মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কুখ্যাত কাৰাগাৰ 'আলকাট্রাজ' পুনৰ মুকলি কৰিব ড'নাল্ড ট্রাম্পে

Story by  atv | Posted by  Munni Begum • 10 h ago
আলকাট্রাজ  কাৰাগাৰ
আলকাট্রাজ কাৰাগাৰ
 
বাশ্বিংটন
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুখ্যাত আৰু আটাইতকৈ কঠোৰ নিৰাপত্তা বেষ্টনীৰ কাৰাগাৰসমূহৰ অন্যতম আলকাট্রাজ পুনৰ মুকলি কৰিব ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। 
 
ছানফ্রান্সিস্কো গ'ল্ডেন গেইট ব্রীজৰ সমীপৰ এটা দ্বীপত থকা এই কাৰাগাৰখন মুকলি কৰাৰ কথা কালি ট্রাম্পে তেওঁৰ টুথ নামৰ সামাজিক মাধ্যমত প্রকাশ কৰিছে। 
 
দি বক বুলিও জনাজাত এই কাৰাগাৰখন ১৯৬৩ চনত বন্ধ কৰা হৈছিল। এল কাপোনে, মিকি কোহেন, জর্জ কেলি আদিৰ দৰে কুখ্যাত গেংষ্টাৰক এসময়ত বন্দী কৰি ৰখা আলকাট্রাজ কাৰাগাৰক লৈ কেইবাখনো চিনেমাও নির্মাণ হৈছে। 
 
ইফালে ৰাষ্ট্রপতি ট্রাম্পে কালিয়েই বিদেশত নির্মাণ কৰা চিনেমাসমূহৰ ওপৰত এশ শতাংশ শুল্ক আৰোপ কৰা হ'ব বুলি ঘোষণা কৰিছে। ট্রাম্পে অ-আমেৰিকীয় চিনেমাৰ ওপৰত শুল্ক আৰোপৰ বাবে দেশখনৰ বাণিজ্য বিভাগক কর্তৃত্ব প্রদান কৰিছে।