সংগীত, সাহস আৰু সেৱাঃ দৃষ্টিহীন ইলাংগো কেনেকৈ লাখ লাখ লোকৰ প্ৰেৰণাৰ উত্‍স হৈ পৰিছে

Story by  atv | Posted by  Munni Begum • 13 h ago
ড০ 'ইনস্পাইৰিং' ইলাংগো
ড০ 'ইনস্পাইৰিং' ইলাংগো
 
আৱাজ দ্য ভইচ / চেন্নাই
 
পৃথিৱীখন গ্লেমাৰ আৰু প্ৰতিযোগিতাৰ দৌৰত ব্যস্ত হৈ থকাৰ সময়তে এগৰাকী ব্যক্তিয়ে কেৱল আন্ধাৰত বাট বিচাৰি পোৱাই নহয়, আনৰ বাবেও পোহৰ হৈ পৰিছে। তেওঁ হৈছে—ড০ 'ইনস্পাইৰিং' ইলাংগো। জন্মতে অন্ধ হোৱাৰ পিছতো তেওঁ প্ৰমাণ কৰিলে যে ইতিহাসৰ সৃষ্টি দৃষ্টিৰ দ্বাৰা নহয়, দৃষ্টিকোণৰ দ্বাৰাহে হয়।
 
১৯৭২ চনত চেন্নাইত জন্মগ্ৰহণ কৰা ড০ ইলাংগো জন্মৰ পৰাই অন্ধ আছিল। সাধাৰণতে এনে পৰিস্থিতিত পৰিয়াল আৰু সমাজে আশা এৰি দিয়ে, কিন্তু ইলাংগোৱে সেই অন্ধকাৰক নিজৰ প্ৰেৰণা হিচাপে গঢ়ি তুলিছিল। তেওঁ কেৱল জীৱনটো জীয়াই থকাই নহয়, ইয়াক সঠিক উদ্দেশ্য আৰু দিশো দিছিল।
 
ড০ ইলাংগো এক অনুষ্ঠানত
 
ইলাংগোৰ বহুমুখী প্ৰতিভাই সৰুৰে পৰাই নিজৰ প্ৰকৃত ৰং দেখুৱাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কণ্ঠত কিছু যাদু আছিল যাৰ বাবে তেওঁক বিজ্ঞাপন, তথ্যচিত্ৰ আৰু চুটি ছবিৰ জগতখনত জনপ্ৰিয় কৰি তুলিছিল। তেওঁ কেৱল এজন বিখ্যাত কণ্ঠশিল্পী হোৱাই নহয়, ২০১২ চনত ৪২টা খণ্ডৰ মিউজিকেল টক শ্ব’ৰ আয়োজক হিচাপেও পৰিচিত হৈছিল।
 
তেওঁৰ অনুষ্ঠান আৰু বক্তৃতাৰ বিষয়বস্তু হৈছে আৱেগিক ব্যৱস্থাপনা, ভাষাৰ শক্তি আৰু জীয়াই থকাৰ কলা। শৈক্ষিকভাৱেও তেওঁ উৎকৃষ্টতাৰ নতুন উচ্চতা স্পৰ্শ কৰিছিল। ইলাংগোৱে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষা পাঠদানত শ্ৰেষ্ঠ প্ৰদৰ্শন (এমফিল) দাঙি ধৰিছে। ইয়াৰ পূৰ্বে চেন্নাইৰ লয়লা কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ৰাজহুৱা বক্তৃতাত তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
 
২০১৯ চনৰ ১২ মে’ত পণ্ডিচেৰীৰ ইউনিভাৰ্চেল তামিল বিশ্ববিদ্যালয়ে ডাঃ ইলাংগোক তেওঁৰ ব্যতিক্ৰমী কৃতিত্বৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰে। ইয়াৰ পিছত তেওঁ এনে এখন ক্ষেত্ৰত ইতিহাসৰ সৃষ্টি কৰিলে য’ত তেওঁক কোনেও কল্পনাও কৰিব নোৱাৰিলে। স্কুবা ডাইভিং আৰু পেৰাগ্লাইডিঙৰ বিশ্ব অভিলেখ সৃষ্টি কৰি তেওঁ এই দুয়োটা দুঃসাহসিক ক্ৰীড়া আয়ত্ত কৰা বিশ্বৰ প্ৰথমজন অন্ধ ব্যক্তি হিচাপে পৰিগণিত হয়। এইটো কেৱল এটা অভিলেখ নহয়, বৰঞ্চ অন্ধতাৰ সংজ্ঞাক প্ৰত্যাহ্বান জনোৱা এক বিপ্লৱো হয়।
 
