নতুন দিল্লীত আবদ্ধ জিম্বাব'ৱে দল

Story by  atv | Posted by  [email protected] • 2 h ago
নতুন দিল্লীত আবদ্ধ জিম্বাব'ৱে দল
নতুন দিল্লীত আবদ্ধ জিম্বাব'ৱে দল
 
নতুন দিল্লী
 
দেওবাৰে নতুন দিল্লীত বিশ্বকাপৰ অন্তিম মেচ খেলি আজি ভাগে ভাগে গৃহাভিমুখী হোৱাৰ কথা আছিল জিম্বাব'ৱে দলৰ। পিচে মধ্যপ্রাচ্যসহ পশ্চিম এছিয়াৰ অধিকাংশ দেশৰ আকাশ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত দলটো নতুন দিল্লীত আবদ্ধ হৈ পৰিছে।
 
পৰিস্থিতিৰ উন্নতি কিম্বা বিকল্প ব্যৱস্থা নোেহাৱালৈ অনির্দিষ্ট সময়লৈ ভাৰততে অৱস্থান কৰিব লাগিব দলৰ সদস্যসকলে। বিশ্বকাপত অংশ লোৱা দেশসমূহৰ ভিতৰত যুদ্ধৰ পৰিণতিত প্রথম ভুক্তভোগী দল জিম্বাব'বে। আগেয়ে ছুপাৰ এইট পৰ্যায়ৰ পৰা বিদায় নিশ্চিত হোৱা জিম্বাব'বে দলৰ একাংশ সদস্য আজি পুৱাই দিল্লী এৰাৰ কথা আছিল।
 
অন্যসকল যাব মঙলবাৰে। হাৰাৰেৰ বাবে এমিৰেটছ এয়াৰলাইন্‌ত বিমানৰ টিকট বুকিং কৰা আছিল। নতুন দিল্লীৰ পৰা ডুবাই হৈ হাৰাৰে। এতিয়া বিকল্প ব্যৱস্থা নোহোৱালৈ ৪ মার্চপর্যন্ত দলটো নতুন দিল্লীতে থাকিব লাগিব।
 
ইফালে দেওবাৰে পুৱাৰ ভাগত শ্রীলংকান এয়াৰলাইনছৰ বিমানযোগে কলম্বোৰ পৰা নিৰাপদে লাহোৰত উপস্থিত হৈছে পাকিস্তান দল। এতিয়া বাকী থাকিল দক্ষিণ আফ্রিকা, নিউজিলেণ্ড, ইংলেণ্ড। তিনিওটা দলৰ বাবেও গৃহমুখী যাত্রা কঠিন হ'ব।