হায়দৰাবাদৰ বিৰুদ্ধে শোচনীয় পৰাজয়; বলৰ গতি-বিধি বুজাত ব্যৰ্থ হ’ল ৰাজস্থানৰ বেটাৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
হায়দৰাবাদৰ বিৰুদ্ধে শোচনীয় পৰাজয়; বলৰ গতি-বিধি বুজাত ব্যৰ্থ হ’ল ৰাজস্থানৰ বেটাৰ
হায়দৰাবাদৰ বিৰুদ্ধে শোচনীয় পৰাজয়; বলৰ গতি-বিধি বুজাত ব্যৰ্থ হ’ল ৰাজস্থানৰ বেটাৰ
 
নতুন দিল্লী
 
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ত ৰাজস্থান ৰয়েলছৰ বিজয়ৰথ থমকিল হায়দৰাবাদত। জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা দলটোক নিশাটোৰ ভিতৰতে আকাশৰ পৰা নমাই দিলে প্ৰতিপক্ষই।
 
সোমবাৰে নৈশলোকত অনুষ্ঠিত মেচত শোচনীয় পৰাজয়বৰণ কৰিলে ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে। এই পৰাজয়ৰ পাছতে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে দলটোৰ বেটিং বিৰ্যপয়ৰ কাৰণ বিশ্লেষণ কৰিছে।
 
উল্লেখ্য যে, মেচৰ শেষত সংবাদমেল সম্বোধন কৰি ৰিয়ান পৰাগে কয় যে তেওঁৰ দলৰ বিস্ফোৰক বেটাৰসকলে পিটচৰ আচৰণ আৰু বলৰ গতি-বিধি সঠিকভাৱে বুজি পোৱাত অসুবিধা পাইছিল। মই ভাবো এই পৰাজয় বহুতো কাৰকৰ সংমিশ্ৰণ। বলাৰৰ হাতৰ পৰা বল ওলাই অহাৰ সময়ত ইয়াৰ যি গতি আছিল আৰু উইকেটত পৰাৰ পাছত বলে যি গতি লৈছিল, সেয়া আমাৰ বাবে আচৰিত ধৰণৰ আছিল। যাৰ বাবে জয়ছোৱাল, বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলৰ দৰে বেটাৰসকল ব্যৰ্থ হ’ল। কেৱল বেটাৰৰ বাবেই নহয়, আমাৰ বলিং বিভাগো বিফল হৈছে।
 
ৰিয়ানে এই সন্দৰ্ভত কয় যে, মাজৰ অ’ভাৰবোৰত আমাৰ বলাৰসকলে অতিৰিক্ত ৩০ ৰাণ খৰচ কৰিছিল। অৱশ্যে তেওঁ এইবুলিও কয়- বলাৰসকলৰ মানদণ্ডক লৈ মোৰ কোনো সন্দেহ নাই, কিন্তু কৌশল কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ কিছু ত্ৰুটি ৰৈ গৈছিল। আমি স্ল’ৱাৰ বল বা য়ৰ্কাৰৰ ব্যৱহাৰ আৰু উন্নত কৰিব পাৰিলোহেঁতেন। একো নাই আমি প্ৰত্যাৱৰ্তন কৰিব পাৰিম বুলি আশাবাদী।