আই আই টিত পঢ়াৰ সুযোগ লাভ কৰিলে দৰ্জীৰ কন্যা জনজাতীয় ছাত্ৰী ৰাজেশ্বৰীয়ে

Story by  atv | Posted by  [email protected] • 5 h ago
দৰ্জীৰ কন্যা জনজাতীয় ছাত্ৰী ৰাজেশ্বৰী
দৰ্জীৰ কন্যা জনজাতীয় ছাত্ৰী ৰাজেশ্বৰী
 
আৱাজ দ্য ভইচ / নতুন দিল্লী

প্ৰয়াত পিতৃৰ সপোন বাস্তৱায়িত কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে। তেওঁ হৈছে তামিলনাডুৰ চেলেম জিলাৰ কালৱাৰায়ণ পাহাৰৰ জনজাতীয় কন্যা ৰাজেশ্বৰী। মালয়ালী (অনুসূচিত জনজাতি) সম্প্ৰদায়ৰ অন্তৰ্গত ৰাজেশ্বৰীয়ে জে ই ই এডভান্স পৰীক্ষাত সুক্ষ্যাতিৰে উত্তীৰ্ণ হৈ আই আই টিত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই সফলতা কেৱল তেওঁৰ ব্যক্তিগত নহয়, বৰং ই সমগ্ৰ জনজাতীয় সমাজৰ বাবে প্ৰেৰণাৰ নিদৰ্শন হৈ পৰিছে। 

চেলেমৰ পৰা প্ৰায় ৬৫ ​​কিলোমিটাৰ দূৰত্বত অৱস্থিত কৰুমন্থুৰাই নামৰ গাঁওখন। এই গাঁৱৰ ৯০% জনসংখ্যাই হৈছে জনজাতীয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল গাওঁখনত শিক্ষাক দূৰৈৰ বস্তু বুলি গণ্য কৰা হয়। কিয়নো দৰিদ্ৰতা, প্ৰব্ৰজন আৰু সম্পদৰ অভাৱৰ ফলত গাঁওখনৰ অধিকংশ ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণীৰ পিছত বিদ্যালয় এৰিবলগীয়া হয়। 

কিন্তু এই ধাৰা ভংগ কৰাৰ উদ্যোগ হাতত লৈছিল ৰাজেশ্বৰীৰ পিতৃ এণ্ডিয়ে। দৰ্জী হিচাপে কাম কৰি থাকোঁতে এণ্ডিয়ে তেওঁৰ চাৰিটা সন্তানক পঢ়া-শুনা কৰোৱাৰ সপোন দেখিছিল আৰু তেওঁৰ সেই সপোন বাস্তৱায়িত কৰিবলৈ দিনে নিশাই কষ্ট কৰিছিল। এণ্ডিৰ পত্নী কবিতাইও শ্ৰমিক হিচাপে কাম কৰি স্বামীৰ এই সপোনত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। 

কিন্তু দুখৰ বিষয় যে, ২০২৪ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ এণ্ডিৰ মৃত্যু হৈছিল। জীয়েকক আই আই টিলৈ যোৱাৰ সপোন অন্তৰত লৈ তেওঁ এই পৃথিৱী এৰি গুচি গ’ল। কিন্তু তেওঁৰ কন্যাই হাৰ নামানিলে – জে ই ই এডভান্সত এছ টি শাখাত অল ইণ্ডিয়া ৰেংক ৪১৭ লাভ কৰি দেউতাকৰ অপূৰণীয় ইচ্ছা পূৰণ কৰিলে।    

ৰাজেশ্বৰী কৰুমন্থুৰাই চৰকাৰী জনজাতি আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁ দশম শ্ৰেণীত ৫০০ নম্বৰৰ ভিতৰত ৪৩৮ আৰু দ্বাদশ শ্ৰেণীত ৬০০ নম্বৰৰ ভিতৰত ৫২১ নম্বৰ লাভ কৰিছিল। ৰাজেশ্বৰীয়ে গণিত - জীৱবিজ্ঞানৰ শাখাটো বাছি লৈছিল আৰু বিশেষকৈ ৰসায়ন বিজ্ঞান আৰু গণিতত পাৰদৰ্শিতা দেখুৱাইছিল।  

