ভোকাতুৰৰ বাবে খাদ্য যোগানৰ অভিযানত ব্যস্ত অসমৰ আবিদ আজাদ

Story by  Daulat Rahman | Posted by  Munni Begum • 3 h ago
আবিদ আজাদ
আবিদ আজাদ
 
দৌলত ৰহমান
 
"ভোকাতুৰৰ সন্মুখত খাদ্যই ঈশ্বৰ"- এই কথাষাৰ কৈছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে। ইয়াৰ অৰ্থ হ'ল যেতিয়া মানুহ তীব্ৰ ভোকত থাকে, তেতিয়া খাদ্য তেওঁলোকৰ প্ৰাথমিক প্ৰয়োজন আৰু এয়া ঐশ্বৰৰ উপহাৰ হৈ পৰে। মূলতঃ এজন ভোকাতুৰ মানুহৰ বাবে খাদ্যই তেওঁলোকৰ একমাত্ৰ বাস্তৱতা আৰু তেনে লোকক খাদ্য প্ৰদান কৰা ব্যক্তিজন স্বয়ং ঈশ্বৰসদৃশ। অসমৰ এজন যুৱ বেংকাৰ আবিদ আজাদ মহাত্মা গান্ধীৰ এই বচনৰ প্ৰতি অটল বিশ্বাসী। 
 
আবিদ আজাদক মানুহে বেংকত ধনৰ লেনদেন কৰিবলৈ যোৱাৰ সময়ত লগ নাপায়। ইয়াৰ পৰিৱৰ্তে ৰাস্তা, ফুটপাথ আৰু চিকিৎসালয়ত ভোকাতুৰসকলে সুস্বাদু আৰু স্বাস্থ্যকৰ খাদ্য লাভৰ বাবে তেওঁৰ ওচৰত ভিৰ কৰে। ২০২০ চনত যেতিয়া ক'ভিড-১৯ মহামাৰী আৰু তাৰ ফলস্বৰূপে লকডাউনে বিশ্বক স্থবিৰ কৰি তুলিছিল, তেতিয়াৰ পৰা আবিদ আজাদ আৰু তেওঁৰ দলটোৱে অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ, আৰ্তজন আৰু ৰোগীৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰি আহিছে। 
 
আবিদ আজাদৰ দলে ফল বিতৰণ কৰি থকা এক দৃশ্য
 
গুৱাহাটীৰ দৰে ব্যস্ততাপূৰ্ণ চহৰ এখনত সাধাৰণ ৰাইজে যি সময়ত দুখীয়া আৰু ভোকাতুৰৰ ফালে এবাৰ চকু ফুৰাবলৈও সময় নাপায়, তেনে সময়ত আবিদ আজাদ দৰিদ্ৰ লোকৰ জীৱনৰ আশা আৰু পৰিবৰ্তন সৃষ্টিকৰ্তা হিচাপে পৃথক হৈ থিয় দিছে।
 
‘ক'ভিড-১৯ মহামাৰীৰ সময়ত বিনামূলীয়া খাদ্য বিতৰণৰ ধাৰণাটো গঢ় লৈ উঠিছিল, যেতিয়া লকডাউনৰ নিষেধাজ্ঞাৰ বাবে সকলোৱে দোকান-পোহাৰ আৰু ৰেষ্টুৰেণ্ট বন্ধ কৰিবলৈ বাধ্য হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (জিএমচিএইচ) ভৰ্তি হোৱা ক'ভিড আক্ৰান্তসকলৰ পৰিয়ালৰ লোকসকলে সেই সময়ত খাদ্যৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ লাভ কৰিবলগীয়া হৈছিল।’-আৱাজ-দ্য ভইচক এইদৰে কয় আবিদ আজাদে। 
 
মহামাৰীৰ সময়ত আবিদ আজাদে এই ধৰণৰ অভিযান আৰম্ভ কৰাটো কোনো সহজ কাম নাছিল। মহামাৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধুসকলৰ প্ৰাণ কাঢ়ি লৈছিল আৰু তেওঁলোকৰ বহুতেই ইয়াৰ কঠোৰ বাস্তৱতাক প্ৰত্যক্ষভাৱে অনুভৱ কৰিছিল। কিন্তু তেওঁলোকে হাৰ মনা নাছিল আৰু বন্ধুৰ দল এটাই একত্ৰিত হৈ বিনামূলীয়া খাদ্য যোগানৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত ল’লে। তেনেকৈয়ে জন্ম হ’ল ৰেইনড্ৰ'পছ ইনিচিয়েটিভ আছাম (Raindrops Initiative Assam) নামৰ এটা এন জি অ'ৰ।
 
