নতুন দিল্লী
২০১৬ চনত ভাৰতীয় নাগৰিক হ’বলৈ পাকিস্তানী নাগৰিকত্ব ত্যাগ কৰা আদনান ছামীয়ে ব্যক্তিগত ট্ৰেজেডীৰ বিষয়ে মুকলিকৈ কৈছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত সংগীতজ্ঞগৰাকীয়ে প্ৰকাশ কৰে যে, তাত পৰিয়াল থকাৰ সত্বেও পাকিস্তান চৰকাৰে তেওঁক মাতৃৰ জনাজাত (অন্ত্যেষ্টিক্ৰিয়া) অংশগ্ৰহণ কৰিবলৈ দেশ ভ্ৰমণ কৰিবলৈ দিয়া নাছিল।
ইণ্ডিয়া টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আদনানে প্ৰকাশ কৰে যে কেইমাহমান আগতে তেওঁৰ মাতৃ নৌৰিন ছামি খানৰ মৃত্যু হৈছিল আৰু তেওঁ পাকিস্তান আৰু ভাৰত দুয়োখন চৰকাৰকে অনুৰোধ কৰিছিল যে তেওঁ তেওঁৰ জনাজাৰ বাবে দেশখন ভ্ৰমণ কৰিব বিচাৰে। যদিও ভাৰত চৰকাৰে তেওঁক অনুমতি দিছিল, পাকিস্তানী কৰ্তৃপক্ষই নাকচ কৰিছিল।
আদনানে প্ৰকাশ কৰে যে তেওঁৰ মাতৃৰ মৃত্যু সকলোৰে বাবে আশ্চৰ্যজনক আছিল কাৰণ তেওঁ কোনো স্বাস্থ্যজনিত সমস্যাৰ সৈতে মোকাবিলা কৰা নাছিল। ঘটনাটো স্মৰণ কৰি আদনানে কয়, "মাইনে ইয়াহা কি চৰকাৰ সে পুচা মেইন জানা চাহতা হু তোহ আপকো কই আপত্তি তো নাহি। উনহোনে কাহা, ‘জাহিৰ হায়, আপকি মা কা ইণ্টেকাল হুয়া হায়, আপকো জৰুৰ জানা চাহিয়ে’। উংকি তাৰফ ছে কই প্ৰব্লেম নাহি থা (যেতিয়া মই ভাৰত চৰকাৰক সুধিছিলো যে মই যাব বিচাৰো, আপোনাৰ কিবা আপত্তি আছেনে? তেওঁলোকে কৈছিল, ‘স্পষ্ট, আপোনাৰ মাৰ মৃত্যু হৈছে, আপোনি যাবই লাগিব’ তেওঁলোকৰ ফালৰ পৰা কোনো সমস্যা নাছিল)," আদনানে কয়।
কিন্তু যেতিয়া গায়কজনে পাকিস্তানত ভিছাৰ বাবে আবেদন কৰিছিল তেতিয়া তেওঁৰ অনুৰোধ নাকচ কৰা হৈছিল। "মাইনে ভিছা কে লিয়ে এপ্লাই কিয়া, পাৰ উনহোনে ৰিফিউজ কৰ দিয়া। মাইনে কাহা, ‘মেৰী মা কা ইণ্টেকাল হুয়া হায়’। ফিৰ ভি উনহোনে মানা কৰ দিয়া। মই নাহি জা ছাকা। মাইনে উনকা পূৰা জানাজা হোৱাটছএপ কে ভিডিঅ’ পে ডেখা (মই ভিছাৰ বাবে আবেদন কৰিছিলো, কিন্তু তেওঁলোকে (পাকিস্তান চৰকাৰে) নাকচ কৰিছিল। মই ক’লোঁ, ‘মোৰ মাতৃৰ মৃত্যু হৈছে’। কিন্তু তেওঁলোকে নাকচ কৰিলে। মই যাব নোৱাৰিলোঁ। মই তেওঁৰ সম্পূৰ্ণ জানাজা হোৱাটছএপ ভিডিঅ'ত চাইছিলোঁ।" - আদনানে কয়।
'কভি তো নাজাৰ মিলাও', 'তেৰা চেহৰা' আৰু 'ভৰ দো ঝোলি' আদি গীতৰ বাবে পৰিচিত আদনানে প্ৰথমবাৰৰ বাবে ২০০১ চনৰ ১৩ মাৰ্চত এবছৰৰ বৈধতা থকা ভিজিটৰ ভিছাত ভাৰতত উপস্থিত হৈছিল। মাজে মাজে তেওঁৰ ভিছা বঢ়াই দিয়া হৈছিল। ২০১৫ চনত তেওঁৰ পাকিস্তানী পাছপ’ৰ্টৰ ম্যাদ উকলি গৈছিল আৰু পাকিস্তান চৰকাৰে নবীকৰণ কৰা নাছিল। ইয়াৰ পিছতে ভাৰতত থকাটো বৈধ কৰাৰ অনুৰোধ জনাই তেওঁ ভাৰত চৰকাৰৰ কাষ চাপিছিল।