গুৱাহাটী
ৰাজ্যত সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নত হৈছে শনিবাৰে পুনৰ বান আৰু ভূমিস্খলনত দুজনকৈ লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে ৷
ইফালে হাইলাকান্দি, নগাঁও, কামৰূপ, মৰিগাঁও, কাছাৰ, শ্ৰীভূমি, গোৱালপাৰা, দৰং, লখিমপুৰ, বিশ্বনাথ, কামৰূপ (ম), গোলাঘাটক ধৰি ১২খন জিলা বৰ্তমানো বানো বানৰ কৱলত আছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে বান সম্বন্ধীয় প্ৰতিবেদনত প্ৰকাশ কৰে এই তথ্য ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, চলিত বৰ্ষত বানত ১৭ জন লোকৰ প্ৰাণহানি হৈছে আৰু ৰাজ্যখনত এতিয়ালৈকে ভূমিস্খলনত ৬ জন লোকৰ মৃত্যু হৈছে । শনিবাৰে গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৱাহাটীৰ চন্দ্ৰপুৰত আন এজন লোক বানত উটি যায় ।
দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ১২খন জিলাৰ ৪১টা চক্ৰ আৰু ৯৯৯খন গাঁৱৰ ৩,৩৭,৩৫৮জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । শ্ৰীভূমিত সৰ্বাধিক ১,৯৩,২৪৪ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে হাইলাকান্দিত ৭৩,৭২৪ জন আৰু কাছাৰত ৫৬,৩৯৮ জন বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।
বানাক্ৰান্ত জিলাসমূহত প্ৰশাসনে স্থাপন কৰা ২০১টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰত ১.৪৭ লাখ লোকে আশ্ৰয় লৈছে । ইফালে বানৰ ফলত ১,৯১,১৯২ টা জীৱ-জন্তুও ক্ষতিগ্ৰস্ত হৈছে । ১২,৬৫৯ হেক্টৰ শস্যৰ ভূমি প্লাৱিত হৈ আছে ৷
ইফালে ধুবুৰীত ব্ৰহ্মপুত্ৰ, ধৰমতুলত কপিলী, বি পি ঘাটত বৰাক আৰু শ্ৰীভূমিত কুশিয়াৰা নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈছে ।