নহ’ব। ভাৰতে পাকিস্তানী বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰা আৰু এল অ’ চিৰ ওপৰত কঠোৰ প্ৰতিশোধ লোৱাৰ দৰে সিদ্ধান্তও এই নীতিৰ অংশ।
 
ভাৰত-পাকিস্তানৰ জলসম্পৰ্কত দশক দশক পুৰণি “সন্ধিভিত্তিক সহমত” এতিয়া কূটনৈতিক অস্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ ফলত পাকিস্তানৰ বাবে জল সংকট আৰু কৃষি সংকটৰ সৃষ্টি হ’ব পাৰে যদিও ই ভাৰতৰ বাবে নিৰাপত্তা আৰু কৌশলগত নীতি শক্তিশালী কৰাৰ এক সুযোগ হৈ পৰিছে।