ছিকিমত ভয়ংকৰ ভূমিস্খলন; ৪ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
ছিকিমত ভয়ংকৰ ভূমিস্খলন;  ৪ জনৰ মৃত্যু
ছিকিমত ভয়ংকৰ ভূমিস্খলন; ৪ জনৰ মৃত্যু
 
নতুন দিল্লী
 
ছিকিমত প্ৰকৃতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ভয়ংকৰ ভূমিস্খলনত ব্যাহত হৈ পৰিছে ছিকিমৰ জনজীৱন। ঠায়ে-ঠায়ে আবদ্ধ হৈ পৰিছে শতাধিক যান-বাহন। ইতিমধ্যে পশ্চিম ছিকিমৰ ইয়াংথাং সমষ্টিৰ আপাৰ ৰিম্বীত ভূমিস্খলনৰ ফলত ৪ জনৰ লোকৰ মৃত্যু হৈছে। হতাহত হৈছে বহুজন।
 
এই ঘটনাৰ পিছৰেপৰা বহুজন এতিয়াও সন্ধানহীন হৈ আছে। কেইবাটাও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু উদ্ধাৰ অভিযানৰ সময়ত বাৰে-বাৰে থমকি ৰ’বলগীয়া হৈছে উদ্ধাৰকাৰী দল। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথসমূহ। ভূমিস্খলনত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।
 
পশ্চিম ছিকিমৰ ইয়াংথাং সমষ্টিৰ আপাৰ ৰিম্বীত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ভূমিস্খলনৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক নিৰুদ্দেশ হৈ আছে। উদ্ধাৰকাৰী দলটোৱে বান হোৱা হিউম নদীৰ ওপৰত অস্থায়ীভাৱে গছৰ কাঠৰ দলং নিৰ্মাণ কৰি ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আহত দুগৰাকী মহিলাক উলিয়াই আনিবলৈ সক্ষম হয়।
 
ছিকিমৰ স্থানীয় প্ৰশাসনে কয় যে ভূমিস্খলনৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হৈছে। বহুলোক এতিয়াও আবদ্ধ হৈ আছে। বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰা এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
 
আহত কেইবাগৰাকীয়ো লোকে এতিয়াও চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বাট-পথসমূহ মোকলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ছিকিম প্ৰশাসনে।