নতুন দিল্লী
ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত পত্নীয়ে নিযুক্তি দিয়া আক্ৰমণকাৰীয়ে হত্যা কৰে বুলি সোমবাৰে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আই নোংৰাঙে জনায়। ডিজিপিয়ে লগতে কয় যে উত্তৰ প্ৰদেশৰ গাজীপুৰত পত্নী সোণমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বিপৰীতে নিশাৰ অভিযানৰ সময়ত আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
ডিজিপিয়ে জানিবলৈ দিছে যে এছআইটিয়ে উত্তৰ-প্ৰদেশ পৰা এজন ব্যক্তিক আৰু আন দুজন অভিযুক্তক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। নোংৰাঙে লগতে কয় যে গ্ৰেপ্তাৰ হোৱা লোককেইজনে হত্যাকাণ্ড সংঘটিত কৰিবলৈ ৰঘুবংশীৰ পত্নীয়ে তেওঁলোকক নিযুক্তি দিয়া বুলি স্বীকাৰ কৰে। এই অপৰাধৰ সৈতে জড়িত আৰু কিছু লোকক ধৰিবলৈ মধ্যপ্ৰদেশত এতিয়াও অভিযান অব্যাহত আছে বুলিও মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আই নোংৰাঙে কয়।
সমগ্ৰ দেশক স্তম্ভিত কৰা এই হত্যাকাণ্ডৰ দোষীসকলক কৰায়ত্ত কৰাৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আৰক্ষীক অভিনন্দন জনায়।
"৭ দিনৰ ভিতৰতে ৰাজা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। মধ্যপ্ৰদেশৰ ৩ জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে আৰু আৰু ১ জন আক্ৰমণকাৰীক ধৰিবলৈ অভিযান এতিয়াও চলি আছে।"-তেওঁ কয়।