বানপানীক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছে শ্ৰীভূমি জিলাৰ নজৰুল হকে

Story by  Munni Begum | Posted by  Munni Begum • 16 h ago
মীন পালক নজৰুল হক
মীন পালক নজৰুল হক
 
মুন্নী বেগম / গুৱাহাটী  
 
বাৰিষাৰ কালৰূপী বান বিভিন্ন জনৰ বাবে অভিশাপ যদিও বহুতৰ বাবে ই আশীৰ্বাদস্বৰূপ। কিয়নো প্ৰতিবছৰে বানত বহু মানুহে ঘৰ-দুৱাৰ, পশুধন আদি হেৰুৱাই সৰ্বহাৰা হয়, যদিও একাংশ লোকৰ বাবে ই লৈ আহে আশাৰ ৰেঙণি। তেনে এডোখৰ ঠাই হৈছে অসমৰ শ্ৰীভূমি (কৰিমগঞ্জ)। য'ত মানুহৰ জীৱিকা নিৰ্বাহৰ প্ৰধান সম্বলে হৈছে কৃষি। কিন্তু এই অঞ্চলসমূহ বছৰৰ বাৰমাহে পানীত ডুবগৈ থাকে বুলি কলেও ভুল নহয়। যাৰফলত পানীত হাঁহ নচৰা অৱস্থাত উপনীত হয় এই অঞ্চলৰ লোকসকলক।
 
কিন্তু শ্ৰীভূমিৰ বদৰপুৰ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ আলেখাৰগুলৰ বাসিন্দা নজৰুল হকে মীন পালনৰ জৰিয়তে এই অঞ্চললৈ জীৱিকাৰ ক্ষেত্ৰত বিপ্লৱ কঢ়িয়াই আনিছে। মীন পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ ওপৰিও তেওঁৰ গাঁৱৰ প্ৰতিঘৰ মানুহকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে নজৰুল হকে।
 
নিজৰ মীন পামত নজৰুল হক
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত মীন পালক নজৰুল হকে কয়, "মই যি ঠাইত বসবাস কৰোঁ সেই ঠাইত সাধাৰণতে মানুহে কৰ্মসংস্থাপন নাই বুলিয়ে কয়। কিয়নো ইয়াৰ সকলো মানুহে সাধাৰনভাৱে খেতি-বাতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। প্ৰথমে মইয়ো খেতি কৰিয়ে কোনোমতে পৰিয়ালক পোহপাল দি আহিছিলো। কিন্তু দুৰ্ভাগ্যজনক যে, আমাৰ ইয়াত ভালকৈ খেতি কৰিও চলিব পৰা নাযায়। কাৰণ ইয়াৰ অধিকাংশ ভূমিয়ে বছৰৰ সকলো সময়তে পানীত ডুব গৈ থাকে। সেয়ে মই ভাবিলো যে, যদি মাটিখিনি ভালদৰে কিছু উন্নত কৰি অন্য কামত লগাব পাৰো তেন্তে লাভৱান হব পৰা যাব। মোৰ মনলৈ প্ৰথমে মীন পালন কৰাৰ কথাকে আহিছিল, যিহেতু আমাৰ ইয়াত এখন ৰেডিমেড মাছৰ বজাৰো আছিল।" 
 
নজৰুল হকৰ পিতৃ এগৰাকী কৃষিজীৱী। তেওঁৰ ঘৰৰ আৰ্থিক অৱস্থাও তেনে ভাল নাছিল, কিন্তু সৰুৰে পৰাই তেওঁৰ কিবা এটা কৰি দেখুৱাৰ প্ৰবল আগ্ৰহ আছিল। প্ৰথমতে তেওঁ মাছৰ ব্যৱসায় কৰিবলৈ ১০ হেজাৰ টকাৰ এটা ঋণ লৈছিল আৰু সেইটোৰ সদব্যৱহাৰ কৰি সময়মতে বেংকক উভতাই দিছিল। তাৰপিছৰ পৰাই তেওঁৰ জীৱনৰ বাট মুকলি হৈছিল।  
 
