সংবাদমেলত কৰ্ণেল ছোফিয়া কুৰেশ্বী, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং
নতুন দিল্লী
পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ সন্দৰ্ভত এখন সংবাদমেলত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে “বিশ্বাস্যযোগ্য তথ্য”ৰ ওপৰত ভিত্তি কৰি 'অপাৰেচন সেন্দু'ৰ সম্পন্ন কৰা হৈছে আৰু এই অভিযানৰ লক্ষ্য আছিল সন্ত্রাসবাদৰ মেৰুদণ্ড ভাঙি পেলোৱা। মঙলবাৰে মাজনিশা আৰম্ভ কৰা এই অভিযান আছিল ২৬ জন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰ।
উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ সৈতে সংবাদমেল সম্বোধন কৰি মিশ্ৰীয়ে কয় যে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই যৌথভাৱে সংঘটিত কৰা এই নিখুঁত আক্ৰমণত সমগ্ৰ পাকিস্তান আৰু পিঅ'কেৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা হৈছিল। যোৱা নিশা ১.০৫ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত মাত্ৰ ২৫ মিনিটৰ ভিতৰতে ভাৰতীয় সেনাই সফলতাৰে এই অভিযান কাৰ্যৰূপায়ন কৰিবলৈ সক্ষম হয়।
বৈদেশিক সচিবৰ সমান্তৰালকৈ উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে সংবাদমেলৰ নেতৃত্ব দিয়ে। দুয়োগৰাকী মহিলা বিষয়াই অপাৰেচন সেন্দুৰৰ উদ্দেশ্যৰ বিষয়ে সদৰী কৰে। কৰ্ণেল ছোফিয়া কুৰেশ্বীয়ে কয় যে পহলগাম হত্যাকাণ্ডৰ বলি হোৱা লোকসকলক ন্যায় প্ৰদান কৰিবলৈ অপাৰেচন সিন্দুৰ কাৰ্যৰূপায়ন কৰা হৈছে।
এই প্ৰেছ ব্রিফিঙৰ নেতৃত্ব দিবলৈ দুগৰাকী মহিলা বিষয়াৰ বাছনিয়ে এই কথাৰ ইংগিত দিয়ে যে ভাৰতে কেৱল সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ বাবেই দায়বদ্ধ নহয়, নিজৰ স্বামীক হেৰুওৱা বিধৱাসকলকো সন্মান দিব জানে। ইয়াৰ জৰিয়তে ভাৰতে সমগ্ৰ বিশ্বৰ সন্মুখত দেশৰ মহিলা শক্তিকো উপস্থাপন কৰে।
উইং কমাণ্ডাৰ সিঙে কয়, "৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা হয় আৰু সেইবোৰ সম্পৰ্ণৰূপে ধ্বংস কৰা হৈছে। অভিযানৰ সময়ত যাতে কোনো ধৰণৰ সাধাৰণ লোকৰ মৃত্যু নহয় বা অসামৰিক আন্তঃগাঁথনিৰ ক্ষতি নহয়, সেয়া নিশ্চিত কৰিবলৈ স্থানসমূহ সযতনে বাছনি কৰা হৈছিল।"
কৰ্ণেল কুৰেশ্বিয়ে অভিযানৰ কেইটামান ভিজুৱেলো উপস্থাপন কৰে, য’ত লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়কে ধৰি মুজাফ্ফৰাবাদ, কোটলি, চিয়ালকোট, আৰু বাহাৱালপুৰৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰসমূহত শক্তিশালী আঘাত হনা দেখা গৈছে। তেওঁ লগতে কয় যে কোনো সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাছিল, আৰু এতিয়ালৈকে পাকিস্তানত অসামৰিক লোকৰ মৃত্যুৰ কোনো খবৰ পোৱা নাই।
ইফালে, বৈদেশিক সচিব মিশ্ৰীয়ে ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণক “চৰম বৰ্বৰতা”ৰ দ্বাৰা পৰিচালিত আক্ৰমণ বুলি অভিহিত কৰে, য’ত বেছিভাগ ভুক্তভোগীয়ে ওচৰৰ পৰা, পৰিয়ালৰ সন্মুখত পৰ্যটকসকলক গুলীচালনা কৰে।
মিশ্ৰীয়ে কয়, "পৰিয়ালবোৰক ভয়-ভাবুকি দিয়া হৈছিল আৰু এই কথা সমগ্ৰ বিশ্বৰ আগত বিয়পাই দিবলৈ কোৱা হৈছিল। তেওঁলোকৰ উদ্দেশ্য কেৱল হত্যাকাণ্ডই নাছিল, তেওঁলোকৰ মূল লক্ষ্য আছিল সন্ত্ৰাস বিয়পোৱা।" উল্লেখ্য যে, পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ প্ৰক্সি হিচাপে স্বীকৃতিপ্ৰাপ্ত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) নামৰ এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
মিশ্ৰীয়ে কয় যে ভাৰতে পাকিস্তানত আক্ৰমণকাৰী আৰু ইয়াৰ পৰিচালনকাৰীৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিছে। দেশৰ চোৰাংচোৱা সংস্থাসমূহে গ্ৰাউণ্ডত কাম কৰি থকা সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ পৰিচালনকাৰীৰ মাজত যোগাযোগৰ কথা উন্মোচন কৰিছে।
তেওঁ আৰু প্ৰকাশ কৰে যে পাকিস্তানে এই আক্ৰমণৰ পিছত আনুষ্ঠানিক বিবৃতিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক টি আৰ এফৰ উল্লেখ আঁতৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। এই পদক্ষেপক নতুন দিল্লীয়ে ইছলামাবাদৰ সহযোগিতা ঢাকি ৰখাৰ প্ৰয়াস বুলি ভাবে। মিশ্ৰীয়ে কয় যে পষেক পাৰ হৈ যোৱাৰ পিছতো পাকিস্তানৰ ফালৰ পৰা তেওঁলোকৰ দেশত চলি থকা সন্ত্ৰাসবাদী নেটৱৰ্কসমূহ ভাঙি পেলোৱাৰ কোনো প্ৰদৰ্শনযোগ্য পদক্ষেপ লোৱা হোৱা নাই।