গুৱাহাটী
পৰিস্থিতিৰ উন্নতি হ'লেও অসমৰ বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। দেওবাৰৰ দিনটোত তিনিজন লোকৰ মৃত্যু হৈছে। অৱশ্যে, আক্ৰান্ত লোকৰ সংখ্যা ২.৫৯ লাখলৈ হ্ৰাস পাইছে। ৰাজ্যখনত কোনো ডাঙৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ থকা নাই আৰু ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা দিনৰ ভাগত আংশিকভাৱে পুনৰ আৰম্ভ হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি ১১খন জিলাৰ ৩২খন ৰাজহ চক্ৰ আৰু ৭৪১খন গাঁৱ বানপানীয়ে প্লাৱিত কৰিছে।
ইয়াত কোৱা হৈছে যে বানপানীত আক্ৰান্ত মুঠ জনসংখ্যাৰ ভিতৰত ২,৫৯,০৯৩ জন হৈছে বৰাক উপত্যাকাৰ তিনিখন জিলাৰ। জিলা কেইখন হৈছেঃ শ্ৰীভূমি (১,৬২,১০৮), হাইলাকান্দি (৫১,৬৬৩) আৰু কাছাৰ (৩৬,২৭১)।
দেওবাৰলৈকে অসমৰ ১২খন জিলাৰ প্ৰায় ৩.৩৭ লাখ লোক আক্ৰান্ত হৈছে। কামৰূপ জিলাৰ নগেৰবেৰা ৰাজহ চক্ৰৰ পৰা দেওবাৰে মৃত্যু হোৱা তিনিজনৰ খবৰ পোৱাৰ ফলত ভূমিস্খলনত ৬ জনকে ধৰি ২৬ জন লোকৰ মৃত্যু হোৱা বুলি বুলেটিনত প্ৰকাশ পাইছে।
২৪ হাজাৰতকৈ অধিক স্থানচ্যুত লোকে ১০০টা সাহায্য শিবিৰত আশ্ৰয় লৈছিল, আনহাতে আন ৩০টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে। ৬,৩১১ হেক্টৰতকৈ অধিক শস্যৰ ভূমি প্লাৱিত হৈ আছে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনাইছে। ইফালে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এক বিবৃতিত কোৱা হৈছে যে দেওবাৰৰ পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ফেৰী সেৱা আংশিকভাৱে আৰম্ভ হৈছে।
গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটৰ পৰা গুৱাহাটী মধ্যম খণ্ড ফেৰী সেৱা অস্থায়ীভাৱে চলিব, যেতিয়ালৈকে উত্তৰ পাৰৰ এপ্ৰ’চ পথটো পুনৰ নিৰ্মাণ কৰি ফেৰী যাতায়তৰ বাবে নিৰাপদ বুলি গণ্য কৰা নহয়। সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী কুৰুৱা ফেৰী সেৱা।
গুৱাহাটীত কাঠৰ নাও চলাচল নিষিদ্ধ হৈ থাকিব, আৰু নদীৰ অৱস্থা পুনৰীক্ষণ কৰি পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি বিবৃতিটোত আৰু কোৱা হৈছে।