নজৰুল হকে তেওঁৰ ফাৰ্মত উৎপাদিত বিভিন্ন ধৰণৰ মাছ দেখুৱাইছে
 
নজৰুলে কয়, "নিষ্ঠা আৰু সততাৰে ব্যৱসায় আৰম্ভ কৰিলে আর্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি বুলি মনতে ভাবি মই ২০০০ চনৰ পৰাই মীন পালনৰ সৈতে জড়িত হৈ পৰিছিলো। ২০০৩ চনত ৰাজ্য চৰকাৰৰ অধীনত এ আৰ আই এ এছ পি নামৰ এটা প্ৰকল্প লাভ কৰিছিলো আৰু তাৰ পিছতে মই মীনপালন কৰাৰ বাবে বেংকৰ পৰা ঋন লাভ কৰিছিলো। প্ৰথম অৱস্থাত মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে মাত্ৰ ১ হেক্টৰ ভূমিত মীন পালনৰ কাম আৰম্ভ কৰিছিলো। সেই সময়ত মই মাত্ৰ ৫ ৰ পৰা ৭ কুইণ্টলহে মাছ উৎপাদন কৰিব পাৰিছিলো। কিন্তু এতিয়া মই নিজৰ লগতে লীজ লোৱা প্ৰায় ১০০ হেক্টৰ ভূমিত মীন পালন কৰি মুঠ ৬-৭ টন মাছ উৎপাদন কৰি আছো।"    
 
চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি সময় অপচয় নকৰি স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে মাছ উৎপাদনৰ উদ্যোগত নামি পৰে নজৰুলে। মীন পালনৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁ নিবনুৱা যুৱকৰ মাজত মীন পালন কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিছিল। যাৰ ফলত তেওঁৰ গাঁৱৰ মুঠ ৩০০ ঘৰ পৰিয়ালে মীন পালনৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে। মীন পালন কৰাৰ বাবে আৰ্থিক সাহাৰ্য্যৰ বাবে নজৰুলে ষ্টেট বেংক অব ইণ্ডিয়াৰ বদৰপুৰ শাখাৰ সৈতে কথা পাতিছিল আৰু বেংকৰ পৰা যথেষ্টখিনি সুবিধা লাভ কৰাৰ উপৰিও বেংকে নজৰুলক আদৰ্শ হিচাপে লৈ তেওঁৰ গাৱখনৰ নাম 'এছ বি আই ফিচাৰি ভিলেজ' নামেৰে নামাকণ কৰি দিছিল।    
 
নতুন দিল্লীত বঁটা লাভ কৰি থকা অৱস্থাত নজৰুল হক
 
নজৰুলে কয়, "মই ভাবো অসমত মীন পালনৰ বাবে যথেষ্ট সম্ভাৱনা আছে। মই নিজেও মীন পালন কৰি আহিছো আৰু মোৰ লগত বহু যুৱক জড়িত হৈ আছে। মাছৰ ব্যৱসায় হৈছে অতি লাভজনক ব্যৱসায়। কেৱল আমি কিছু কষ্ট কৰিব লাগিব। অসমৰ এনে বহু ঠাই আছে, যিবোৰ বছৰৰ বাৰ মাহে পানীত ডুবি থাকে। উজনীৰ পৰা নামনিলৈ এনে বহু খালী ভূমি অপব্যৱহাৰ হৈ পৰি আছে। তেনে ঠাইত যদি আমি নিজে মীন পালন কৰোঁ তেন্তে আমি স্বাৱলম্বী হব পাৰিম। বৰ্তমান আমাৰ ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা ব্যাপক হাৰত মাছৰ আমদানি হয়, তেনে ক্ষেত্ৰত যদি আমাৰ থলুৱা মাছ ব্যৱসায়ীয়ে ৰাজ্যবাসীক নিজে উৎপাদন কৰা মাছ যোগান ধৰিব পাৰে, তেন্তে আমাৰ থলুৱা যুৱকসকলো লাভৱান হব পাৰিব আৰু মীন পালন তথা মাছৰ ব্যৱসায়ৰ ক্ষেত্ৰত ৰাজ্যখনো আগুৱাই যাব।"  
 
