বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

Story by  atv | Posted by  [email protected] • 1 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
ৰাজ্যত বিহুৰ অনুষ্ঠান বাতিল কৰাৰ বিনম্ৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
 
তেওঁৰ এক্স হেণ্ডেলত ১০ মে’ৰ পিছৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰাৰ আহ্বান জনাই এক পোষ্ট কৰিছে। য’ত তেওঁ বিগত এমাহে অতি আনন্দৰে সমগ্ৰ অসমতে বিহুৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাৰ কথা কৈ ইয়াৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছে।
 
তেওঁ  এতিয়া এই উৎসৱৰ সামৰণি মৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি কয়, ১০ মে’ৰ পৰা নিৰ্ধাৰিত বাকী থকা সকলো বিহু অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰিবলৈ বিনম্ৰ আহ্বান জনাইছো।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা যি পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ দৰে এক পৰিস্থিতিৰ সূচনা হৈছে তাৰ মাজতো বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাক লৈ সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছিল। বহুতেই দাবী কৰিছিল এনে বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ পৰিস্থিতিৰ কথা উল্লেখ নকৰিলেও বৰ্তমানৰ এই পৰিস্থিতিৰ বাবেই যে বিহুৰ অনুষ্ঠান বাতিলৰ আহ্বান জনাইছে সেয়া স্পষ্ট হৈছে।