নতুন দিল্লী
বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ‘অপাৰেচন সেন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পাকিস্তান দখলত থকা কাশ্মীৰৰ সন্ত্ৰাসবাদী স্থানত ভাৰতৰ আক্ৰমণত কমেও ১০০ জন সন্ত্ৰাসবাদী নিহত হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সৰ্বদলীয় বৈঠকত নেতাসকলক অৱগত কৰে যে এই অভিযান চলি থাকিব আৰু ভাৰতৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে আক্ৰমণ কৰিলে ভাৰতে প্ৰত্যুত্তৰ দিব।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৈঠকৰ পিছত সাংবাদিকৰ আগত কয় যে এই বিষয়টোৰ ওপৰত বহল ৰাজনৈতিক সহমত গঢ়ি তুলিবলৈ এই বৈঠক আহ্বান কৰা হৈছিল। বিৰোধী নেতাসকলে পৰিপক্কতা দেখুৱাইছে আৰু কোনো ধৰণৰ তৰ্ক কৰা নাই।
নেতাসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বিশেষকৈ সীমান্ত অঞ্চলত সকলো ভাৰতীয়ৰ সুৰক্ষাৰ বিষয়টোক লৈও তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰে। সকলো বিৰোধীয়ে সমৰ্থন আগবঢ়াইছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত দেশখনক একত্ৰিত হোৱা বুলি ঘোষণা কৰিছে।
ৰিজিজুৱে কয় যে চৰকাৰ আৰু সশস্ত্ৰ বাহিনীৰ সৈতে সমগ্ৰ দেশ একত্ৰিত।