কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাজেট ১,৩৭,৬৬৪ কোটি টকালৈ বৃদ্ধি

Story by  atv | Posted by  [email protected] • 17 h ago
কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাজেট ১,৩৭,৬৬৪ কোটি টকালৈ বৃদ্ধি
কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বাজেট ১,৩৭,৬৬৪ কোটি টকালৈ বৃদ্ধি
 
নতুন দিল্লী
 
ভাৰতবৰ্ষ হৈছে মূলতঃ এখন কৃষি প্ৰধান দেশ। কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি দেশৰ অৰ্থনীতি আৰু সমাজৰ ভেঁটি নিৰ্মাণ হয়। এই কথাকে সৰোগত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি খণ্ডৰ বাবে বিগত এঘাৰ বছৰে গ্ৰহণ কৰি আহিছে কেতবোৰ পদক্ষেপ।
 
কেৱল ইমানেই নহয়, কেন্দ্ৰীয় বাজেটতো দেশৰ কৃষি আৰু কৃষকৰ সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰি কৃষি আৰু কৃষক কল্যাণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ কৃষি ক্ষেত্ৰখনক এক সামগ্ৰিক, সৰ্বাংগীন আৰু টেক-চালিত পদ্ধতিৰে উজ্জিৱীত কৰাৰ প্ৰয়াস কৰা হৈছে। যাৰ দ্বাৰা কৃষকৰ আয়ৰ সুৰক্ষা, স্মাৰ্ট কৃষি, পৰম্পৰাগত জ্ঞান আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে।
 
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে কৃষি খণ্ডত বিনিয়োগ বৃদ্ধি। ইয়াৰ দ্বাৰা চৰকাৰে কৃষি আৰু কৃষকক স্বীকৃতি দি পুঁজিৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিছে।
 
কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ২০২৪-২৫চনৰ বাজেট ১,৩৭,৬৬৪ কোটি টকালৈ বৃদ্ধি কৰিছে। প্ৰণিধানযোগ্য যে, পূৰ্বে ২০১৩–১৪ চনৰ বাজেটত ইয়াৰ বাবে ধাৰ্য কৰা পুঁজিৰ পৰিমাণ আছিল ২৭,৬৬৩ কোটি টকা।
 
তাৰোপৰি খাদ্যশস্য আৰু জলবায়ু প্ৰতিৰোধী শস্যৰ বৃদ্ধিৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ ফলস্বৰূপে সম্প্ৰতি ভাৰতৰ খাদ্যশস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। উল্লেখযোগ্য যে, ২০১৪–১৫ চনত ২৬৫.০৫ মিলিয়ন টনৰ পৰা ২০২৪–২৫ চনত আনুমানিক ৩৪৭.৪৪ মিলিয়ন টনলৈ বৃদ্ধি পাইছে খাদ্যশস্য। ইয়াৰ ভিতৰত চাউল, ঘেঁহু, দালি, তৈলবীজৰ আদি প্ৰধান।