ৰাজ্য চৰকাৰৰদ্বাৰা পৰিচালিত জে ই ই কোচিং প্ৰগ্ৰেমৰ অধীনত ইৰোড জিলাৰ পেৰুণ্ডুৰাইত  ৰাজেশ্বৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁৰ শিক্ষকসকলে তেওঁক জে ই ইৰ আৰ্হিৰ সৈতে পৰিচয় কৰাই দিছিল আৰু অহৰহ পথ প্ৰদৰ্শন কৰিছিল। বৰ্তমান আই আই টি মাদ্ৰাজত নামভৰ্তি লাভৰ বাবে ৰাজেশ্বৰী আশাবাদী। 

যদিও কম্পিউটাৰ বিজ্ঞান বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ দৰে অতি বিচৰা পাঠ্যক্ৰমত আসন পোৱাটো ৰাজেশ্বৰীৰ বাবে কঠিন হ’বও পাৰে, তথাপিও এই কৃতিত্বৰ প্ৰতীকী আৰু সামাজিক তাৎপৰ্য বহু বেছি। তামিলনাডুৰ আদি দ্ৰাবিড় আৰু জনজাতি কল্যাণ বিভাগৰ বিষয়া-শিক্ষয়িত্ৰীসকলে কয় যে ,তেওঁ চৰকাৰী জনজাতীয় বৰ্ডিং স্কুলৰ পৰা আই আই টিত প্ৰৱেশ কৰা প্ৰথমগৰাকী ছাত্ৰী হ’ব পাৰে। 

বৰ্তমান ৰাজেশ্বৰীয়ে কুমিঝিৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত বিশেষ প্ৰস্তুতিমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইংৰাজী ভাষা, কোমল দক্ষতা আৰু আই আই টিৰ পৰিৱেশৰ লগত খাপ খুৱাই লোৱাৰ প্ৰশিক্ষণ লাভ কৰি আছে। 

পিতৃৰ মৃত্যুৰ পিছত ৰাজেশ্বৰীৰ জ্যেষ্ঠ ভাতৃ শ্ৰীগণেশে পৰিয়ালটো পোহপাল দিবলৈ দৰ্জীৰ কাম হাতত লয়। তেওঁৰ মাকে এতিয়াও দৈনিক মজুৰি শ্ৰমিক হিচাপে কাম কৰে। এনে সংগ্ৰামী পাৰিবাৰিক পটভূমিৰ পৰা আহি আই আই টিলৈ যাত্ৰা কৰাটো এক অসাধাৰণ কৃতিত্ব। নতুন প্ৰজন্মৰ বাবে ৰাজেশ্বৰী হৈ পৰিব এক প্ৰেৰণা। 

ৰাজেশ্বৰীয়ে কয়, "মোৰ ভাতৃ-ভগ্নী সকলো পঢ়া-শুনাত ভাল আছিল। কিন্তু জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে তেওঁলোক অৱগত নাছিল। মোৰ শিক্ষকসকলে মোক সমৰ্থন কৰিছিল আৰু সঠিক বাট দেখুৱাই দিছিল।"  

এডিটিডব্লিউ বিভাগৰ বিষয়া বিজয়নে কয় যে, চৰকাৰৰ প্ৰচেষ্টাই — যেনে বিনামূলীয়া আবেদন, অভিভাৱকৰ পৰামৰ্শ, বিনামূলীয়া প্ৰশিক্ষণ আৰু থকাৰ ব্যৱস্থা — ৰাজেশ্বৰীক এই ঐতিহাসিক মূহুৰ্তত উপনীত হোৱাত সহায় কৰিছিল। ৰাজেশ্বৰীয়ে আত্মবিশ্বাসেৰে কয়- "মোৰ এই কৃতিত্বই ভৱিষ্যতে বহু জনজাতীয় ছাত্ৰ-ছাত্ৰীক ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ বাস্তৱত পৰিণত কৰিবলৈ অনুপ্ৰাণিত কৰিব।" 
 
ৰাজেশ্বৰীৰ কাহিনী কেৱল এজন ছাত্ৰীৰ সফলতাক নুবুজাই, ই পিতৃৰ সপোন, মাতৃৰ কষ্ট, ভাতৃৰ ত্যাগ আৰু সমগ্ৰ সমাজৰ সামূহিক প্ৰচেষ্টাৰ কথা প্ৰতিফলিত কৰে। এই কাহিনীটোৱে কয় যে, যদি সুযোগ দিয়া হয়, তেন্তে পাহাৰৰ আঁৰৰ পৰাও সূৰ্য্য উদয় হ’ব পাৰে।