পুলিন ডেকা
মধ্যযুগত অসমীয়া সমাজত নব্য আধ্যাত্মিক ধাৰাৰ প্ৰৱাহ বোঁৱাই মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে যোগাই যোৱা যুগান্তকাৰী অৱদানে আজিও অসমীয়া জাতিক উজ্জীৱিত কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপণ্য শিষ্য শ্ৰীশ্ৰী মাধৱদেৱে ধৰ্ম, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী স্বাক্ষৰ এৰি থৈ যায়। এক শৰণ নামধৰ্মৰ মূলগত তত্ত্বৰে ভক্তি আন্দোলনক প্ৰাণৱন্ত কৰি শ্ৰীমন্ত শংকৰদেৱে দিয়া এক ঈশ্বৰবাদৰ দৰ্শনক মাধৱদেৱে অধিক সুগভীৰ কৰি তোলে।
মাধৱদেৱে নির্গুণ ভগৱানৰ ব্যাখ্যা দি কৈছে, ঈশ্বৰ এক, অনাদি, অনন্ত আৰু অদ্বিতীয়। মহাপুৰুষ মাধৱদেৱৰ দৰ্শনৰ কেন্দ্ৰবিন্দু হৈছে- শৰণ আৰু নাম। শৰণৰ অৰ্থই হৈছে ঈশ্বৰৰ ওচৰত আত্মসমর্পণ। সাধন ভকতি আৰু সিদ্ধ ভকতিৰ মাধ্যমেৰে ঈশ্বৰপ্ৰাপ্তিৰ মাৰ্গ দৰ্শন তেৰাই আমাক দি গৈছে। মহাপুৰুষ মাধৱদেৱৰ ধৰ্মীয় দৃষ্টিভংগীৰ অন্য দিশ হৈছে সাম্যবাদ আৰু মানৱতাৰ বাণী। মাধৱদেৱৰ জীৱনৰ অন্যতম বৈশিষ্ট্য হৈছে তেৰাৰ শংকৰদেৱৰ প্ৰতি থকা গভীৰ ভক্তি আৰু শিষ্যত্বৰ নিষ্ঠা। মাধৱদেৱৰ মতে জীৱনৰ চূড়ান্ত লক্ষ্য হ'ল মুক্তি- যাক তেৰাই ঈশ্বৰৰ একাত্মতা হিচাপে বিবেচনা কৰে।
মাধৱদেৱৰ তিথি উপলক্ষে নামঘৰত নাম-কীৰ্ত্তন
মহাপুৰুষ মাধৱদেৱৰ জীৱনজোৰা সাধনাৰ উৎকৃষ্ট ফচল হৈছে নাম-ঘোষা। এই নাম-ঘোষা অকল অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদে নহয়, ব্যক্তি আৰু সমাজৰ আধ্যাত্মিক মিলনৰ এক স্পন্দনশীল সত্ত্বা। ভক্তিৰসৰ অপূৰ্ব সমাহাৰেৰে উজ্জীৱিত নাম-ঘোষাই ভক্তিৰসৰ তাৎপৰ্যক মানুহৰ হৃদয়গ্রাহী কৰি তোলে। এই গ্ৰন্থ ৰচনাৰ অনুপ্ৰেৰণা মাধৱদেৱে শংকৰদেৱৰ পৰাই আহৰণ কৰিছিল।
ড° বাণীকান্ত কাকতিয়ে কৈছে যে, সাম্প্রদায়িক উৎপীড়নত কামৰূপ ৰাজ্য এৰি কোচবিহাৰৰ অন্তৰ্গত ভেলাডোৱাৰত সত্ৰ পাতি থাকোতে মহাপুৰুষ মাধৱদেৱে জীৱনৰ শেষ ভাগত এই অনুপম ঘোষা গ্রন্থ ৰচনা কৰে। বাণীকান্ত কাকতিদেৱৰ মতে নাম-ঘোষা মাধৱদেৱৰ মহাপ্ৰাস্থানিক গীত। ইয়াত পুণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তিৰ মাহাত্ম্য এই তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে।
মাধৱদেৱৰ তিথিত অসমৰ এটা নামঘৰৰ আধ্যাত্মিক পৰিৱেশ
আনহাতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে, ভাৰততহে নালাগে, পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন শাস্ত্র আজিও ওলোৱা নাই যাক আমাৰ এই ঘোষা শাস্ত্ৰখনৰ সৈতে একে শাৰীতে ঠগিত থ'ব পাৰি। আনকি আচার্য বিনোৱাজীয়ে নাম-ঘোষাই তেওঁৰ জীৱনত পেলোৱা প্ৰভাৱৰ কথাও উল্লেখ কৰিছে। মহাপুৰুষগৰাকীৰ হৃদয়ত ভক্তিৰসৰ যি অনুভৱ, তাক মানৱমুখী কৰাৰ বাবে তেৰাই এই গ্ৰন্থখন ৰচনা কৰিছিল। এক কথাত ক'বলৈ গ'লে নাম-ঘোষা পৰমার্থিক তত্ত্বনুসন্ধানী মনৰ প্ৰকাশ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ মমাৰ্থ গভীৰভাৱে অনুধাৱন কৰিব পৰা বাবেই মাধৱদেৱে এনেধৰণৰ গ্ৰন্থ লিখিব পাৰিছিল। শংকৰ গুৰুৰ প্ৰতি