উত্তৰকাশী হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; ৫ জনৰ মৃত্যু, ২ জন আহত

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত বৃহস্পতিবাৰে পুৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় ন বজাত গংগনানীৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা।    
 
গড়ৱালৰ সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই দুৰ্ঘটনাটো নিশ্চিত কৰি প্ৰশাসন আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সেনা, আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা দল, এম্বুলেন্স আৰু ৰাজহ দল। হেলিকপ্টাৰখন গংগোত্ৰীলৈ গৈ আছিল। হেলিকপ্টাৰখন ব্যক্তিগত কোম্পানীৰ বুলি কোৱা হৈছে আৰু এই হেলিকপ্টাৰখনত আছিল মুঠ ৭ জন লোক।  
 
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লিখিছে, "ভগৱানে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালসমূহক এই অপৰিসীম ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।"
 
মুখ্যমন্ত্ৰী ধামীয়ে কয় যে, তেওঁ প্ৰশাসনক নিৰ্দেশ দিছে যে, আহতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াব লাগে আৰু দুৰ্ঘটনাৰ তদন্ত কৰিব লাগে। এই সন্দৰ্ভত বিষয়াসকলৰ সৈতে মই অহৰহ যোগাযোগত আছো আৰু প্ৰতিটো পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।
 
উল্লেখ্য যে, উত্তৰাখণ্ডত বৰ্তমান চাৰি ধাম যাত্ৰা চলি আছে। কেদাৰনাথ, বদ্ৰীনাথ আৰু গংগোত্ৰী-যমুনোত্ৰী ভ্ৰমণৰ বাবে আহি আছে বৃহৎ সংখ্যক তীৰ্থযাত্ৰী। একাংশ লোকে খোজকাঢ়ি ৰাওনা হোৱাৰ বিপৰীতে বহুতে হেলিকপ্টাৰ সেৱাৰে গৈ আছে। 
 
আজি উত্তৰাখণ্ডৰ বতৰ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে। ডেৰাডুন, উত্তৰকাশী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, তেহৰী, পৌৰী, নৈনিতাল আৰু চম্পাৱতত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। বহু অঞ্চলত বজ্ৰপাতৰ লগতে প্ৰচণ্ড বতাহো হ’ব পাৰে। 


শেহতীয়া খবৰ