শান্তিপ্ৰিয় ৰায় চৌধুৰী
দৃঢ় ইচ্ছা শক্তি আৰু সাহস থাকিলে যে কোনো প্ৰত্যাহ্বানকে নেওচিব পাৰি, তাৰেই এক উৎকৃষ্ট নিদৰ্শন হৈছে বংগৰ 'জলপৰী' তাহেৰিনা নাছৰিন। ইংলিছ চেনেল জয় কৰা বিশ্বৰ প্ৰথমগৰাকী মুছলমান মহিলা সাঁতোৰবিদ হিচাপে ইতিহাস ৰচনা কৰা তাহেৰিনাৰ সপোন এতিয়া সাত সাগৰ জয় কৰা। হাওৰাৰ উলুবেড়িয়াৰ নিমদিঘি নিৱাসী তাহেৰিনা নাছৰিনৰ উত্তৰণৰ পথত আৰ্থিক দৈন্যতাই বাৰে বাৰে হেঙাৰ সৃষ্টি কৰিলেও, হাৰ মানিবলৈ প্ৰস্তুত নহয় এইগৰাকী অদম্য সাহসী খেলুৱৈ।
এগৰাকী দীঘলীয়া দূৰত্বৰ (লং ডিষ্টেন্স) সাঁতোৰবিদ হিচাপে বিগত ১৩ বছৰ ধৰি তেওঁ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। ইতিমধ্যে তেওঁ ইংলিছ চেনেল আৰু জিব্ৰাল্টাৰ প্ৰণালী সফলতাৰে অতিক্ৰম কৰিছে। ২০১৫ চনৰ ৩ ছেপ্টেম্বৰত ১২ ঘণ্টা ৩৮ মিনিটত তেওঁ ইংলিছ চেনেল আৰু ২০২২ চনৰ ১১ আগষ্টত ৪ ঘণ্টা ২৩ মিনিটত জিব্ৰাল্টাৰ প্ৰণালী অতিক্ৰম কৰে। এই দুটা চেনেল অতিক্ৰম কৰি বংগৰ এইগৰাকী 'জলপৰী'য়ে কেৱল বংগৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বংগৰ এই 'জলপৰী'গৰাকী কিন্তু ইয়াতেই থমকি ৰ'ব নিবিচাৰে। তেওঁৰ দুচকুত এতিয়া সাত সাগৰ অতিক্ৰম কৰাৰ সপোন। অহা বছৰ (২০২৭ চনৰ) মাৰ্চ মাহত তেওঁ নিউজিলেণ্ডৰ কুক ষ্ট্ৰেইট প্ৰণালী অতিক্ৰম কৰাৰ উদ্দেশ্যে যাত্ৰা কৰিব। সেই একেটা বছৰতে তেওঁ গ্ৰেট ব্ৰিটেইনৰ নৰ্থ চেনেলো অতিক্ৰম কৰিব বিচাৰে। কিন্তু ইয়াৰ বাবে তেওঁক প্ৰয়োজন হ'ব প্ৰায় ৩০ লাখ টকাৰ।
তাহেৰিনা নাছৰিন
আমাৰ গৌৰৱৰ প্ৰতীক তাহেৰিনা নাছৰিনে সাত সাগৰ অতিক্ৰম কৰিবলৈ ওলোৱা কথাটো সঁচাকৈয়ে এক অতি আনন্দৰ খবৰ। কিন্তু ইমানখিনি ধন তেওঁ কেনেকৈ যোগাৰ কৰিব? দুখনকৈ সাগৰ অতিক্ৰম কৰাৰ পিছতো সাধাৰণ পৰিয়ালৰ এইগৰাকী জীয়ৰীৰ মনত এতিয়া এই প্ৰশ্নটোৱেই অহৰহ ক্ৰিয়া কৰি আছে।