‘ক'ভিড আক্ৰান্ত পৰিয়ালৰ বাবে খাদ্য বনোৱা আৰু ডেলিভাৰী কৰাৰে আমি এই অভিযান আৰম্ভ কৰিছিলো। প্ৰয়োজনীয়তা বাঢ়ি অহাৰ লগে লগে আমি আমাৰ সেৱা জিএমচিএইচ কেম্পাছলৈ সম্প্ৰসাৰিত কৰিলোঁ, য’ত আমি শ শ লোকক সেৱা আগবঢ়ালোঁ। ইয়াৰে বহুতো অৰ্থনৈতিকভাৱে দুৰ্বল আৰু দুৰ্গম অঞ্চলৰ লোক আছিল, তেওঁলোকে চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল,” আবিদ আজাদে কয়।
 
আবিদ আজাদৰ দলে দুখীয়া, আৰ্তজন আৰু ৰোগীৰ মাজত খাদ্য বিতৰণ কৰিছে
 
মহামাৰী কমিবলৈ আৰম্ভ কৰাৰ পিছত, লকডাউন উঠাই লোৱাৰ পিছত আৰু জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিছতো আবিদ আজাদ আৰু ৰেইনড্ৰপছ ইনিচিয়েটিভ অসমৰ দলটোৱে উপলব্ধি কৰিলে যে বিশেষকৈ চিকিৎসাৰ খৰচৰ সৈতে মোকাবিলা কৰাৰ সময়ত বহু পৰিয়ালে আৰ্থিক দুৰ্দশাৰ সন্মুখীন হৈয়েই আছে। গতিকে, তেওঁলোকে জি এম চি এইচ কেম্পাছৰ ওচৰত দৈনিক সন্ধিয়াৰ আহাৰ পৰিবেশন কৰি যাবলৈ সিদ্ধান্ত ল’লে।
 
“পবিত্ৰ ৰমজান মাহত আমি লক্ষ্য কৰিছিলো যে জিএমচিএইচত ৰোজা পালন কৰাসকলৰ বাবে চেহৰীৰ কোনো সুবিধা নাছিল। আমি যোৱা তিনি বছৰ ধৰি এই কামটো অব্যাহত ৰাখিছো। গুৰুত্বপূৰ্ণ কথাটো হ’ল যিহেতু আমি ৰাজহুৱা স্থানত সেৱা আগবঢ়াওঁ, গতিকে এই খাদ্যসমূহ কোনো ধৰ্মীয় বিশ্বাসৰ পাৰ্থক্য নোহোৱাকৈ বিতৰণ কৰা হয়। আমাৰ সেৱা লাভ কৰাসকলৰ ভিতৰত হিন্দু, মুছলমান, খ্ৰীষ্টান আদি লোকো আছে। ই এক গভীৰভাৱে সুখৰ অভিজ্ঞতা।"-আবিদ আজাদে কয়। 
 
আবিদ আজাদ আৰু তেওঁৰ দলটোৱে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল ধন সংগ্ৰহ। তেওঁলোকৰ প্ৰচেষ্টা মূলতঃ ক্ৰাউড-ফাণ্ডিঙৰ (জনধন)দ্বাৰা পৰিচালিত। বহুতে জন্মদিন, বিবাহবাৰ্ষিকী উপলক্ষে বা আপোনজনৰ স্মৃতিত খাদ্য যোগান ধৰে।
 
“কেতিয়াবা যেতিয়া ধনৰ অভাৱ হয় তেতিয়া আমি নিজৰ পকেটৰ পৰাই ব্যয় কৰো। কঠিন সময়ত আমি আনকি গভীৰ নিশা বিয়াৰ ৰিচেপচনৰ পৰা ৰৈ যোৱা খাদ্যও সংগ্ৰহ কৰি পিছদিনা বিতৰণ কৰিছো। কিন্তু এই প্ৰত্যাহ্বানসমূহৰ মাজতো এই যাত্ৰাই পৰিৱৰ্তনশীল হৈ পৰিছে। ই আমাক আমাৰ জীৱনৰ উদ্দেশ্য আৰু আভ্যন্তৰীণ শান্তিৰ অনুভৱ দিছে।"-আবিদ আজাদে কয়।
 
আবিদ আজাদৰ দলে বিনামূলীয়া ইফটাৰ বিতৰণ কৰিছে
 
আবিদ আজাদে কয় যে তেওঁৰ দলটোত কৰ্মৰত পেছাদাৰী, উদ্যোগী, আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি আছে, যিয়ে এই কামৰ বাবে সময় দিছে আৰু কষ্ট কৰিছে। মূল দলৰ বাহিৰেও সমগ্ৰ অসমৰ হাজাৰ হাজাৰ শুভাকাংক্ষীয়ে ৰেইনড্ৰ'পছ ইনিচিয়েটিভ অসমক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। তেওঁলোকৰ অৱদান আৰ্থিকে হওক বা লজিষ্টিকে হওক বা নৈতিকে হওক আমাক আগুৱাই লৈ যায় বুলি তেওঁ কয়।
 
