টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰাণত পৰাস্ত ইংলেণ্ড

Story by  atv | Posted by  [email protected] • 5 h ago
টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰাণত পৰাস্ত ইংলেণ্ড
টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰাণত পৰাস্ত ইংলেণ্ড
 
নতুন দিল্লী
 
চলিত টি-২০ বিশ্বকাপ ২০২৬ ৰ ৰোমাঞ্চকৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ফাইনেলত চতুৰ্থবাৰৰ বাবে স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷
 
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰে। আনহাতে, প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ অহা ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৫৩ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ সঞ্জু ছেমচনে ৪২ টা বলত ৮৯ ৰাণ, কিষাণে ১৮ টা বলত ৩৯ ৰাণ, ডুবে ২৫ টা বলত ৪৩ ৰাণ, হাৰ্দিকে ১২ টা বলত ২৭ ৰাণ আৰু তিলকে ৭ টা বলত ২১ ৰাণ সংগ্ৰহ কৰে। যাৰ বাবে ভাৰতে টি-২০ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ খেলত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ কৃতিত্বও অৰ্জন কৰিবলৈ সক্ষম হয়৷
 
এই খেলখনত ইংলেণ্ডৰ বলিং যথেষ্ট হতাশাজনক আছিল। জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ব্যক্তিগতভাৱে ৬১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ছেম কৰণে ৪ অভাৰত ৫৩ ৰাণ সংগ্ৰহ কৰে। উইল জেকছ আৰু আদিল ৰছিদে দুটাকৈ উইকেট দখল কৰে।
 
প্ৰত্যুত্তৰত ইংলেণ্ডে ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ২৪৬ ৰাণহে সংগ্ৰহ কৰে। ইংৰাজ বাহিনীৰ হৈ জেকব বেথেলে সংগ্ৰহ কৰা ১০৫ ৰাণৰ বিস্ফোৰক ইনিংছটোই দলটোক বিপৰ্যয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ ক্ৰিকেটাৰগৰাকীয়ে ৮ টা চাৰি আৰু ৭ টা ছয়ৰে ৪৮ টা বলত ১০৫ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি উইল জেকছে ১৯ টা বলত ৩৫ ৰাণৰ চুটি হ’লেও গুৰুত্বপূৰ্ণ ইনিংছ খেলি পঞ্চম উইকেটৰ যুটিত ৭৭ ৰাণৰ অংশীদাৰিত্ব গঢ়ি ইংলেণ্ডক কিছু সকাহ দিয়ে। অৱশ্যে বুমৰাহ আৰু হাৰ্দিকৰ চমৎকাৰ বলিঙে খেলখন ভাৰতৰ পক্ষলৈ আনে।
 
হাৰ্দিকে ৪ অভাৰ বলিং কৰি ৩৮ ৰাণৰ বিনিয়মত দুটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহে ৪ অভাৰত ৩১ ৰাণ ব্যয় কৰি এটাহে উইকেট লাভ কৰে৷ ভাৰতৰ অন্যান্য বলাৰসকলে এটাকৈ উইকেট লাভ কৰে। ভাৰতীয় বলাৰসকলৰ ভিতৰত বৰুণ চক্ৰৱৰ্তীয়ে ৪ অভাৰত সৰ্বাধিক ৬৪ ৰাণ ব্য়য়ৰে সৰ্বাধিক ব্যয়বহুল বলাৰত পৰিণত হয়। আজিৰ খেলখনত উন্নত প্ৰদৰ্শনৰ বাবে সঞ্জু ছেমচনক ‘‘প্লেয়াৰ অৱ দ্য মেচ’’ৰ বঁটা প্ৰদান কৰা হয়।
 
উল্লেখযোগ্য যে, খেলখনত লাভ কৰা জয়ৰ জৰিয়তে ভাৰতে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খিতাপ জয়ৰ লক্ষ্যৰে সমুখ সমৰত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজীলেণ্ড৷