২০১৫ চনত ইংলিছ চেনেল আৰু ২০২২ চনত জিব্ৰাল্টাৰ প্ৰণালী তেওঁ সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধন ভাঙি অতিক্ৰম কৰিছিল। ইয়াৰ উপৰি বাংলাদেশৰ ছুইম বাংলা চেনেল ২০১৮ চনত ছিংগল আৰু ২০১৯ চনত ডাবল ক্ৰছ কৰিছিল; সেয়াও সম্পূৰ্ণ নিজৰ খৰচত। চলিত বৰ্ষৰ ৯ জানুৱাৰীত ভাৰতৰ আটাইতকৈ পুৰণি চেনেল ধৰমতৰ গেটৱে অতিক্ৰম কৰা তেওঁ প্ৰথমগৰাকী বঙালী মহিলা সাঁতোৰবিদ।
ইংলিছ চেনেল অতিক্ৰম কৰোঁতে তেওঁৰ ১২ লাখ টকা আৰু জিব্ৰাল্টাৰ প্ৰণালী অতিক্ৰম কৰোঁতে ৮ লাখ টকা খৰচ হয়। অৰ্থাৎ মুঠ প্ৰায় ২০ লাখ টকা খৰচ হয়। ইয়াৰ লগতে ছুইম বাংলা চেনেল অতিক্ৰম কৰাত মুঠ ৬ লাখ টকা ব্যয় হয়।
এই বৃহৎ খৰচ বহন কৰিবলৈ তাহেৰিনাই দেউতাকৰ ব্যৱসায়ৰ পৰা সাঁচি থোৱা ধন, বেংকৰ ঋণ আৰু নিজৰ চাকৰিৰ দৰমহাৰ টকা ব্যৱহাৰ কৰিবলগীয়া হৈছিল! চৰকাৰী অনুদান বুলিবলৈ যুৱ কল্যাণ বিভাগৰ পৰা তেওঁ মাত্ৰ এক লাখ টকাহে লাভ কৰিছে। ইয়াৰ বাহিৰে কোনো চৰকাৰী বা বেচৰকাৰী সংস্থাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই।
তাহেৰিনা নাছৰিন
এনে পৰিস্থিতিত বাকী পাঁচটা চেনেল অতিক্ৰম কৰাৰ বাবে ধন যোগাৰ কৰাটো কেনেকৈ সম্ভৱ হ'ব? কিন্তু দৃঢ়মনা তাহেৰিনাই কৈছে যে যিয়েই নহওক কিয়, তেওঁ সাত সাগৰ অতিক্ৰম কৰিবই। প্ৰয়াত মাছুদুৰ ৰহমানৰ প্ৰিয় ছাত্ৰী তথা বংগৰ এইগৰাকী সাহসী দীঘলীয়া দূৰত্বৰ সাঁতোৰবিদে লগতে কয় যে ইয়াৰ বাবে যদি কোনো স্পন্সৰ (প্ৰায়োজক) পোৱা যায়, তেন্তে বহুত ভাল হয়। অৱশ্যে তেওঁ নিজৰ ফালৰ পৰা সকলো দিশতে চেষ্টা অব্যাহত ৰাখিছে।
অৱশ্যে দীৰ্ঘদিনৰ মূৰত উলুবেড়িয়াৰ 'ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ' নামৰ এটা সংস্থাই তাহেৰিনাৰ মুখলৈ হাঁহি ঘূৰাই আনিছে। তেওঁলোকে তাহেৰিনাৰ এই কঠিন যাত্ৰাপথ সুচল কৰাৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আগন্তুক দিনবোৰতো তেওঁৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে।
তাহেৰিনাৰ দৰে কিমান যে প্ৰতিভাৱান খেলুৱৈয়ে মাত্ৰ এটা স্পন্সৰৰ অভাৱত চকুলো টুকিবলগীয়া হৈছে। যিসকলে ব্যক্তিগত প্ৰচেষ্টাৰে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক উজলাই তুলিব বিচাৰিছে, তেওঁলোকৰ ফালে চাবলৈ যেন কাৰোৱেই আহৰি নাই!