জি এম চি এইচত ভৰ্তি হোৱা এজন ৰোগীৰ আত্মীয় মতিউৰ ৰহমানে কয় যে, মৰিগাঁও জিলাৰ এজন ৰোগীক চিকিৎসালয়লৈ লৈ আহিছিলোঁ। সেইদিনা সময় আছিল পবিত্ৰ ৰমজান মাহৰ পুৱা ২.৩০ বজা (২০২৫ চনৰ ১০ মাৰ্চত)। ইয়াত হোটেল নাই, ভাল খাদ্যও নাই। অৱশেষত দেখিলোঁ আবিদ আজাদ আৰু তেওঁৰ দলটোৱে জি এম চি এইচৰ কেম্পাছত বিনামূলীয়াকৈ ছেহেৰী বিতৰণ কৰি আছে। ছেহেৰীৰ উপৰিও ইয়াত ইফটাৰৰ খাদ্যও পাইছিলোঁ। ৰমজানৰ দশম দিনৰে পৰা ইয়াত ছেহেৰী আৰু ইফটাৰ কৰিছো।” 
 
জি এম চি এইচৰ জৰুৰীকালীন ৱাৰ্ডৰ এজন ৰোগীৰ পৰিচাৰিকা মুনু গগৈয়ে কয়, “মই মোৰ ৰোগীক পুৱা ১ বজাত (২০২৫ চনৰ ১৯ ​​মাৰ্চত) জৰুৰীকালীন ৱাৰ্ডলৈ লৈ আহিছিলো। ৰোগীজন অলপ সুস্থিৰ হোৱাৰ পিছত মোৰ বৰ ভোক লাগিছিল। জিএমচিএইচৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে এখনো খাদ্যৰ দোকান খোলা নাছিল। অৱশেষত মই মোৰ নিশাৰ আহাৰ খাবলৈ ৰেইনড্ৰ'পছ ইনিচিয়েটিভত সোমালো।”
 
উল্লেখ্য যে, বিনামূলীয়া খাদ্য বিতৰণৰ উপৰিও ৰেইনড্ৰ'পছ ইনিচিয়েটিভ অসমে আন বিভিন্ন সমাজ কল্যাণমূলক কাম কৰি আছে। "জি এম চি এইচত বহু ৰোগীয়ে দামী ঔষধ কিনিব লগা হয়। জি এম চি এইচত চিকিৎসাৰ সময়ত বহু ৰোগীৰ মৃত্যু হয় আৰু তেওঁলোকৰ দামী ঔষধসমূহ অব্যৱহৃত হৈ থাকে। আমি এনে মৃত ৰোগীৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰি ঔষধবোৰ চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ যাতে আন দুখীয়া ৰোগীয়ে বিনামূলীয়াকৈ লাভ কৰিব পাৰে।"-আবিদ আজাদে কয়।
 
আবিদ আজাদৰ দলে বিনামূলীয়া ছেহেৰী বিতৰণ কৰাৰ এক দৃশ্য
 
"সময়ৰ লগে লগে আমাৰ পদক্ষেপসমূহ বাঢ়ি গৈছে। নতুন লোকে আমাৰ লগত যোগ দি আহিছে, তেওঁলোকে নতুন শক্তি আৰু ধাৰণা লৈ আহিছে। আমাৰ অবিৰত খাদ্য কাৰ্যসূচীৰ উপৰিও আমি সমগ্ৰ অসমতে বাগিচা অভিযান আৰম্ভ কৰিছো। 
 
"একেটা ক্ৰাউড-ফাণ্ডিং মডেল ব্যৱহাৰ কৰি আমি মানুহক তেওঁলোকৰ পিতৃ-মাতৃ, শিক্ষক, সন্তান বা বন্ধু-বান্ধৱীক গছ উৎসৰ্গা আৰু উপহাৰ দিবলৈ উৎসাহিত কৰোঁ। ই অবিশ্বাস্যভাৱে সফল হৈছে। আমি বিভিন্ন কলেজ, স্কুল, আৰু বিশ্ববিদ্যালয় চৌহদত হাজাৰ হাজাৰ গছ পুলি ৰোপণ কৰিছো, আৰু আমি ইয়াৰ ৰক্ষণাবেক্ষণতো গুৰুত্ব দিছো।” আবিদ আজাদে কয়।