গুৱাহাটী
ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সম্পাদক কনাড পুৰকায়স্থক অসমৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে। এক বিবৃতিত কোৱা হৈছে যে দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে পুৰকায়স্থৰ প্ৰাৰ্থীত্বত অনুমোদন জনাইছে।
বৰাক উপত্যকাৰ এগৰাকী সক্ৰিয় নেতা পুৰকায়স্থ বিজেপিৰ প্ৰবীণ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ। অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অহা ১৯ জুনত অনুষ্ঠিত হ’ব আৰু একেদিনাই ভোটগণনাও সম্পন্ন হ’ব।
ইয়াৰ পূৰ্বে বিজেপিয়ে ঘোষণা কৰিছিল যে দুখন আসনৰ ভিতৰত এখনত বিজেপিয়ে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু আনখন আসন মিত্ৰদল অসম গণ পৰিষদ (অগপ)ৰ প্ৰাৰ্থীক এৰি দিব। খালী হৈ থকা আসন দুখন বিজেপি আৰু অগপৰ দখলত আছিল।
ইফালে, অসম প্ৰদেশ বিজেপিৰ সম্পাদক তথা দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা কণাড পুৰকায়স্থৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণাক আদৰণি জনাইছে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি শইকীয়াই পুৰকায়স্থৰ প্ৰাৰ্থীত্ব ঘোষণাৰ সিদ্ধান্তৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷
বিবৃতিটোত সভাপতি শইকীয়াই আৰু কয় যে পুৰকায়স্থই বহুদিন ধৰি দলৰ বিভিন্ন দায়িত্বত থকাৰ উপৰিও শৈশৱকালৰে পৰা দলৰ আদৰ্শগত পৰিয়ালৰ এগৰাকী সন্মানীয় সদস্যৰূপে বৰ্ত্তমানলৈ আদৰ্শনিষ্ঠভাৱে কাম কৰি আহিছে। দলৰ মাৰ্গদৰ্শক কৱীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাড পুৰকায়স্থই অনাগত দিনত অসমবাসীৰ আশা-আকাংক্ষা আৰু বিজেপি দলৰ নীতি আদৰ্শক শক্তিশালীভাৱে দেশৰ উচ্চ সদনত উপস্থাপন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে সভাপতি শইকীয়াই ৷