ড০ ইলাংগো কাম কৰি থকা অৱস্থাত
 
বৰ্তমান ড০ ইলাংগোৱে এছ পেনাচিয়া লাইফ স্কিলছ প্ৰাইভেট লিমিটেড (Ace Panacea Life Skills Pvt. Ltd)ৰ পৰিচালন সঞ্চালক হিচাপে কাম কৰি আছে। লগতে তেওঁ ভিজন ইনস্পাইৰিং ইলাংগো ফাউণ্ডেশ্যন (Vision Inspiring Ilango Foundation)ৰ প্ৰতিষ্ঠাপক। তেওঁ এনটিচি গ্ৰুপৰ ব্ৰেণ্ড এম্বেছাদৰ, প্ৰেৰণাদায়ক বক্তা, লেখক, পেছাদাৰী গায়ক, আৱেগ ব্যৱস্থাপনা পৰামৰ্শদাতা আৰু এগৰাকী সংবাদকৰ্মীও হয়।
 
তেওঁ বিভিন্ন ভাষাত ৩৫০০ৰো অধিক গীত গাইছে। তেওঁ সংগীতক কেৱল কলা হিচাপেই নহয়, “Musiration” মানে সংগীত আৰু প্ৰেৰণাৰ সংমিশ্ৰণ বুলি গণ্য কৰে। তেওঁৰ মতে “সংগীত তাত উপনীত হয়, য'ত শব্দ বিফল হয়।” কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া সমগ্ৰ বিশ্বই বেমাৰৰ সৈতে যুঁজি আছিল, তেতিয়া ড০ ইলাংগোৱে আৱেগিক ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ লোকক বিনামূলীয়া পৰামৰ্শ প্ৰদান কৰিছিল। তেওঁ কয়, “আৱেগিক ৰোগ ভাইৰেল মহামাৰীৰ দৰেই বিপদজনক আছিল।"
 
হতাশা বা আত্মহত্যাৰ চিন্তাৰ সৈতে যুঁজি থকা হাজাৰ হাজাৰ লোকৰ বাবে ড০ ইলাংগোৰ তামিল গ্ৰন্থ ‘জেয়ীপ্পাধু নিজাম’ (জয় সম্ভৱপৰ) আশাৰ ৰেঙনি হৈ পৰিছে। এই গ্ৰন্থখনে আজি বহুতৰে জীৱনৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰি আছে। এই ধাৰণাটোক আগুৱাই নিবলৈ তেওঁ পত্নী শ্ৰীলতাৰ সৈতে ভিজন ইনস্পাইৰিং ইলাংগো ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে। এই ফাউণ্ডেচনে বিশেষভাৱে যুৱক-যুৱতীসকলৰ মাজত আৱেগিক সচেতনতা, আত্মবিশ্বাস আৰু দায়িত্ববোধ জগাই তোলাৰ কাম কৰে।
 
ড০ ইলাংগো
 
ইলাংগোৱে তেওঁৰ সকলো সংগ্ৰাম আৰু সফলতাৰ কৃতিত্ব তেওঁৰ পৰিয়ালক দিয়ে। তেওঁৰ পত্নী শ্ৰীলতা কেৱল তেওঁৰ জীৱন সংগীয়ে নহয়, তেওঁৰ মিছনৰ সংগীও। তেওঁৰ পুত্ৰ এছ আৰাভান ভেট্ৰি ইলাংগো এজন উদীয়মান শিশু সংগীতজ্ঞ আৰু পিতৃৰ দৰেই শিল্পক জীৱনশৈলী হিচাপে অনুসৰণ কৰে।
 
ইলাংগোৱে কয়, “মোৰ চকু নাই, কিন্তু মোৰ দৃষ্টি আছে। মই পৃথিৱীখনক আন মানুহে দেখাৰ দৰে দেখা নাপাওঁ, কিন্তু মই ইয়াক যিদৰে চাব বিচাৰো, সেইদৰে বনাব বিচাৰো।” তেওঁৰ বাবে সফলতা বঁটা বা পুৰস্কাৰৰ মাজত নিহিত হৈ থকা নাই, বৰঞ্চ সেই লোকসকলৰ মাজত তেওঁৰ সফলতা নিহিত হৈ আছে, যাৰ জীৱনলৈ তেওঁ নতুন আশা কঢ়িয়াই আনিছে।
 
আৱেগিক পৰামৰ্শই হওক, ভাষা শিক্ষাই হওক, সংগীত হওক বা দুঃসাহসিক কৰ্মই হওক—ইলাংগোৱে প্ৰতিটো ক্ষেত্ৰতে শিকাইছে যে ভয় এটা মানসিকতাহে, সাহস এটা পছন্দ। তেওঁ হাঁহি হাঁহি কয়, “আকাশ সীমা নহয়—ই মাথোঁ আৰম্ভণিহে।”