জোজিলা পাছত নিজৰ জীৱনক তুচ্ছ্য জ্ঞান কৰি আনৰ প্ৰাণ ৰক্ষা কৰি বীৰত্বৰ প্ৰতীক হৈ পৰিল মহম্মদ ইছমাইল

Story by  atv | Posted by  Munni Begum • 12 h ago
মহম্মদ ইছমাইল
মহম্মদ ইছমাইল
 
অৰ্চলা খান / নতুন দিল্লী
 
এগৰাকী সাধাৰন শ্ৰমিক, যিগৰাকীক ১৯৪৭-৪৮ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত জম্মু-কাশ্মীৰত বীৰত্ব প্ৰদৰ্শনৰ বাবে মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল। নাম তেওঁৰ মহম্মদ ইছমাইল। গোপন টহলদাৰী দলত এম্বুছৰ সময়ত এজন আহত ব্যক্তিক উদ্ধাৰ কৰাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিল।  
 
মহম্মদ ইছমাইল এগৰাকী শ্ৰমিক আছিল আৰু তেওঁক মহাবীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। ১৯৪৮ চনৰ ১৪ ছেপ্টেম্বৰত জোজিলা পাছত আন এক আক্ৰমণৰ সময়ত ইছমাইলে গাইড হিচাপে টহলদাৰী দলটোৰ সৈতে যোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কেৱল এয়াই নহয়, তেওঁ দেশৰ বাবে বহু কাম কৰিছিল।   
 
মহাবীৰ চক্ৰ প্ৰাপক মহম্মদ ইছমাইল এক অনুষ্ঠানত
 
মহম্মদ ইছমাইল ভাৰতীয় জাতীয়তাবাদী মুছলমান ৰাজনীতিবিদো আছিল। তেওঁ তামিলনাডু আৰু কেৰালাৰ ভাৰতীয় জাতীয়তাবাদী মুছলমান ৰাজনীতিবিদ হোৱাৰ লগতে চমৰা আৰু মাংস উদ্যোগৰ সৈতে জড়িত এগৰাকী সুপৰিচিত ব্যৱসায়ী আছিল। স্বাধীনতাৰ পূৰ্বে তেওঁ জিন্না নেতৃত্বাধীন অল ইণ্ডিয়া মুছলিম লীগৰ সদস্যও আছিল।   
 
জিন্নাৰ দুই ৰাষ্ট্ৰৰ তত্ত্ব আৰু ভাৰত বিভাজনৰ বিষয়ত সৰ্বভাৰতীয় মুছলিম লীগৰ ভাৰতীয় ফৈদ দলৰ পৰা বিচ্ছিন্ন হৈ মুছলিম লীগ ভংগ হৈছিল। ভাৰত বিভাজনৰ পিছত (১৯৪৭) তেওঁ ভাৰতীয় ফৈদৰ সৈতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তামিলনাডু আৰু কেৰালাত তেওঁক " কাইদে-ই-মিল্লাত" ("ৰাষ্ট্ৰৰ নেতা") বুলি জনা যায়।

ইছমাইল হৈছে সাহসৰ উদাহৰণ 
 
১৯৪৭–৪৮ চনত জম্মু-কাশ্মীৰৰ জোজিলা পাছত এটা টহলদাৰী দলক এম্বুছ কৰা হৈছিল। এম্বুছৰ সময়ত গুৰুতৰভাৱে আহত এজন লোক বৰফেৰে সৃষ্ট পাহাৰৰ দাঁতিত উলমি আছিল। ইছমাইলে অকলে সেই আহত ব্যক্তিজনক বিচাৰি উলিয়াইছিল আৰু এখন কম্বলেৰে মেৰিয়াই নিৰাপদ স্থানলৈ লৈ গৈছিল। শত্ৰুৰ সৈতে হৈ থকা গুলীয়া গুলীৰ মাজতে তেওঁ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি আনৰ জীৱন ৰক্ষা কৰিছিল।    
 
মহাবীৰ চক্ৰ
 
কেৱল এয়াই নহয়, ১৯৪৮ চনৰ ১৪ ছেপ্টেম্বৰত জোজিলা পাছত আন এক আক্ৰমণৰ সময়ত ইছমাইলে গাইড হিচাপে টহলদাৰী দলটোৰ লগত যোৱাৰ প্ৰস্তাৱ দিছিল আৰু প্ৰচণ্ড গোলাবৰ্ষণৰ পিছতো তেওঁ  টহলদাৰী দলটোক গাইড কৰি গৈছিল। সেই সময়তে এটা লুকাই থকা এম এম জিয়ে ফ্ৰণ্ট লাইন ধ্বংস কৰি ইছমাইলক বন্দী কৰি লৈ গৈছিল। এগৰাকী মুছলমান হোৱাৰ পিছতো তেওঁ দেশৰ বাবে প্ৰাণ আঁহুতি দিছিল। 

ইছমাইলক মহাবীৰ চক্ৰ প্ৰদান 
 
ইছমাইলৰ এই বীৰত্বৰ বাবে তেওঁক মহাবীৰ চক্ৰৰে সন্মানিত কৰা হয়। এই বঁটা তেওঁৰ সাহস, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ব্যক্তিগত সুৰক্ষাৰ প্ৰতি কৰা অৱজ্ঞাৰ সাক্ষ্য। 

মহাবীৰ চক্ৰ কিয় প্ৰদান কৰা হয়? 
 
মহাবীৰ চক্ৰ (MVC) হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সামৰিক সন্মান। যি শত্ৰুৰ উপস্থিতিত স্থল, জল বা আকাশত বীৰত্বৰ কাৰ্য্য প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয়। মহম্মদ ইছমাইলকো এই বঁটা প্ৰদান কৰা হৈছিল।