৫ দিনৰ বাবে মণিপুৰত বন্ধ ইণ্টাৰনেট আৰু ম’বাইল সেৱা

Story by  atv | Posted by  [email protected] • 17 h ago
৫ দিনৰ বাবে মণিপুৰত বন্ধ ইণ্টাৰনেট আৰু ম’বাইল সেৱা
৫ দিনৰ বাবে মণিপুৰত বন্ধ ইণ্টাৰনেট আৰু ম’বাইল সেৱা
 
গুৱাহাটী
 
মণিপুৰত পুনৰ অশান্ত পৰিস্থিতি। যাৰ বাবে মণিপুৰ চৰকাৰে ৫ খন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ কৰি দিয়ে।
 
শনিবাৰে মাজনিশা মণিপুৰৰ ৰাজধানী ইম্ফলত হোৱা ব্যাপক প্ৰতিবাদৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে৷ আৰামবাই টেংগোল নামৰ এগৰাকী মেইটেই সংগঠনৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
 
খবৰ অনুসৰি, বিষ্ণুপুৰ জিলাত সম্পূৰ্ণৰূপে জাৰি কৰা হৈছে সান্ধ্য আইন। নেতাগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে কোৱাকেথেল আৰু উৰিপকৰ পথৰ মাজত টায়াৰ আৰু পুৰণি আচবাব জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ এগৰাকী বিষয়াই কয় যে ‘‘পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এই অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷’’
 
দেওবাৰে পুৱাৰ ভাগতো পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থাকে। ৰাজভৱনলৈ যোৱা পথসমূহত নিৰাপত্তা কটকটীয়া কৰাৰ লগতে অতিৰিক্ত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।
 
উত্তৰ-পূবৰ এই অশান্ত ৰাজ্যখনত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পশ্চিম ইম্ফল জিলাৰ দণ্ডাধীশে জাৰি কৰা নিৰ্দেশত এই কথা উল্লেখ কৰা হৈছে ‘‘পশ্চিম ইম্ফলৰ আৰক্ষী অধীক্ষকে অসামাজিক উপাদানৰ অবৈধ কাৰ্যকলাপৰ বাবে অঞ্চলটোত শান্তি ভংগ, জনশান্তি বিঘ্নিত, যিকোনো বিবাদ আৰু জনজীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰিছে৷’’
 
উল্লেখ্য যে, ৰাজ্যখনৰ এই পাঁচখন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ (বি এন এছ এছ) ১৬৩ নং ধাৰাৰ ২নং উপ-ধাৰাৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোকক একগোট বা জুম বান্ধি থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা, লাঠী, শিল, আগ্নেয়াস্ত্ৰ বা কোনো চোকা অস্ত্ৰ লগত কঢ়িয়াই লৈ ফুৰাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা৷
 
আনহাতে, পূব ইম্ফল জিলাত বি এন এছ এছৰ ১৬৩ নং ধাৰাৰ ১নং উপ-ধাৰাৰ অধীনত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ১০ জুনৰ নিশা ১০ বজাৰ পৰা বাসগৃহৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
 
শনিবাৰে নিশা ইম্ফলৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ হোৱাৰ খবৰো পোৱা গৈছে। পূব ইম্ফল জিলাৰ খুৰাই লামলঙতো এখন বাছ জ্বলাই দিয়ে ক্ষুব্ধ ৰাইজে। তদুপৰি কোৱাকেইথেলত কেইবাটাও বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল যদিও কোনে গুলীচালনা কৰিছিল, সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই৷
 
উল্লেখ্য় যে, গ্ৰেপ্তাৰ হোৱা মেইটেই নেতাজনক ৰাজ্যখনৰ বাহিৰলৈ বিমানেৰে নিয়া হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে তুলিহালৰ ইম্ফল বিমানবন্দৰৰ প্ৰৱেশদ্বাৰ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে। ধৃত নেতাজনক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ সকলো প্ৰচেষ্টা ৰোধ কৰিবলৈ বিমানবন্দৰৰ পথৰ সমীপৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদকাৰীসকল পথৰ মাজত শুই পৰে।

আন একাংশ অঞ্চলত আৰামবাই টেংগোলৰ সদস্যসকলে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ নিজৰ ওপৰত পেট্ৰ’ল ঢালে৷ চৰকাৰে শনিবাৰে নিশা ১১.৪৫ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ খন জিলাত পৰৱৰ্তী পাঁচদিনৰ বাবে ভিছাট আৰু ভি পি এনকে ধৰি ইণ্টাৰনেট আৰু ম’বাইল ডাটা সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।
 
পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিঙত এই নিৰ্দেশনা জাৰি কৰা হৈছে৷ লগতে কোৱা হৈছে ‘‘জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একপক্ষীয়ভাৱে এই আদেশ গৃহীত কৰা হৈছে। আদেশ উলংঘা কৰা কোনো লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।’’