মীন পালনৰ ব্যৱসায়টো অতি লাভজনক এক ব্যৱসায় বুলি উল্লেখ কৰা নজৰুলে বছৰি খুব ভাল উপাৰ্জন কৰি আহিছে। নজৰুলে কোনো ধৰনৰ ৰসায়ন ব্যৱহাৰ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৰৌ, বাহু, শিঙি, মাগুৰ, কমল কাৰ্প, কচ, পাভ, কাৱৈ, ৰূপচন্দা আদি মাছ উৎপাদন কৰি আহিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূবৰ ৰাজ্য মেঘালয়, ত্ৰিপুৰা মিজোৰাম আদিলৈও তেওঁৰ উৎপাদিত মাছৰ ৰপ্তানি কৰি আহিছে।   
 
নজৰুল হকে অসম গৌৰৱ বঁটা লাভ কৰাৰ এক মূহুৰ্ত
 
নজৰুলে কয়, "মীন পালন হৈছে অতি লাভজনক ব্যৱসায়। মই নিজে মীন পালন কৰাৰ লগতে মোৰ গাঁৱৰ সকলো মানুহে মীন পালনৰ সৈতে জড়িত হৈ আছে। কিন্তু কিছু বছৰ আগতে মানুহে মীন পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ নাছিল। কিন্তু এতিয়া বহু শিক্ষিত যুৱকে এই পেছাৰ সৈতে জড়িত হৈ পৰিছে। যিটো আমাৰ ৰাজ্যখনৰ বাবে অতি শুভ লক্ষণ। মই এটা কথায়ে কব বিচাৰো যে, মীন পালন কৰি মানুহে স্বাৱলম্বী হব পাৰে। মাত্ৰ আমি আমাৰ মানসিকতা কিছু সলনি কৰিব লাগিব। আমি আমাৰ পৰি থকা ভূমিবোৰ ব্যৱহাৰ কৰিব লাগিব। মই যুৱ প্ৰজন্মক বৈজ্ঞানিক পদ্ধতিৰে মাছৰ ব্যৱসায় কৰিবলৈ আহ্বান জনাই আহিছো। আৰু মই নিজেও মাছ উৎপাদৰ বাবে নিজাববীয়াকৈ বেংকৰ পৰা ঋন লৈ কিছু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছো। ৰি-চাৰকুলেটৰী একুৱা কালচাৰ চিষ্টেম, অক্সিজেনৰ কাৰণে অৰিয়েটোৰ, মাছৰ বেমাৰ-আজাৰৰ বাবে বিশেষ লেব আদিৰ ব্যৱস্থা কৰি লৈছো।"     
 
মীনপালনেৰে স্বাৱলম্বী হোৱা কৰিমগঞ্জৰ নজৰুল হক বৰ্তমান অজস্ৰজনৰ বাবে আদৰ্শ হৈ পৰিছে। ৰাজ্যত মীন পালন কৰি মীন খণ্ডত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ বাবে নজৰুল হকে কেইবাটাও ৰাজ্যিক তথা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ সন্মান 'অসম গৌৰৱ' বঁটা মীন পালক নজৰুল হকে ৩০ মাৰ্চত ৰাজ্যপালৰ হাতৰ পৰা লাভ কৰিছে।
 
নজৰুল হকে নিজৰ ফাৰ্মত উৎপাদিত ডাঙৰ মাছ প্ৰদৰ্শন কৰিছে
 
তেওঁ হায়দৰাবাদৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ড (এন এফ ডি বি)ৰ পৰা বঁটা লাভ কৰিছে। গুজৰাটৰ আহমেদাবাদৰ চায়েন্স চিটিত অলপতে বিশ্ব মীন দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৰশোত্তম ৰূপালাই নজৰুলক এই বঁটা প্ৰদান  কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁ জিলা পৰ্যায়ৰ প্ৰগতিশীল মাছ ব্যৱসায়ীৰ সন্মান লাভ কৰিছিল। ভৱিষ্যতে মাছৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ উপৰিও মাছৰ দানাৰ কাৰখানা খুলাৰ পৰিকল্পনা কৰিছে নজৰুলে।