ভক্তিভাৱ তেৰাৰ ভক্তিৰসৰ প্ৰধান চালিকা শক্তি। তেৰাই গুৰুজনাৰ ভক্তিৰ বিশাল সাগৰত অৱগাহন কৰিব পৰা বাবেই সৃষ্টিৰ বিশালতাত স্বকীয়তাৰে মূৰ্ত্তমান কৰে। পঞ্চদশ শতিকাত ভাৰতীয় সনাতন সত্ত্বা আছিল সাধাৰণ মানুহৰ পৰা বিচ্ছিন্ন এক স্রোত। মহাপুৰুষ শংকৰদেৱে এই সোঁতক জনমুখী কৰে আধ্যাত্মিক সাংস্কৃতিক স্বৰূপৰে। পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ মাজত কৃষ্ণভক্তিৰ ধাৰা সদায়ে বহ্নিমান। ভগৱান শ্রীকৃষ্ণৰ জ্ঞান আৰু মাৰ্গ দৰ্শনৰ ধাৰা অতি গুপ্ত ৰূপত আছিল। মাধৱদেৱৰ দৃষ্টিত এই গোপনীয়তা শংকৰদেৱে ভংগ কৰি সাধাৰণ মানুহৰ মাজলৈ লৈ গৈছিল। সেইবাবে মাধৱদেৱে কৈছে-
পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া
অতি গুপ্ত স্বৰূপে আছিল।
লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আসি
মুদ ভাঙ্গি সমস্তকে দিল।
প্ৰচলিত ভক্তি তত্ত্বৰ বিপৰীতে কৃষ্ণক ভকতি কৰি শাস্ত্ৰৰ অপাৰ চেতনাক জনমুখী কৰাত শংকৰদেৱে লোৱা ভূমিকাক মাধৱদেৱে অতি গভীৰভাৱে উপলব্ধি কৰিব পাৰিছিল। সাধাৰণ মানুহক ধৰ্মৰ পৰিসৰলৈ অনাৰ ক্ষেত্ৰত শংকৰদেৱেৰ যি অমূল্য অৱদান সেয়া মাধৱদেৱে অন্তৰাত্মাৰ পৰা উপলব্ধি কৰি তেৰাক শ্রেষ্ঠ গুৰু হিচাপে অভিহিত কৰিছে। সনাতনৰ মূল আদৰ্শক সাধাৰণ মানুহৰ মাজলৈ নিবলৈ নাম-ঘোষাৰ সৃষ্টি কৰিছিল আৰু ভগৱান শ্রীকৃষ্ণৰ আৰধনাই যে, ভক্তিৰ মূল ৰস তাক প্রতীয়মান কৰিছিল।
নামঘৰত মাধৱদেৱৰ তিথি পালন কৰাৰ এক মুহূৰ্ত
ভগৱান শ্রীকৃষ্ণ স্থিতি, স্থিতি আৰু প্ৰলয়ৰ অধিকাৰী আৰু কৃষ্ণ ভজনৰ মাজেৰেহে প্রকৃত আধ্যাত্মিক শক্তি আহৰণ কৰিব পৰা যায়, তেৰাই সেই দৰ্শন আমাক দি গৈছে। দেহ আৰু আত্মাৰ পৰস্পৰ মিলন কৃষ্ণ নাম স্মৰণৰ জৰিয়তেহে সম্ভৱ, সেই আদর্শ আমাৰ সন্মুখত দেখুৱাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দেৱৰস আমাৰ মাজত এৰি গৈছে, সেই অনুধাৱনৰে মাধৱদেৱে কৈছে যে, তেৰা ভক্ত কল্পতৰু।
কৃষ্ণ চৈতন্য সনাতন। সেই চৈতন্য শক্তিৰে মাধৱদেৱে মানৱ সমাজক জাগ্ৰত কৰিবলৈ শ্ৰীকৃষ্ণৰ মাজত থকা শক্তিক প্রকাশ কৰিছে। মানৱ জাগ্ৰত হ'বলৈ তেৰাই শ্রীকৃষ্ণক ভক্তি কৰিবলৈ আহ্বান জনাইছে। নাম-ধৰ্ম ভক্তিৰ শ্ৰেষ্ঠ পথ। নামেই ভক্তিৰ মূল সাৰ। হৰিৰ নামেৰে মানুহৰ মুক্তি সম্ভৱ, এই তত্ত্বসমূহ নামঘোষাত বিৰাজমান।
মানুহে জীৱনকালত হৰিনাম আহৰণ কৰিব পৰা নাই। কেৱল মায়াজালত মানুহ নিমজ্জিত হৈ আছে। মাধৱদেৱে কৈছে যে, মানৱী জীৱনৰ সাৰ্থকতা কৃষ্ণ ভক্তিৰ মাজত বিচাৰি নাপালে জীৱন অসাৰ। আনহাতে নাম-ঘোষাত দাস্য আৰু আত্ম লঘিমাৰ চূড়ান্ত প্রকাশ দেখা যায়। সেইবাবে মহাপুৰুষ মাধৱদেৱে কৈছে-
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোবিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।।
এক শৰম হৰিনাম ধৰ্মৰ পৰম তত্ত্বসমূহ সাধাৰণ মানুহৰ মাজলৈ লৈ গৈ মাধৱদেৱে দিয়া দৰ্শনৰে আজি অসমীয়া জাতিয়ে আগুৱাই যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা লাভ কৰি আহিছে।
(লেখক অসমৰ এগৰাকী বিশিষ্ট সাহিত্য়িক)