CSIR-UGC NET-ত সফলতাৰে উত্তীৰ্ণ ছোৱাইব আহমেদৰ লক্ষ্য শিক্ষাৰ জৰিয়তে সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই অনা

Story by  Mukut Sarma | Posted by  [email protected] • 3 h ago
CSIR-UGC NET-ত সফলতাৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছোৱাইব আহমেদ
CSIR-UGC NET-ত সফলতাৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছোৱাইব আহমেদ
 
মুকুট শৰ্মা / গুৱাহাটী

দেশৰ প্ৰধান ৰাষ্ট্ৰীয় অনুসন্ধান আৰু বিকাশ সংস্থা কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ (CSIR), ইণ্ডিয়া আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-এ আয়োজন কৰা ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণায়ক পৰীক্ষা (National Eligibility Test)ত উজলি উঠিছে অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মেধাৱী ছাত্ৰ ছোৱাইব আহমেদ। CSIR-UGC NET-ৰ সৰ্বভাৰতীয় পৰ্যায়ত ৯৩সংখ্যক ৰেংক লাভ কৰা ছোৱাইবে লাইফ ছায়েন্স বিষয়ত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

সৰুৰে পৰা সীমিত সা-সুবিধাৰ মাজত পঢ়া-শুনা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেট (NET) পৰীক্ষাত সফল হোৱা ছোৱাইবৰ লক্ষ্য এতিয়া Junior Research Fellowships (JRF) পৰীক্ষাত উত্তীৰ্ণ হৈ পিএইচডি ডিগ্ৰী গ্ৰহণ কৰা আৰু অধ্যাপক হৈ সমাজত শিক্ষাৰ পোহৰ বিলোৱা। 

"মোৰ পৰৱৰ্তী লক্ষ্য হৈছে জেআৰএফৰ পৰীক্ষাত সফল হোৱা। এতিয়া মই এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। চলিত বৰ্ষৰ আগষ্ট-ছেপ্তেম্বৰৰ ভিতৰত JRF পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে দৈনিক নিয়মীয়াকৈ অধ্যয়ন কৰি গৈছো। CSIR-UGC NET-ৰ পৰীক্ষাৰ সময়তো এই কৌশল অৱলম্বন কৰিয়ে মই প্ৰস্তুতি চলাইছিলো।"-ছোৱাইব আহমেদে 'আৱাজ দ্য ভইচ অসম'ক এইদৰে কয়।
 

কোকৰাঝাৰ ছায়েন্স কলেজৰ প্ৰাক্তন ছাত্ৰ ছোৱাইব আহমেদৰ লক্ষ্য এতিয়া সমাজত শিক্ষাৰ পোহৰ বিলোৱা
 
উল্লেখ্য যে, জে আৰ এফ (জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ) পৰীক্ষা হৈছে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা যিটো গৱেষণা কৰিব বিচৰা প্ৰাৰ্থীক চিনাক্ত আৰু ফেল’শ্বিপ প্ৰদানৰ বাবে আয়োজন কৰা হয়। ই বিভিন্ন বৈজ্ঞানিক আৰু শৈক্ষিক শাখাত ডক্টৰেট (পি এইচ ডি) পৰ্যায়ত গৱেষণা কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰে।

এই পৰীক্ষাসমূহ বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR NET JRF)কে ধৰি বিভিন্ন সংস্থাই পৰিচালনা কৰে।
 
 
বিলাসীপাৰাৰ কৃতী শিক্ষক আলতাফ হুছেইন আহমেদ আৰু শেগুফ্তা পাৰভীনৰ সুযোগ্য সন্তান ছোৱাইব আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হৈ মেধাৰ পৰিচয় দিছিল। তেওঁ বিলাসীপাৰাৰ জ্ঞানালয় জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বিলাসীপাৰা এনএইচ মেম'ৰিয়েল একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ বিলাসীপাৰা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

জীৱনৰ লক্ষ্য সন্দৰ্ভত মেধাৱী ছাত্ৰজনে কয়, 'মোৰ জীৱনৰ প্ৰকৃত লক্ষ্য হৈছে মানুহক সেৱা কৰা। ইয়াৰ বাবে বিভিন্ন মাধ্যম আছে যদিও মই শিক্ষাক মানৱ সেৱাৰ এক আহিলা হিচাপে বাচি লৈছো। সমাজত শিক্ষাৰ পোহৰ বিলাই মই মানৱ সেৱা কৰিব বিচাৰো। মোৰ দেউতাও এগৰাকী শিক্ষক। গতিকে শৈশৱৰ পৰা মোৰ মনত শিক্ষকতা কৰাৰ ইচ্ছা জাগি উঠে। মই ভাবো যে শিক্ষাৰ জৰিয়তেহে সমাজ এখনলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰি।'
 

বিলাসীপাৰা কলেজত পঢ়া সময়ত শিক্ষাগুৰু আৰু সমনীয়াৰ সৈতে ছোৱাইব আহমেদ (বাঁওফালৰ পৰা চতুৰ্থগৰাকী)
 
ইফালে, তেওঁৰ পিতৃ আলতাফ হুছেইন আহমেদে কয়, 'ছোৱাইবৰ সাফল্যত আমি অত্যন্ত সুখী আৰু গৌৰবান্বিত। তেওঁক আগবঢ়াই নিবলৈ আমি যথেষ্ট কষ্ট কৰিছো। আৰ্থিকভাৱে আমি যথেষ্ট স্বচ্ছল নহয় আৰু ছোৱাইবে কিছু সংগ্ৰাম কৰিবলগা হৈছে যদিও পঢ়াৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু একাগ্ৰতা সৰুৰে পৰাই আছিল। আগন্তুক দিনত ছোৱাইবে উচ্চ শিক্ষাৰ জৰিয়তে সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পাৰিব বুলি আমি আশা কৰিছো।' 

উল্লেখ্য যে, CSIR-UGC NET-ত সফলতাৰে উত্তীৰ্ণ হোৱা বিলাসীপাৰাৰ ছোৱাইব আহমেদে ২০২৪ বৰ্ষত কোকৰাঝাৰ ছায়েন্স কলেজৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।