Fri Jul 11 2025 5:29:12 PM
  • Follow us on
  • Subcribe

আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত ধোনীকে ধৰি ৭ ক্ৰিকেটাৰ; জানো আঁহক এই সন্মানৰ গুৰুত্ব কিমান

Story by  atv | Posted by  sarmamukut98@gmail.com • 1 Months ago
ভাৰতীয় ক্ৰিকেটৰ অন্য়তম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী
ভাৰতীয় ক্ৰিকেটৰ অন্য়তম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী / লণ্ডন

ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি)ৰ হল অৱ ফেম ২০২৫ত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ লগতে অষ্ট্ৰেলিয়াৰ কিংবদন্তি মেথিউ হেডেন আৰু দক্ষিণ আফ্ৰিকাৰ ৰান মেচিন হাছিম আমলাকো এই সন্মানীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ মুঠ সাতগৰাকী ক্ৰিকেটাৰক (৫গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা খেলুৱৈ) এই সন্মান প্ৰদান কৰা হয়।
 
আইচিচিয়ে কয় যে ধোনীৰ চাঁপৰ সময়ত শান্ত হৈ থকাৰ ক্ষমতা, অতুলনীয় কৌশল আৰু সীমিত অভাৰৰ ক্ৰিকেটত ‘ফিনিছাৰ’ হিচাপে দাঙি ধৰা প্ৰদৰ্শনে তেওঁক ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক আৰু উইকেটকীপাৰ কৰি তুলিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধোনীয়ে ৫৩৮খন মেচ খেলি ১৭,২৬৬ ৰান, ৮২৯টা কেচ আয়ত্ব কৰিছে।
 
ই তেওঁৰ ধাৰাবাহিকতা, ফিটনেছ আৰু দীৰ্ঘম্যাদী সফলতাক প্ৰতিফলিত কৰে। ধোনীয়ে ভাৰতক ২০০৭ চনত টি-২০ বিশ্বকাপ, ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী উপহাৰ দিছিল।
উল্লেখ্য যে, আই চি চি হল অৱ ফেম ক্ৰিকেট জগতৰ অন্যতম সৰ্বোচ্চ ব্যক্তিগত সন্মান। ইয়াত অন্তৰ্ভুক্ত খেলুৱৈগৰাকীয়ে কেৱল নিজৰ দেশতে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো গভীৰ প্ৰভাৱ পেলাইছে। এই সন্মান কেৱল ব্যতিক্ৰমী প্ৰদৰ্শন কৰাসকলকেই নহয়, ক্ৰিকেটক নতুন দিশ দিয়া মহান ব্যক্তিসকলকো দিয়া হয়।
 
এই সন্মানৰ পিছত ধোনীয়ে আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱাটো তেওঁৰ বাবে এক গৌৰৱৰ বিষয়। "এই সন্মানে ক্ৰিকেটৰ ইতিহাসলৈ মোৰ অৱদানক স্বীকাৰ কৰে। এনে মহান খেলুৱৈৰ তালিকাত মোৰ নাম দেখাৰ মুহূৰ্ততো মই গোটেই জীৱন লালন-পালন কৰিম।"-ধোনীয়ে কয়।
আই চি চি হল অৱ ফেমত ধোনীৰ নাম অন্তৰ্ভুক্ত হোৱাটো ভাৰতীয় ক্ৰিকেটৰ বাবে কেৱল গৌৰৱৰ মুহূৰ্ত নহয়, ই অনাগত প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ প্ৰতীক। ইয়াৰ পৰা দেখা যায় যে দৃঢ়তা, ধৈৰ্য্য আৰু নেতৃত্বৰ দ্বাৰা যিকোনো খেলুৱৈ ক্ৰিকেটৰ ইতিহাসত অমৰ হ’ব পাৰে।
 
২০০৪ চনত যেতিয়া ধোনীয়ে ভাৰতৰ হৈ অভিষেক ঘটায়, তেতিয়া এই খেলুৱৈজনক এদিন ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ ফিনিছাৰ আৰু অধিনায়কৰ ভিতৰত গণ্য কৰা হ’ব বুলি কমেইহে কল্পনা কৰিব পাৰিছিল। কেৰিয়াৰৰ প্ৰথম এদিনীয়াত তেওঁ ৰান আউট হৈ হতাশাৰে পেভিলিয়নলৈ উভতিছিল যদিও ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰানৰ বিধ্বংসী ইনিংছে তেওঁক নিশাটোৰ ভিতৰতে তাৰকাত পৰিণত কৰিছিল।
ধোনীৰ উইকেটৰক্ষণৰ শৈলী আছিল নিয়মৰ পৰা আঁতৰি যোৱা। বিজুলী গতিৰ ষ্টাম্পিং, ডিফ্লেকচন ৰান আউট, আৰু চকু কপালত তুলিব পৰা ষ্টাইলে তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ উইকেটৰক্ষকৰ মৰ্যদা প্ৰদান কৰে। ভাৰতীয় উইকেটকীপাৰসকলে পৰম্পৰাগতভাৱে ৰক্ষণাত্মকশৈলীত প্ৰদৰ্শন কৰে যদিও ধোনীয়ে এই ভূমিকাত আক্ৰমণাত্মকশৈলী কঢ়িয়াই আনিছিল।
 
ছয়ৰে মেচ শেষ কৰা, বিজুলী গতিৰ দৌৰ, চাঁপৰ সময়তো সুস্থিৰতা বজাই ৰখা—এই সকলোবোৰ তেওঁৰ খেলাৰ চিন হৈ পৰিছিল আৰু ধোনীৰ এই দক্ষতা আৰু গুণে এতিয়াও নৱ প্ৰজন্মক আকৰ্ষিত কৰি আহিছে।