ভাৰতৰ সৈতে যুদ্ধ হলে, সেয়া ইছলামিক যুদ্ধ নহ’ব: পাকিস্তানী ধৰ্মগুৰু আব্দুল আজিজ গাজী

Story by  atv | Posted by  Munni Begum • 7 h ago
পাকিস্তানী ধৰ্মগুৰু আব্দুল আজিজ গাজী
পাকিস্তানী ধৰ্মগুৰু আব্দুল আজিজ গাজী
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'  
 
ইছলামবাদৰ লাল মছজিদত বিতৰ্কিত ধৰ্মগুৰু আব্দুল আজিজ গাজীয়ে দিয়া এক উদাক্ত ভাষণত পাকিস্তান চৰকাৰক তীব্ৰ সমালোচনা কৰে। ধৰ্মগুৰু গাজীয়ে ভাষণত দাবী কৰি কয় যে, ভাৰতৰ সৈতে যুদ্ধ হলে, সেয়া ইছলামিক যুদ্ধ নহ’ব।  
 
সামাজিক মাধ্যমত বহুলভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ' ক্লিপত ধৰ্মগুৰু গাজীয়ে পাকিস্তানৰ আভ্যন্তৰীণ অস্থিৰতাৰ এক জ্বলন্ত ছবিৰ বিষয়ে বৰ্ণনা কৰিছে। য'ত তেওঁ পাকিস্তানৰ চৰকাৰক অত্যাচাৰী বুলি অভিহিত কৰিছে। দেশৰ ভিতৰত গভীৰ হৈ অহা সংকটৰ দিশটো আঙুলিয়াই দি গাজীয়ে ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ ওপৰত ব্যৱস্থাগত হিংসা আৰু অন্যায় কৰাৰো অভিযোগ উত্থাপন কৰিছে।     
 
লাল মছজিদত যোৱা শুকুৰবাৰৰ  জুম্মা নামাজৰ পিছত জামাতক সম্বোধন কৰি ধৰ্মগুৰু আজিজ গাজীয়ে প্ৰশ্ন কৰিছিল যে, "পাকিস্তান আৰু ভাৰতৰ মাজত যদি যুদ্ধ হয়, তেন্তে আপোনালোকৰ মাজৰ কিমান জনে পাকিস্তানক সমৰ্থন কৰিব? হাত উঠাওক।"  
 
মৌনতা আৰু নূন্যতম ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য কৰি তেওঁ মন্তব্য কৰে যে, "উঠোৱা হাতৰ সংখ্যা অতি কম দেখা গৈছে। ইয়াৰ অৰ্থ এইয়া যে আমাৰ মাজত সজাগতাৰ এটা উচ্চ আৰু উন্নত স্তৰ গঢ় লৈ উঠিছে। এতিয়া মূল বিষয়টো হ’ল পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধ হলে, সেয়া ইছলামিক যুদ্ধ নহয়।"   
 
তেওঁ লগতে কয়, “আজি পাকিস্তানৰ পন্থাটো হৈছে অবিশ্বাসৰ পন্থা (কুফ্ৰ), অত্যাচাৰী পন্থা, ভাৰততকৈও হাজাৰ গুণে বেয়া। পাকিস্তানত যিমান অত্যাচাৰ হৈছে ভাৰতত সিমান অত্যাচাৰ কেতিয়াও হোৱা নাই। ভাৰতত লাল মছজিদৰ দৰে ভয়ানক ঘটনা কেতিয়াবা সংঘটিত হৈছে নেকি?"  
 
ৱাজিৰস্তান আৰু খাইবাৰ পখতুনখোৱাত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰে যে, "ৱাজিৰস্তান আৰু খাইবাৰ পখতুনখোৱাত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ দৰে ভাৰততো এনে অত্যাচাৰ হৈছে নেকি? তেওঁলোকৰ যুদ্ধ বিমানে আমাৰ নিজৰ মানুহৰ ওপৰত বোমা বিস্ফোৰণ কৰিছে নেকি? ভাৰতত কেতিয়াবা বহু মানুহ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে নেকি? ইয়াত মানুহে নিজৰ আপোনজনৰ সন্ধানত প্ৰতিবাদ সাব্যস্ত কৰি ক্লান্ত হৈ পৰে। ইয়াত, ধৰ্মগুৰুসকল নিৰুদ্দেশ হৈ আহিছে, সাংবাদিক নিৰুদ্দেশ হৈ আহিছে, তেহৰিক-ই-ইনছাফৰ সদস্য নিৰুদ্দেশ হৈ আহিছে।" 
 
সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে বহুতে কৈছে যে, এসময়ত প্ৰতিষ্ঠানটোৰ পোষ্টাৰ বয় হিচাপে দেখা গাজীয়ে এতিয়া মুকলিকৈ পাকিস্তানত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰ খনৰ বিৰোধিতা কৰিছে। 

পাকিস্তানৰ চৰকাৰক কিয় প্ৰত্যাহ্বান জনাইছিল লাল মছজিদে?
 
পাকিস্তানৰ ৰাজধানী কৰাচীৰ পৰা ইছলামবাদলৈ স্থানান্তৰিত কৰাৰ পিছত ১৯৬৫ চনত  লাল মছজিদ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ স্বকীয় ৰঙা দেৱাল আৰু ভিতৰৰ অংশৰ বাবে লাল মছজিদ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল। এই মছজিদটো দ্ৰুতগতিত ভাৰতৰ বিৰুদ্ধে মানুহক উগ্ৰবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এই জড়িততাই মছজিদৰ মুখ্য ধৰ্মগুৰুজনক পাকিস্তানৰ চোৰাংচোৱা আৰু নিৰাপত্তা ব্যৱস্থাৰ আওতা লৈ টানি আনিছিল।
 
২০০৬ চনত ভাতৃদ্বয় আব্দুল আজিজ আৰু আব্দুল ৰছিদৰ নেতৃত্বত লাল মছজিদৰ নেতৃত্বই পাকিস্তান চৰকাৰক মুকলিকৈ প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছিল। দাঁতিকাষৰীয়া জামিয়া হাফছা মাদ্ৰাছাৰ লগতে এই মছজিদটো সমগ্ৰ পাকিস্তানত শ্বৰীয়ত আইন জাপি দিয়াৰ পোষকতা কৰা এক দুৰ্গ হৈ পৰিছিল। লাল মছজিদৰ ধৰ্মগুৰুসকলে কেৱল ইছলামিক আইনৰ ব্যাখ্যাৰ ভিত্তিত বিকল্প শাসন ব্যৱস্থা স্থাপনৰ চেষ্টা কৰাই নহয়, পাকিস্তান চৰকাৰক দুৰ্নীতিগ্ৰস্ত আৰু অইছলামিক বুলি গণ্য কৰি উফৰাই দিয়াৰ আহ্বান জনায়।
 
একাংশ লোকে অভিযোগ কৰা মতে,  লাল মছজিদৰ নেতৃত্বই ৰাজ্যৰ বিৰুদ্ধে জেহাদৰ আহ্বানকে ধৰি উচটনিমূলক কামত লিপ্ত হৈ আহিছে। আনহাতে, এসময়ৰ ৰাষ্ট্ৰপতি আৰু পাকিস্তানৰ সেনা প্ৰধান পাৰভেজ মুশ্বাৰফৰ নেতৃত্বত পাকিস্তান চৰকাৰে মছজিদটোৰ বিৰুদ্ধে এক অভিযান চলাইছিল।