এটিএমসমূহত ১০০ টকীয়া আৰু ২০০ টকীয়া নোটৰ ব্যৱস্থা কৰাৰ নির্দেশ ভাৰতীয় ৰিজার্ভ বেংকৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
এটিএমসমূহত ১০০ টকীয়া আৰু ২০০ টকীয়া নোটৰ যোগান নিশ্চিত কৰিবলৈ বেংকসমূহলৈ নির্দেশ জাৰি কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে। 
 
সাধাৰণ নাগৰিকে যাতে এনেধৰণৰ নোটসমূহ এটিএম যোগে লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবেই এনে নির্দেশনা জাৰি কৰা হৈছে। বেংক আৰু হোৱাইট লেবেল এটিএম অপাৰেটসমূহে পর্যায়ক্রমে এই নির্দেশনা ৰূপায়ণ কৰিব লাগিব। 
 
এই নির্দেশনা অনুসৰি চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত দেশত থকা এটিএমসমূহৰ ৭৫% এটিএমত কমেও এটা কেছেটৰ পৰা গ্রাহকে ১০০ টকীয়া বা ২০০ টকীয়া নোট লাভ কৰিব লাগিব। ২০২৬ৰ ৩১ মার্চলৈকে ৯০% এটিএমত এই সুবিধা থাকিব লাগিব।